ETV Bharat / state

১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - Kaziranga National Park

Kaziranga tourism year 2024-25 : পহিলা অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষ ৷ বানৰ ফলত হোৱা ক্ষতিৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো বনাঞ্চল সদ্যহতে মুকলি কৰা সম্ভৱ নহ’ব ৷

KAZIRANGA NATIONAL PARK
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ANI)
author img

By ETV Bharat Assamese Team

Published : September 8, 2024 at 8:14 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা, ৮ ছেপ্টেম্বৰ : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে অপেক্ষা কৰি থকা সকলো পৰ্যটকৰ বাবে এটা সুখবৰ । পহিলা অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লগে লগে নতুন পৰ্যটন বৰ্ষ ২০২৪-২৫ আৰম্ভ হ’ব ৷

১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে জানিবলৈ দিয়ে যে বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা কিছু দলং ভগাৰ ফলত দলং তথা বাট-পথসমূহ মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব ৷ তাৰ পিচতে অক্টোবৰৰ প্ৰথম সপ্তাহত দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে মুকলি কৰা হ’ব ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইবোৰ বনাঞ্চল সদ্যহতে মুকলি কৰা সম্ভৱ নহ’ব ৷ সেয়েহে ১ অক্টোবৰত প্ৰথমে কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকক জীপ চাফাৰিৰ বাবে মুকলি কৰা হ’ব বুলি এক জাননীযোগে শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সকলোকে জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা সকলোবোৰ পথ মেৰামতি কৰি সম্পূৰ্ণ নোহোৱালৈকে ১ অক্টোবৰৰ পৰা আংশিকভাৱে মুকলি কৰা হ’ব । কহঁৰা বনাঞ্চলৰ দআফলআং টাৱাৰ আৰু ভৈছামাৰিলৈকে, বাগৰি বনাঞ্চলৰ ডোঙা টাৱাৰ আৰু বিমলিলৈকে, বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুলৈকেহে পৰ্যটকে জীপ চাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰিব ।

উল্লেখ্য যে প্ৰতিবছৰে মে’ মাহৰ পৰা অক্টোবৰ মাহলৈকে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ থাকে । ৭ ছেপ্টেম্বৰত প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ে ঘোষণা কৰে যে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল পুনৰ মুকলি কৰা হ'ব ।

লগতে পঢ়ক : বিশ্ব হস্তী দিৱস : কাজিৰঙাত নোৱাই-ধুৱাই পূজা কৰা হ’ল পোহনীয়া হাতীক

কাজিৰঙাত নতুন সংযোজন : ২০ খন ৰাবাৰ ব’টেৰে নিৰীক্ষণ কৰিব চোৰাং চিকাৰ-বেদখল

কাজিৰঙাত পঞ্চতাৰকা হোটেল: নিজাববীয়া গোচৰ ৰুজু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ