ETV Bharat / state

ৰাহুল গান্ধীৰ গোপন বৈঠকৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত

কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ গোপন বৈঠকত কি কথা হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

CM HIMANTA BISWA SHARMA
ৰাহুল গান্ধীৰ গোপন বৈঠকৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 16, 2025 at 4:57 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : সঁচাকৈয়ে কংগ্ৰেছত আছে নেকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট । সময়ে সময়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ লাভ কৰাৰ কথা মুখ্যমন্ত্রীয়ে নিজেই ব্যক্ত কৰি আহিছে । আজি পুনৰ কংগ্ৰেছত নিজৰ এজেণ্ট থকাৰ কথা প্ৰমাণ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ দলৰ শীৰ্ষ পৰ্যায়ৰ বন্ধ কোঠাৰ বৈঠকৰ খবৰো পালে মুখ্যমন্ত্রীয়ে । অৱশ্যে মুখ্যমন্ত্রীয়ে কংগ্ৰেছৰ ভিতৰুৱা খবৰ পোৱাৰ কথা নিজেহে দাবী কৰিছে ।

গুৱাহাটীত আজি উপস্থিত হোৱা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বন্ধ কোঠাৰ ভিতৰত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত হোৱা সকলো কথাৰ খবৰ পালে মুখ্যমন্ত্রীয়ে । কিন্তু কেনেকৈ, নিশ্চয় সেই বৈঠকত মুখ্যমন্ত্রীৰ মানুহ আছে ।

CM HIMANTA BISWA SHARMA
বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)

কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রীয়ে । গোপন বৈঠকত কি কথা হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । কিন্তু এই প্ৰতিক্ৰিয়াৰ যোগেদি মুখ্যমন্ত্রীয়ে বন্ধ কোঠাৰ ভিতৰত ৰাহুল গান্ধীয়ে কোৱা কথা ৰাজহুৱা কৰে ।

CM HIMANTA BISWA SHARMA
বিৰোধী দলপতি ৰাহুল গান্ধী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়, "লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম — ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে । তেওঁ মাত্র এই কথাটোকে ক'ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশতঃ নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে । তেওঁলৈ মোৰ শুভকামনা । দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক ।"

এয়া আছিল সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে দিয়া নিজৰ প্ৰতিক্ৰিয়া । মুখ্যমন্ত্রীয়ে নিজেই কৈছে যে ৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কি কৈছে । অৰ্থাৎ বৈঠকত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিষয়ে ভিতৰৰ পৰা কোনোবাই মুখ্যমন্ত্রীক জনাইছে । অৱশ্যে মুখ্যমন্ত্রীয়ে দাবী কৰা ধৰণে বৈঠকত আলোচনা হৈছে নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও কংগ্ৰেছত মুখ্যমন্ত্রীৰ এজেণ্ট থকাটো নিশ্চিত । কাৰণ ইয়াৰ পূৰ্বেও বহুবাৰ ইয়াৰ প্ৰমাণ দিছে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

CM HIMANTA BISWA SHARMA
বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)

বন্ধ কোঠাৰ গোপন বৈঠক মুখ্যমন্ত্রীয়ে ৰাজহুৱা কৰি দিয়াৰ এই বিষয়টোক ৰাহুল গান্ধী আৰু দলৰ নেতৃত্বই কিদৰে লয় সেয়া লক্ষণীয় হ'ব । উল্লেখ্য যে সামজিক মাধ্যমত দিয়া মুখ্যমন্ত্রীৰ পোষ্টটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ।

ইফালে গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে মন্ত্রী পীযুষ হাজৰীকায়ো ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয় । এটা ভিডিঅ' আপলোড কৰি সামাজিক মাধ্যম যোগে মন্ত্রীগৰাকীয়ে কয়, "কংগ্ৰেছে অসমৰ সংস্কৃতিক সন্মান নজনায় - এয়া কোনো নতুন কথা নহয় । আজি গুৱাহাটীলৈ অহা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে অসমীয়া গামোচাখন নিপিন্ধি পুনৰ এই কথা প্ৰমাণ কৰিলে । তেখেতে অসমক ভাল নাপায় সেয়া সৰ্বজনবিদিত । অন্ততঃ কংগ্ৰেছকৰ্মীৰ সন্মান ৰক্ষাৰ কথাও তেখেতে চিন্তা নকৰিলে ।"

লগতে পঢ়ক : ভেটি মজবুত কৰিবলৈ আজি অসমলৈ খাৰ্গে-ৰাহুল