উদ্যোগ স্থাপনৰ বাবে অসমত ভূমি পৰিদৰ্শন গৌতম আদানীৰ পুত্ৰৰ
৩ হাজাৰ ৫০০ বিঘা ভূমিত স্থাপন হ'ব তাপ বিদ্যুৎ প্ৰকল্প । নিৰ্মীয়মান আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন আদানী গ্ৰুপৰ ।

Published : April 23, 2025 at 9:33 AM IST
|Updated : April 23, 2025 at 10:53 AM IST
গুৱাহাটী/কোকৰাঝাৰ : যোৱা ২৪ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ত অসমত ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ পুত্ৰ জিৎ আদানীয়ে মঙলবাৰে অসম ভ্ৰমণ কৰে । নামনি অসমৰ কেইবাখনো ঠাই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে পৰিদৰ্শন কৰে ৷ লগতে সন্ধিয়ালৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ।
মঙলবাৰে আগবেলা কটকটীয়া নিৰাপত্তাৰ মাজত বিলাসীপাৰাৰ চিৰাকুটাত উপস্থিতিত হয় গৌতম আদানীৰ পুত্ৰ জিৎ আদানী । সমীপৱৰ্তী ৰূপসী বিমানবন্দৰত পুৱা ৯.৫১ বজাত অৱতৰণ কৰে জিৎ আদানীৰ দলটোৱে ৷ ৰূপসী বিমানবন্দৰৰ পৰা বিলাসীপাৰাৰ চিৰাকুটাত উপস্থিত হয় দলটো । ঔদ্যোগিক প্ৰকল্পৰ বাবে দলটোৱে চৰুৱাবাখৰা, সন্তোষপুৰ,চিৰাকুটা আদি অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰে ।
৩ হাজাৰ ৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন হ'ব :
ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ তথ্য অনুসৰি বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা,সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপ । জিৎ আদানীৰ সৈতে অহা ৪ জনীয়া শীৰ্ষ বিষয়াৰ দলটো তাৰ পিচতেই উপস্থিত হয় যোগীঘোপাত ৷ বঙাইগাঁৱত নিৰ্মীয়মান আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰে এই শীৰ্ষ বিষয়াৰ দলটোৱে । দলটোৱে যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় জল পৰিৱহণ টাৰ্মিনেলো পৰিদৰ্শন কৰে । আনহাতে চৰ্চা অনুসৰি উক্ত অঞ্চলবোৰত বেদখলত উচ্ছেদৰ বাবে যো-জা চলাইছে প্ৰশাসনে।
বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিশেষ আলোচনাত মিলিত হয় জিৎ আদানীসহ দলটোৱে । ইপিনে, দলটোৱে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বাশবাৰী অঞ্চলো পৰিদৰ্শন কৰে ৷ উক্ত অঞ্চলত চাৰিশ বিঘা মাটিও প্ৰকল্পৰ বাবে পৰিদৰ্শন কৰে ৷ জিৎ আদানীৰ অসম ভ্ৰমণ প্ৰসংগত শিৱসাগৰত দিনৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, "এডভাণ্টেজ আছাম-২.০ৰ সময়ত হোৱা বৃহৎ বিনিয়োগৰ ৰূপায়ণ সন্দর্ভত আমি নিৰন্তৰে কাম কৰি আছো । ইয়াৰ ফলাফল আমি সোনকালেই লাভ কৰিম বুলি আশা প্রকাশ কৰিছো । অসমত ঔদ্যোগিক প্ৰতিষ্ঠান-আদানী, আম্বানী,ৰুইয়া গ্ৰুপ,জিন্দাল গ্ৰুপ,মেডাণ্টা গ্ৰুপ আৰু এছাৰ গ্ৰুপে অসমত ৫ বছৰত ৫০,০০০ কোটি টকাকৈ বিনিয়োগৰ প্ৰতিশ্ৰুতি দি গৈছে । মই তেওঁলোকক কৈছো ৫ বছৰ নহয়, যিমান পাৰে তাতকৈ সোনকালে কৰক । মোৰ এটাই উদ্দেশ্য যে ৰাজ্যৰ বাহিৰত যিমান অসমৰ যুৱক ছিকিউৰিটি গাৰ্ড আদি কৰি আছে তেওঁলোকক ঘূৰাই অনা । সন্ধিয়া জিৎ আদানীক সাক্ষাৎকালত সেইয়া কিমান সোনকালে হ’ব, সেয়া গম পাম ৷”

