Bihar Election Results 2025

ETV Bharat / state

বনবিভাগৰ কেন্দ্ৰীয় অনুষ্ঠানতেই উপস্থিত নাথাকিল বনমন্ত্ৰী - World Rhino Day 2024

World Rhino Day :কাজিৰঙাত 'বিশ্ব গঁড় দিৱস'ৰ কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ বছৰ বছৰ ত্যাগ স্বীকাৰ কৰা কাজিৰঙাৰ জনগণৰ সহযোগিতা লৈ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষিত কৰাৰ আহ্বান । তিনিখন গ্ৰন্থ উন্মোচন ।

World Rhino Day celebrated in Kaziranga
কাজিৰঙাত বিশ্ব গঁড় দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 22, 2024 at 10:33 PM IST

4 Min Read
Choose ETV Bharat

কাজিৰঙা, ২২ ছেপ্টেম্বৰ: যি সময়ত একাংশ বনবিষয়াই কাজিৰঙাৰ স্থানীয় জনগণক আওকাণ কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে, ঠিক তেনে সময়ত জনগণৰ সহযোগিতা অবিহনে যে কাজিৰঙা সুৰক্ষিত নহয় সেই সন্দৰ্ভত বক্তব্য আগবঢ়ালে সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মুখ্য উদ্যোগত আৰু কেবাটাও স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি উদযাপন কৰা 'বিশ্ব গঁড় দিৱস'ত সাংসদগৰাকীয়ে কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজৰ ভূমিকাৰ শলাগ লয় ।

কাজিৰঙাৰ বনবিভাগে দেওবাৰে আয়োজন কৰা 'বিশ্ব গঁড় দিৱস'ৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয়," উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাই বন্যজন্তুৰ স্বাৰ্থত উদ্যান সম্প্ৰসাৰণৰ নামত নিজৰ বহু বিঘা ভূমি এৰি দিছে । বন্যজন্তুক খেতি খাবলৈ এৰি দিয়াৰ পাছতো অথবা বহুতৰ প্ৰাণ উৎসৰ্গা আদিৰ দৰে কৰা ত্যাগ বহু সময়ত মূল্যহীন হৈ পৰাৰ অভিযোগ আছে ।"

কাজিৰঙাত বিশ্ব গঁড় দিৱস (ETV Bharat Assam)

ৰাইজৰ সহযোগিতা অবিহনে গঁড় সুৰক্ষিত নহয়

তেওঁ পুনৰ কয়," কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়েই হওক অথবা আন বন্যপ্ৰাণীসমূহ সুৰক্ষিত কৰিবৰ হেতু দাঁতি কাষৰীয়া সাধাৰণ জনতাক গুৰুত্ব প্ৰদানেৰে নিজৰ অধিকাৰ ওভতাই দিব লাগিব । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ দাঁতি কাষৰীয়া মুষ্টিমেয় একাংশৰ বিপৰীতে সৰ্বসাধাৰণ জনতাই গৌৰৱ কৰিব পৰাৰ পৰিৱেশ অনাৰ চেষ্টা কৰিব লাগিব ৷" তদুপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাক কাজিৰঙাৰ অংশীদাৰ হিচাপে গণ্য কৰিব লাগিব বুলিও সাংসদগৰাকীয়ে মন্তব্য় কৰে । তেওঁ কয়," যিমানেই চৰকাৰী নিশ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা নাথাকক কিয় ৰাইজৰ সহযোগিতা অবিহনে কাজিৰঙাৰ গঁড় অথবা আন আন বন্যপ্ৰাণী কেতিয়াও সুৰক্ষিত নহয় ।"

মন্ত্ৰী কেশৱ মহন্তই এই অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি কয়,"গঁড় দিৱসৰ কাৰ্যসূচীত বনবিভাগে স্থানীয় বিধায়ক, সাংসদক অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ কোনো প্ৰয়োজন নাই ৷ বৰং কাজিৰঙাৰ সুৰক্ষাৰ প্ৰশ্নতহে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা উচিত ৷"

অনুষ্ঠানটোত কৃষিমন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয়, কাজিৰঙাত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত বিভাগটোৰ লগতে সংশ্লিষ্ট পক্ষ আৰু দাঁতি কাষৰীয়া ৰাইজ ধন্যবাদৰ পাত্ৰ৷ ইয়াৰ সমান্তৰালভাৱে কাজিৰঙাক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণে গতিশীলতা লাভ কৰিব পাৰি সেই সন্দৰ্ভত কাম কৰাৰ প্ৰয়োজন ৷"

গঁড় দিৱসৰ কাৰ্যসূচীত উপস্থিত নাথাকিল বনমন্ত্ৰী

আজি গঁড় দিৱসৰ কাৰ্যসূচীত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক আমন্ত্ৰণ জনাই চিঠি বিতৰণ কৰিছিল ৷ এই নিমন্ত্ৰণী চিঠিত নাছিল কোনো প্ৰকৃতিৰ স’তে জড়িত ব্যক্তিৰ নাম অথবা কাজিৰঙাৰ বাবে ত্যাগ স্বীকাৰ কৰা কোনো এগৰাকী ব্যক্তিৰ নাম ৷ তদুপৰি তিনিখন গ্ৰন্থ উন্মোচন হোৱা এই অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰত লেখক আৰু গ্ৰন্থৰ নাম পৰ্যন্ত উল্লেখ নাছিল ৷ এই কেন্দ্ৰীয় কাৰ্যসূচীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থকাৰ পৰা বিৰত থাকে ৷

বন আৰু পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন

কাজিৰঙাৰ কহঁৰাস্থ বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ অনুষ্ঠানত তিনিখনকৈ বন আৰু পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰা হয় ৷ অনুষ্ঠানতে গঁড় সংৰক্ষণ সম্পৰ্কীয় এখনি পুস্তিকা উন্মোচনৰ লগতে প্ৰাক্তন ৱাইল্ড লাইফ ৱাৰ্ডেন শান্তা শৰ্মাৰ “বাৰ্ডছ অৱ আছাম” আৰু ইন্দ্ৰাণী ফুকনৰ “ফিছেছ অৱ আছাম” শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷

ইয়াৰ পাছতে বিশ্ব গঁড় দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন আৰণ্যক আৰু কহঁৰা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰে মন্তব্য প্ৰদান কৰে ।

'বনৰক্ষক' আঁচনি ঘোষণা

ইফালে আজি বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত গঁড় সংৰক্ষণৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নগাঁও, বিশ্বনাথ বন সংমণ্ডল তথা কাজিৰঙাৰ অগৰাতলিৰ পৰা তিনিটা গঁড়ৰ প্ৰতীক ৰাষ্ট্ৰীয় পথেৰে কাজিৰঙাৰ কেন্দ্ৰীয় স্থান কহঁৰালৈ অনা হয় । আজিৰ অনুষ্ঠানতে এক্সিছ বেংকৰ তৰফৰ পৰা বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ বাবে জিৰ’ বেলেঞ্চত 'বনৰক্ষক' শীৰ্ষক এক আঁচনিৰ কথা ঘোষণা কৰে ৷ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹সোণালী ঘোষ, পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছ, স্থানীয় দেৱপ্ৰদীপ বৰাউপস্থিত থাকে ৷

লগতে পঢ়ক:বিশ্ব গঁড় দিৱস; কাজিৰঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ - World Rhino Day 2024

বিশ্ব গঁড় দিৱস; কাজিৰঙা ভ্ৰমণৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ - World Rhino Day 2024