ETV Bharat / state

তিনি বছৰত দেশ নক্সালবাদৰ পৰা মুক্ত হ’ব : অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 5:11 PM IST

Updated : Jan 23, 2024, 11:07 AM IST

Raising Day of SSB : সশস্ত্ৰ সীমা বলৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ নক্সাল সমস্যাৰ পৰা 100 শতাংশ মুক্ত হ’ব বুলি তেওঁ ভাষণত কয় ৷

Raising Day Of SSB
দেশ নক্সাল মুক্ত হ’ব বুলি মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ
সশস্ত্ৰ সীমা বলৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ অমিত শ্বাহৰ

তেজপুৰ, 20 জানুৱাৰী : তেজপুৰৰ শালনিবাৰীত সশস্ত্ৰ সীমা বলৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৷ অনুষ্ঠানত সশস্ত্ৰ সীমা বলৰ অভিবাদন গ্ৰহণ কৰি তেওঁ ভাষণ প্ৰসংগত কয় যে সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ভিতৰত এছ এছ বিয়ে “সংস্কৃতি, ইতিহাস, ভূ-খণ্ড আৰু ভাষাক সূক্ষ্মভাৱে একত্ৰিত কৰাত” আৰু সীমান্ত অঞ্চলৰ লোকসকলৰ লগত সমন্বয় অনাত এক অনন্য ভূমিকা পালন কৰি আহিছে ৷ আনহাতে অহা তিনি বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ নক্সাল সমস্যাৰ পৰা 100 শতাংশ মুক্ত হ’ব বুলি তেওঁ ভাষণত কয় ৷

দুদিনীয়া ভ্ৰমণ সূচীৰে তেজপুৰত উপস্থিত থকা দেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সশস্ত্ৰ সীমা বল ভাৰত-নেপাল, ভাৰত-ভূটান আৰু ভাৰত-চীন সীমান্তত বৰ্তমান সষ্টম হৈ আছে আৰু ভাইব্ৰেন্ত ভিলেজ কাৰ্যসূচীৰ জৰিয়তে বৰ্তমান সীমান্তৱৰ্তী গাঁও সমূহত বাহিনীয়ে যথেষ্ট আঁচনি গ্ৰহণ কৰিছে ৷ সীমান্তৰ বিবাদিত অঞ্চলত ভৌগোলিক পৰিসীমাৰ ভিতৰত অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ 1963 চনৰ ভাৰত-চীন যুদ্ধৰ পটভূমিত গঠন হোৱা সশস্ত্ৰ সীমা বল দেশৰ প্ৰথম মহিলাৰ সুৰক্ষা বাহিনী গঠন কৰা দল, যি এতিয়া সীমান্তৱৰ্তী অঞ্চলৰ অতন্দ্ৰ প্ৰহৰী ৷

তেওঁ দেশৰ 51গৰাকী শ্বহীদ সীমা বলৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, লগতে কৰ্তব্য পথত প্ৰাণ হেৰুওৱা পাঁচ বীৰ সীমা বলৰ জোৱানক সোঁৱৰে ৷ হীৰক জয়ন্তী উপলক্ষে আজি দেশত সশস্ত্ৰ সীমা বলৰ 5 টকাৰ এটা ডাক টিকট মুকলি কৰে শ্বাহে ৷ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে চি আৰ পি এফ, বি এছ এফৰ লগত কান্ধত কান্ধ মিলাই এছ এছ বিয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ বাবে এছ এছ বিৰ শলাগ লয় তেওঁ ৷ গৃহমন্ত্ৰী শ্বাহৰ লগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, লগতে কেন্দ্ৰীয় গৃহ সচিব আৰু সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান উপস্থিত থাকে ৷

লগতে পঢ়ক : এছ এছ বিৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Jan 23, 2024, 11:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.