মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী ভূমিহীন নেকি : লুৰীণজ্যোতি গগৈ
'ৰুদ্ৰ' ছবি উপভোগ কৰি মুখ্যমন্ত্ৰীলৈ কি প্ৰশ্ন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ? উচ্ছেদক লৈ সৰৱ গগৈ ।

Published : July 6, 2025 at 11:14 AM IST
ডিব্ৰুগড়: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজনৰ পাছত আন এজন সাংবাদিক আক্ৰমণৰ বলি হ'ব লগা হোৱা ঘটনাক লৈ সৰৱ হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা সাংবাদিকক আক্ৰমণৰ ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা টুলুঙা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰীণজ্যোতি গগৈয়ে ৷
মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰীয়ে সাংবাদিকসকলক লক্ষ্য কৰি তুচ্ছ-তাচ্ছিল্য মন্তব্যৰে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা কাৰ্যক গৰিহণা দিয়ে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ তদুপৰি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰি সাংবাদিকসকলৰ বাবে সংবাদ পৰিৱেশনৰ পৰিৱেশ দিবলৈ আহ্বান জনায় লুৰীনজ্যোতি গগৈয়ে ৷ লগতে সাংবাদিক আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ।
উল্লেখযোগ্য যে, অসমৰ বিভিন্ন ছবিগৃহত চলি থকা নতুন অসমীয়া বোলছবি 'ৰুদ্ৰ' চাবলৈ শনিবাৰে মৰাণৰ ‘‘হাউচফুল টকিজত’’ উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । খোৱাং আৰু টিংখাং সমষ্টিৰ দলীয় সতীৰ্থসকলৰ সৈতে ছবি গৃহত উপস্থিত হোৱা লুৰীণজ্যোতি গগৈয়ে কয়, "অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে ৷ সেয়ে সকলোৱে দলে বলে ছবিখন উপভোগ কৰি এটা বাৰ্তা দিব বিচাৰিছে ।"
তদুপৰি ৰবি শৰ্মাৰ প্ৰতি আমাৰ এটা বিশেষ দায়িত্ব আছে বুলি উল্লেখ কৰি লুৰীনজ্যোতি গগৈয়ে কয়, "ৰবি শৰ্মাই জাতীয় দায়িত্ব আৰু জাতীয় আদৰ্শৰ প্ৰতি কেতিয়াও আপোচ কৰা নাই ।"

মুখ্যমন্ত্ৰীৰ পত্নী আৰু জয়ন্ত মল্লবৰুৱাৰ পত্নী ভূমিহীন নেকি মুখ্যমন্ত্ৰীলৈ লুৰীণজ্যোতি গগৈৰ প্ৰশ্ন:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত অসম চৰকাৰে চলাইছে উচ্ছেদ । কিন্তু তেনে সময়ত বিৰোধী ৰাজনৈতিক দলসমূহে অভিযোগ কৰিছে যে খিলঞ্জীয়া লোকক উচ্ছেদ চলোৱা চৰকাৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগতে মন্ত্ৰীসকলৰ পত্নী আৰু পৰিয়ালৰ নামত বিঘাই বিঘাই ভূমি ক্ৰয় কৰা লগতে দখল কৰিছে চৰকাৰী ভূমি ।
চৰকাৰৰ এনে কাণ্ডক লৈ সৰৱ হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে ভূমিহীন খিলঞ্জীয়া লোক ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়াও কাৰ্যকৰী কৰা নাই । আম্বানী, আদানী, ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি প্ৰদান কৰা অসম চৰকাৰে এনেদৰে খিলঞ্জীয়াক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰ্য সহ্য কৰা নহ'ব বুলি উল্লেখ কৰে ।

অসম চৰকাৰে উচ্ছেদৰ নামত খিলঞ্জীয়া লোকক গৃহহীন কৰা, খিলঞ্জীয়া লোকৰ পথাৰত বুলড'জাৰ চলোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ উঠি অহা কঠীয়াৰ ওপৰত চৰকাৰে বুলড'জাৰ চলোৱা মানে অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত, অসমীয়া জনজীৱনৰ আবেগৰ ওপৰত, অসমীয়া গ্ৰাম্য জীৱনৰ অৰ্থনীতিৰ ওপৰত বুলড'জাৰ চলোৱা বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ লগতে উচ্ছেদিতৰ কথা কোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী ভূমিহীন নেকি বুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ে ৷

