এইমছ গুৱাহাটীলৈ কি নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ?
এইমছ গুৱাহাটীক বিভাগীয় বিশেজ্ঞক লৈ এখন মেডিকেল ব'ৰ্ড গঠন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ ।

Published : October 29, 2024 at 10:35 PM IST
গুৱাহাটী: সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইম্ছ), গুৱাহাটীক বিভাগীয় বিশেজ্ঞক লৈ এখন মেডিকেল ব'ৰ্ড গঠন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ (২০২৪-২০২৫) ৰ প্রথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত বৈষম্যৰ বলি হোৱাৰ অভিযোগ কৰি আদালতৰ দ্বাৰস্থ হোৱা দিব্যাংগ প্ৰাৰ্থীসকলৰ অক্ষমতাৰ মাত্ৰা (শতাংশ) পৰীক্ষা কৰাৰ বাবে আদালতে সোমবাৰে এই নিৰ্দেশ জাৰি কৰে ।
বহুকেইগৰাকী দিব্যাংগ প্রার্থীয়ে দাখিল কৰা আঠখন লেখ আবেদৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এল এছ জমিৰৰ বিচাৰপীঠে এই নির্দেশ দিয়ে । আদালতে দিব্যাংগ প্রার্থীসকলক সকলো নথি-পত্রসহ নিৰ্দ্ধাৰিত সময়ত মেডিকেল ব'ৰ্ডৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে ।

ব'র্ডে দিব্যাংগ প্রার্থীসকলৰ শাৰীৰিক অক্ষমতাৰ মাত্ৰা (শতাংশ) নিৰূপণ কৰি প্রতিবেদন আদালতত দাখিল কৰি আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিব ।

দিব্যাংগ কোটাৰ অধীনত এম বি বি এছৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত বঞ্চনাৰ বলি হোৱাৰ অভিযোগ কৰি বহুকেইগৰাকী দিব্যাংগ প্রার্থীয়ে দাখিল কৰিছিল আঠখন লেখ আবেদন ।

উল্লেখ্য যে দিব্যাংগৰ বাবে সংৰক্ষিত কোটাত মেডিকেল প্রৱেশ পৰীক্ষা অর্থাৎ 'নীট' উত্তীৰ্ণ হোৱা আৰু ৪০ শতাংশ আৰু তাৰ বেছি শাৰীৰিক অক্ষমতা থকা এই প্রার্থীসকলে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে যাৱতীয় পৰীক্ষা অবিহনে তেওঁলোকৰ শাৰীৰিক অক্ষমতাৰ মাত্ৰা ১৪ শতাংশহে বুলি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ মেডিকেল ব'ৰ্ডে দিয়া মতামতৰ ভিত্তিত তেওঁলোকক নামভৰ্তিৰ বাবে অযোগ্য ঘোষণা কৰাৰ অভিযোগ কৰে ।

লগতে বিষয়টোত আদালতৰ হস্তক্ষেপ বিচাৰি তেওঁলোকে আদালতৰ কাষ চাপিছে । তেওঁলোকৰ অভিযোগ যে তেওঁলোকে দিব্যাংগৰ অধিকাৰ আইনৰ অধীনত আৰু চৰকাৰে প্ৰদান কৰা দিব্যাংগৰ প্ৰমাণপত্ৰ (৪০ শতাংশ দিব্যাংগ বুলি স্বীকৃতি দিয়া) দাখিল কৰিছে আৰু তাৰ ভিত্তিত তেওঁলোকক প্ৰাৰম্ভিক বাছনিত তালিকাভুক্ত কৰা হৈছে ।

কিন্তু চিকিৎসা শিক্ষা সঞ্চালকালয়ে গঠন কৰা মেডিকেল ব'র্ডে এক্স-ৰে, চিটি স্কেন, এম আৰ আই, ই এম জি, আৰ অ' এম আদি যাৱতীয় পৰীক্ষা নকৰাকৈ তেওঁলোকৰ দিব্যাংগৰ প্ৰমাণপত্ৰ নাকচ কৰিছে । ইয়াৰ ফলত তেওঁলোক চূড়ান্ত বাছনিৰ পৰা বঞ্চিত হৈছে । এই কার্য দিব্যাংগৰ অধিকাৰ আইনৰ পৰিপন্থী বুলি তেওঁলোকে বিষয়টোত আদালতৰ হস্তক্ষেপ বিচাৰিছে ।

