ETV Bharat / state

বিত্তীয় বৰ্ষটোৰ অন্তিম মাহত তৃতীয়বাৰৰ বাবে পুনৰ ১৫০০ কোটি টকাৰ ঋণ

আকৌ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । ২৫ মাৰ্চত দুটা কৃষ্টিত ঋণ ল'ব ১,৫০০ কোটি টকাৰ ।

Loan of Rs 1500 crore again for the third time in the last month of the financial year
আকৌ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 2:23 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: থমকি ৰোৱা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ । চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ মাজত মাত্র কেইটামান দিন বাকী । বিত্তীয় বৰ্ষটোৰ শেষত পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ । এডভান্টেজ অসম ২.০ ৰ জৰিয়তে ৰাজ্যত পাঁচ লক্ষাধিক কোটি টকাৰ বিনিয়োগ হ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৫ মাৰ্চত পুনৰ ১,৫০০ কোটি টকাৰ ঋণ ল'ব ।

এডভান্টেজ অসম ২.০ অনুষ্ঠিত হোৱাৰ পিচত এয়া হ'ব ৰাজ্য চৰকাৰৰ তৃতীয়টো ঋণ । ইয়াৰ পূৰ্বে চৰকাৰে যোৱা ৪ মাৰ্চত ৯০০ কোটি টকা আৰু ১১ মাৰ্চত পুনৰ ৯০০ কোটি টকা অৰ্থাৎ মাহটোৰ প্ৰথম এঘাৰটা দিনত ১,৮০০ কোটি টকাৰ ঋণ লৈছিল । চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তিমটো মাহৰ প্ৰথম দুটা সপ্তাহতে চৰকাৰখনে দুবাৰকৈ ঋণ লোৱাৰ পিচত অন্তিমটো সপ্তাহত পুনৰ ঋণ ল'ব ।

২৫ মাৰ্চত ল'বলগীয়া ১,৫০০ কোটি টকা ঋণৰ ফলত চলিত মাৰ্চ মাহতে লোৱা ঋণৰ পৰিমাণ হ'বগৈ ৩,৩০০ কোটি টকা । লক্ষণীয় বিষয় যে অহা ২৫ মাৰ্চত দুটা কিস্তিত পুনৰ ল'বলগীয়া ১,৫০০ কোটি টকাৰ ঋণৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । এই প্ৰস্তাৱ অনুসৰি চৰকাৰে এইবাৰ বিশ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি এহেজাৰ কোটি টকা ঋণ লোৱাৰ বিপৰীতে আন পাঁচশ কোটি টকাৰ ঋণ পাঁচ বছৰ ছমাহৰ বাবে বণ্ড বিক্ৰী কৰি লোৱা হ'ব ।

উল্লেখ যে বিগত ফেব্ৰুৱাৰী মাহত চৰকাৰখনে মুঠ ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল । এইবাৰ ১,৫০০ কোটি টকা ঋণ লোৱাৰ পিচত ঋণৰ পৰিমাণ ১ লাখ ৭১ হেজাৰ ৯৫০ কোটি টকালৈ বৃদ্ধি পাব । চলিত মাহত তিনিবাৰকৈ ঋণ লোৱা ৰাজ্য চৰকাৰখনে মাহটোৰ শেষত যে আৰু অধিক ঋণ নল'ব তাৰ কোনো নিশ্চয়তা নাই ।

এডভাণ্টেজ অসম ২.০ৰ পাছত ঋণ :

উল্লেখ্য যে যোৱা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলনত অসমত বিনিয়োগৰ বাবে মুঠ ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল । যদিহে অসমত প্ৰকৃতাৰ্থত এনে পৰিমাণৰ বিনিয়োগ হয় তেন্তে স্বাভাৱিকতে ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ পৰিবৰ্তন হোৱাৰ লগতে চৰকাৰখনে ধাৰ ল'বলগীয়া অৱস্থা আৰু নাথাকিব বুলি ধাৰণা কৰা হৈছে ।

কিন্তু এডভাণ্টেজ অসমৰ সামৰণি পৰাৰ পিচত চৰকাৰে পুনৰ কোটি কোটি টকাৰ ঋণ বিচাৰি ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে ।

ঋণৰ সমান্তৰালকৈ বৃদ্ধি পাইছে সুতৰ পৰিমাণ:

লক্ষণীয় বিষয় যে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰতি বছৰে সুতৰ পৰিমাণো বৃদ্ধি পাই আহিছে । পূর্বৰ চৰকাৰসমূহেও ঋণ লৈছিল যদিও বৰ্তমানৰ চৰকাৰখনৰ দৰে লোৱা নাছিল । বৰ্তমানৰ চৰকাৰখনে ইমানেই ঋণ লৈছে যে তাৰ ফলত সুতৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । বিগত আঠ বছৰত অৰ্থাৎ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত বিগত বৰ্ষৰ মাৰ্চলৈকে সুতৰ নামত ভৰিবলগীয়া হৈছে ৪২,০৬১ কোটি টকা ।

ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত ১৯,৬৫১ কোটি টকা ভৰিছিল যদিও বৰ্তমানৰ চৰকাৰখনে তিনি বছৰতে এই অভিলেখ ভংগ কৰি সুত্ৰৰ নামত ভৰিবলগীয়া হৈছে ২২,৪১০ কোটি টকা ।

কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালৰ ঋণ আৰু সুত:

ৰাজ্যখনত একেৰাহে পোন্ধৰ বছৰকৈ শাসন চলোৱা কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ দিনতকৈ এতিয়া ঋণ লোৱাৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে । যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগলৈকে অর্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষলৈকে ঋণৰ পৰিমাণ আছিল ৪১.৯৬৪ কোটি টকা । ফলত সেই সময়ছোৱাত ঋণৰ বাবত দিবলগীয়া সুতৰ পৰিমাণো কম আছিল । তৰুণ গগৈ চৰকাৰৰ দিনত ১৫ বছৰত সুতৰ নামত ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা ।

সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যৰ ঋণ আৰু সুত:

সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পাঁচ বছৰত ৪৭,৭৪৫ কোটি টকা ঋণ লোৱা হৈছিল । আনহাতে ইয়াৰ বিপৰীতে পাঁচ বছৰত সুতৰ নামত দিবলগীয়া হৈছিল ১৯,৬৫১ কোটি টকা । কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ঋণ লোৱাৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে সুদৰ পৰিমাণো বৃদ্ধি পাইছে । চৰকাৰখনে ঋণ লোৱা ধনেৰে ৰাজ্যখনত উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰাতকৈ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে সর্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । ভোটৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক: ভাবুকি সত্বেও কিয় উন্মুক্ত হৈ আছে ভাৰত-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা ! - INDIA BANGLADESH BORDER ROW

বাৰেকুৰিত হলৌ বান্দৰক নিজ হাতেৰে কল খোৱালে মন্ত্ৰী পীযুষ হাজৰীকাই - HOOLOCK GIBBON