ডিব্ৰুগড়: তৈলনগৰী হিচাপে পৰিচিত ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত এক মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক । এটা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক মাৰপিট কৰা এটা যুৱকৰ দলৰ নেতৃত্ব দিয়াৰ অভিযোগ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ।
কি আছিল ঘটনাটো ?
উল্লেখ্য যে শনিবাৰে দিন দুপৰতে এটা পেট্ৰ'ল পাম্পত যুৱকৰ এটা দলৰ সৈতে সংঘাত হৈছিল পাম্পটোৰ কৰ্মচাৰীৰ । দুলীয়াজান আৰক্ষী থানাৰ কাষতে থকা বি এন সিং পেট্ৰল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনাটো । এই ঘটনাত পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰী তানু চাহি, নৱজিৎ চাহি, ৰাজ সিং আৰু অজয় যাদৱ আহত হয় বুলি জানিব পৰা গৈছে । জানিব পৰা মতে বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনটোৰ স্বত্বাধিকাৰীৰ পৰা দীৰ্ঘদিন ধৰি ৰাজ কিশোৰ সিঙে লীজত চলাই আছিল ।
অভিযোগ অনুসৰি ৰাজ কিশোৰ সিঙে বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনৰ স্বত্বাধিকাৰীক প্ৰাপ্য ধন আদায় দিব নোৱৰাত যোৱা ২৬ এপ্ৰিলত কিৰণ চাহি নামৰ মহিলাগৰাকীক পুনৰ লীজত দিয়ে । অভিযোগ অনুসৰি কিৰণ চাহি নামৰ মহিলাগৰাকীয়ে নতুনকৈ পেট্ৰ'ল পাম্পটো লীজত লোৱা পাছতে শনিবাৰে ডিপোটোত এটা যুৱকৰ দল উপস্থিত হৈ প্ৰথমে চিচি টিভিৰ সংযোগ বিচ্ছিন্ন কৰি নতুনকৈ ডিপোটো লীজত লোৱা কিৰণ চাহিৰ পক্ষৰ সৈতে সংঘাতত লিপ্ত হয় । প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাত মহিলাকৰ্মীও আহত হয় । ইফালে এই ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ । ঘটনাৰ সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও সেই স্থানত উপস্থিত আছিল ।
পেট্ৰ'ল পাম্পত আক্ৰমণৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰহস্যজনক পোষ্ট দিছিল আছুৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে । ইফালে দেওবাৰে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । তাৰ মাজতে দেওবাৰে নিশা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে আটক কৰে । ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি শংকৰজ্যোতি বৰুৱাক দুলীয়াজান থানাতে সোধাপোছা কৰে । পিছত নিশাই দুলীয়াজান থানাৰ পৰা ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ যোৱা হয় শংকৰজ্যোতি বৰুৱাক ।
ভুক্তভোগীৰ অভিযোগ
ইফালে মাৰপিটৰ ঘটনাক লৈ পেট্ৰ'ল পাম্পৰ এগৰাকী কৰ্মচাৰীয়ে কয়, "২০ৰ পৰা ৩০ জনীয়া এটা দলে আহি মাৰপিট কৰিছিল । ঘটনাৰ পাছতে দলটোৰ একাংশক আৰক্ষীয়ে সোধাপোছা কৰাত তেওঁলোকে কয়, সংগঠনৰ নেতা জনৈক চাহু, শংকৰজ্যোতি বৰুৱা আৰু আব্দুল বুনা নামৰ তিনিজন মানুহে মিটিং আছে বুলি মাতি আনি মাৰপিট কৰাইছে । তেওঁলোকে আহি প্ৰথম কেমেৰাৰ তাঁৰ ছিঙিছে, তাৰ পাছত মাৰপিট কৰিছে । আৰক্ষীক এজাহাৰ দিয়াৰ লগতে আমি ভিডিঅ' দিছো ।"
শংকৰজ্যোতি বৰুৱাৰ স্পষ্টীকৰণ
আনহাতে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত শংকৰজ্যোতি বৰুৱাই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । শংকৰজ্যোতি বৰুৱাই দাবী কৰা মতে তেওঁ মাৰপিটৰ ঘটনাত জড়িত নহয় । তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈহে চেষ্টা কৰিছিল । তেওঁ কয়, "বি এন সিং পেট্ৰ'ল পাম্পত যি ঘটনা সংঘটিত হ'ল তাৰ ভিডিঅ' সকলোৱে প্ৰত্যক্ষ কৰিছে । মোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । কিন্তু ঘটনা সংঘটিত হোৱাৰ সময়ত মই তাত উপস্থিত হৈ কাজিয়া ভাঙিবৰ বাবেহে চেষ্টা কৰিছিলো । মই নেতৃত্ব লৈ কাজিয়া কৰা বুলি উঠা অভিযোগ সম্পূৰ্ণ মিছা । অৱশ্যে নিজকে নিৰ্দোষী বুলি দাবী কৰিলেও নিশালৈ থানাত সোমাল প্ৰাক্তন আছু নেতাগৰাকী ।
জানিব পৰা মতে নিশাৰে পৰা ডিব্ৰুগড়ৰ সদৰ থানাত মাৰাথান জেৰাৰ অন্তত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দুলীয়াজান থানাত ৯০/২৫ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আৰক্ষীয়ে 196(1)(a) /196(1) (b)/197(1) (b) /197(1) (c)/197(1) (d) / 3(5) / 352/ 353(1) (b) /353(1) (c) / 353(2) ধাৰাসমূহ আৰোপ কৰি শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে । ইফালে সোমবাৰে প্ৰাক্তন ছাত্ৰ নেতাজনক আদলতত হাজিৰ কৰোৱা হ'ব ।
লগতে পঢ়ক :কাৰ গুলীয়ে ভেদিলে প্ৰণৱজ্যোতিৰ বুকু ? - FIRING IN LAKHIMPUR