গুৱাহাটীত কোনে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে ? ক'লে মুখ্যমন্ত্রীয়ে - Artificial flood in Guwahati
Himanta Biswa Sarma against USTM : ইউ এছ টি এমৰ মালিকে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ইচ্ছাকৃতভাৱে পাহাৰ কাটি নিৰ্মাণকাৰ্য চলাই থকা বুলি ক’লে ড৹ শৰ্মাই ৷ অসমৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকল নোযোৱা হ’লেই ইউ এছ টি এম বন্ধ হৈ যাব মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Published : August 9, 2024 at 10:49 PM IST
গুৱাহাটী, ৯ আগষ্ট : ‘‘ ইউ এছ টি এমৰ মালিকে 'ফ্লাড জেহাদ' আৰম্ভ কৰিছে । মেঘালয়ৰ যোৰাবাটৰ পাহাৰসমূহ নাঙঠ পাহাৰত পৰিণত হৈছে । ছেটেলাইটত ইয়াৰ ডাটা আছে । ২০০৮ত কি আছিল আৰু এতিয়া কি হৈছে ৷’’ - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীৰ কৃত্ৰিম বানৰ এটা অন্যতম কাৰণ সন্দৰ্ভত ইউ এছ টি এমক দোষাৰোপ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয় ।
শুকুৰবাৰে লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ইউ এছ টি এমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে । গছ-গছনি ৰক্ষা কৰিও নিৰ্মাণকাৰ্য কৰিব পাৰি যদিও ইউ এছ টি এমৰ মালিকে তাকে নকৰি পাহাৰ কাটি শেষ কৰি দিছে । বুলড’জাৰ চলাই পাহাৰ শেষ কৰা কৰি দিয়া হৈছে । পাহাৰসমূহ ধ্বংস কৰাৰ বাবেই গুৱাহাটীত বৰষুণ নহ’লেও যোৰবাটৰ পৰা খানাপাৰালৈকে ভয়াৱহ কৃত্ৰিম বান হয় ।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ অসমৰ শিক্ষাৰ্থী আৰু অধ্যাপকক লৈ ইউ এছ টি এম চলাই থকা হৈছে । আমাৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকল নোযোৱা হ’লেই ইউ এছ টি এম বন্ধ হৈ যাব । লগতে কৃত্ৰিম বানো নোহোৱা হ'ব । এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ দিয়া হৈছে আৰু সাক্ষাৎ কৰি কথাও পাতিম । কথা হ'ল আমাৰ লৰা-ছোৱালী নগ’লেই ইউ এছ টি এম বন্ধ হৈ যাব । উত্তৰ অৰ্থনৈতিকভাৱে দিব লাগে ।’’
গুৱাহাটীৰ কৃত্ৰিম বান সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো একপ্ৰকাৰ অসম্ভৱ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ সমস্যা আছে আৰু সমস্যাৰে যুঁজি থাকিব লাগিব । গুৱাহাটীত বানৰ কথাটো থাকিবই । ক’বলৈ সহজ, কৰিবলৈ টান ।’’
হিন্দু কংগ্ৰেছলৈ যোৱাটো ভাল কথা :
বিজেপি ত্যাগ কৰা জেষ্ঠ নেতা অশোক শৰ্মাই আজি কংগ্ৰেছ দলত যোগদান কৰে । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ হিন্দু নেতা কংগ্ৰেছলৈ যোৱাটো ভাল কথা । ন'হলে ৰাজীৱ ভৱনত আপোনালোকে ভাত এসাজ খাবলৈ হ'লে চিন্তা কৰিব লাগিব । হিন্দু নগ'লে পাঁচ বছৰ পিছত ভাত খাবলৈ হ’লে তদন্ত কৰিব লাগিব । আমাৰ পৰা দুই-এজন হিন্দু গৈ আৰ এছ এছৰ আদৰ্শ দিয়াটো ভাল কথা । আৰু কোনোবা যাবলৈ ওলালেও ভাল কথা ৷’’
মুছলমানৰ কথা ক'লে সাম্প্ৰদায়িক বুলি কয় :
অসম আৰু বাংলাদেশৰ হিন্দুৰ জনসংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ অসম আৰু বাংলাদেশ দুয়োখন ঠাইতে হিন্দুৰ জনসংখ্যা দ্ৰুতগতিত অৱনমিত হৈছে । এইক্ষেত্ৰত ২০১১ চনৰ লোকপিয়লৰ তথ্যই সম্ভৱতঃ আপোনালোকক অধিক বিতংভাৱে চোৱাত অন্তর্দৃষ্টি প্ৰদান কৰিব । অৱশ্যে ২০১১ চনলৈকে চৰকাৰী লোকপিয়লৰ তথ্যই দুয়োখন ঠাইৰ অতি স্পষ্ট জনগাঁথনিগত পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত হিন্দুৰ জনসংখ্যা ৯.২৩ শতাংশ হ্ৰাস পাইছে । সেইদৰে বাংলাদেশত ১৩.৫ শতাংশ হ্ৰাস পাইছে । ইয়াৰ বিপৰীতে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে । মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি ক'লে সাম্প্ৰদায়িক বুলি কয় । গতিকে হিন্দুৰ জনসংখ্যা কমাৰ কথা কৈছো ।’’
লগতে পঢ়ক : অসমত জিলাই জিলাই ক্ষুদ্ৰ বাংলাদেশ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা
লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

