সম্পন্ন হ'ল উচ্ছেদ অভিযান, উন্মোচিত হ'ল অপৰাধৰ এক তথ্য়
সফলতাৰে সম্পন্ন হ'ল ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান । অভিযানত উচ্ছেদ হ'ল অপৰাধীৰ ঘাটি ।

Published : August 3, 2025 at 10:15 AM IST
সৰুপথাৰ: অৱশেষত স্তব্ধ হ'ল বুলড'জাৰৰ চকা । সফলতাৰে সমাপ্ত হ'ল ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান । এই উচ্ছেদ অভিযান সমাপ্ত হোৱাৰ লগে লগে সংবাদমেল সম্বোধন কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে জিলা প্ৰশাসনে । বিদ্যাপুৰ আৰু ২ নং মধুপুৰত পৰিচালিত অন্তিম দিনটোৰ অভিযান সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে আৰু প্ৰতিৰোধ নোহোৱাকৈ সম্পাদিত হয় ।
এই পাঁচদিনীয়া অভিযানৰ অন্তৰ্গত বিদ্যাপুৰ, পিঠাঘাট, সোণাৰিবিল, দোয়ালপুৰ, দোলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ, মধুপুৰ আদিসহ বহু সংখ্যক অবৈধ অধিকৃত অঞ্চলৰ হাজাৰ হাজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় আৰু শতাধিক অবৈধ কাঠামো ভাঙি পেলোৱা হয় ।
বিশেষ মুখ্য সচিব এম. কে. যাদৱে সংবাদ মাধ্যমক জনায়,"এই অভিযানৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৮৯০০ বিঘা বনভূমি উদ্ধাৰ কৰা হৈছে আৰু ৪ হাজাৰৰো অধিক অবৈধ আন্তঃগাঁথনি অপসাৰণ কৰা হৈছে । বাকী থকা বেদখল অঞ্চলসমূহৰ মূল্যায়ন আৰু পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে একাধিক অঞ্চলত ইতিমধ্যে বিশদ ভূমি জৰীপ কাৰ্য চলি আছে । দোয়াং সংৰক্ষিত বনাঞ্চলৰ মেৰাপানীৰ নেঘেৰিবিল অঞ্চলত অৱস্থিত ২০৫টা পৰিয়ালক উচ্ছেদৰ বাবে জাননী জাৰি কৰা হৈছে আৰু অহা ৮ আগষ্টৰ পৰা এই উচ্ছেদ কাৰ্য আৰম্ভ হ’ব ।"
ইফালে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে ঘোষণা কৰে,"৩ আগষ্টত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত পুনৰ উচ্ছেদ অভিযান চলিব । বিশেষকৈ ৩ নম্বৰ গেলাজান আৰু ৰাজাপুখুৰী অঞ্চলসমূহক লক্ষ্য কৰি । ৰেংমা সংৰক্ষিত বনাঞ্চলখনে ভবিষ্যতে ইকো-টুৰিজমৰ এক অন্যতম গন্তব্যস্থান হিচাপে পৰিগণিত হ’ব আৰু এই অভিযান অবৈধ কার্য-কলাপ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।" তেওঁ মুখ্যমন্ত্ৰী, বিশেষ মুখ্য সচিব, গোলাঘাট জিলা প্ৰশাসন, আৰু নাগালেণ্ড চৰকাৰৰ সমন্বিত সহায়ৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।

গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তই কয়,"সংশ্লিষ্ট সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ ফলত এই প্ৰথম পৰ্যায়ৰ অভিযান শান্তিপূৰ্ণ আৰু সুফলমণ্ডিত হৈ উঠিছে । ভূমি পৰ্যায়ৰ পৰ্যবেক্ষণ আৰু সু-চিন্তিত ক্ষেত্ৰ পৰ্যায়ৰ পৰিকল্পনাই এই সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ।"

গোলাঘাট জিলাৰ আয়ুক্তগৰাকীয়ে কয়, "এই উচ্ছেদ অভিযানটো সফল অভিযান আছিল । আমাৰ মাজত মুখ্য সচিব আছিল, তেখেতৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ । বন বিভাগে মূল অভিযানটো চলাইছিলে, আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকক সহায় কৰিছিলোঁ । আমাক অসম চৰকাৰে যথেষ্ট সহায় কৰিলে । মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে । আমিও বৰ্ডাৰ দণ্ডাধীশৰ লগত কথা পাতিলোঁ । এটা সু-সমন্বয়ভাৱে খুব ভালৰে ইয়াত উচ্ছেদ হ'ল ।"

জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সমগ্ৰ অভিযান চলাকালত আইন-শৃংখলা বজাই ৰাখিবলৈ চি আৰ পি এফ আৰু অসম আৰক্ষীসহ সকলো আইন প্ৰয়োগকাৰী সংস্থাক প্ৰশংসা কৰে । তেওঁ সদৰী কৰে, "অভিযানৰ পূৰ্বে এই অঞ্চলসমূহত অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল, লগতে কিছুমান সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰো কৰা হৈছে । যিয়ে উচ্ছেদ অভিযানৰ প্ৰয়োজনীয়তা আৰু সফলতা অধিক শক্তিশালী কৰি তোলে ।"
ইফালে উৰিয়ামঘাট সীমান্ত অঞ্চল যে অপৰাধীৰ ঘাটিললৈ পৰিণত হৈছিল সেই কথা স্পষ্ট কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । তেওঁ এই সন্দৰ্ভত কয়,"উচ্ছেদৰ সমান্তৰালকৈ আমি চাইছিলোঁ যে এই অঞ্চলটো অপৰাধীৰ ঘাটি হিচাপে পৰিণত হৈছিল । যোৱা দুটা বছৰত উৰিয়ামঘাটৰ পৰা ৮ কেজিত কৈ অধিক হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে । যাৰ মূল্য প্ৰায় ৪০ কোটি টকা । ইয়াৰ লগতে অঞ্চলটোত প্ৰায় ১০টাকৈ মাৰনাস্ত্ৰ উদ্ধাৰ কৰিছিলোঁ । গঁড় চিকাৰৰ লগত জড়িত লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বুলি আৰক্ষী অধীক্ষকে জনায় ।"

