গুৱাহাটী: গুৱাহাটীত গুলীবিদ্ধ ডকাইতৰ মৃত্যু । GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰণেশ দৈমাৰীৰ । আৰক্ষীৰ গুলীত আহত হৈ জি এম চি এচৰ ICUত ভৰ্তি হৈ আছিল নিহত ৰণেশ । জালুকবাৰীৰ চেইন কাঢ়ি নিয়া ঘটনাৰে জড়িত থকাৰ অভিযোগত ৰণেশ দৈমাৰী গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে । আনহাতে ৰণেশৰ পত্নীয়ে ৰণেশ অভিযুক্ত নাছিল বুলি দাবী কৰে ।
বিয়া খাই থকাৰ পৰা আৰক্ষীয়ে ৰণেশ দৈমাৰীক উঠাই অনাৰ অভিযোগ কৰে ৰণেশৰ পত্নীয়ে । ৰণেশে চোৰ আছিল হয় । কিন্তু চুৰি কাণ্ড কৰিবলৈ এৰি দিছিল বুলি কয় পত্নীয়ে । নলবাৰীৰ কুমাৰীকাতাত ঘৰ আছিল ৰণেশ দৈমাৰীৰ । দিছপুৰ আৰক্ষীৰ এনকাউন্টাৰক বৰ্বৰ আখ্যা পত্নীৰ । আৰক্ষীয়ে যদি গুলিয়াইছিলেই, তেন্তে ৰণেশৰ শৰীৰত এটাও গুলী নাই কিয় বুলি প্ৰশ্ন কৰে পত্নীয়ে ।
আনহাতে ঘটনা সন্দৰ্ভত DCP মৃণাল ডেকাই কয়,"জালুকবাৰীৰ চেইন চোৰৰ ঘটনাটোৰ ভিডিঅ'ত ধৰা পৰিছিল ৰণেশ দৈমাৰী । বৰবাৰীৰো চেইন চুৰিৰ আন এটি ঘটনাত লিপ্ত আছিল ৰণেশ । তাৰ তদন্ত চলি আছিল । কালি নলবাৰীৰ পৰা ধৰি আনিছিলোঁ । চুৰি কাণ্ডত পিষ্টল ব্যৱহাৰ কৰিছিল । অন্য এটা পিষ্টলৰ সন্ধানত ৰণেশক লগত লৈ নিশা অভিযান চলাইছিলোঁ । সেই সময়তে ৰণেশে পিষ্টলটো দেখুৱাই দি সেই পিষ্টলটোৰেই তেওঁ আৰক্ষীক গুলীয়াইছিল । ২০ বছৰে ডকাইটিত লিপ্ত হৈ আহিছিল ৰণেশ । আমি আত্মৰক্ষাৰ বাবে ৰণেশক গুলীয়াইছিলো । গুলীওৱাত ৰণেশৰ ভৰিত গুলি লাগিছিল । হাস্পতালত ভৰ্তি হৈ থকাৰ সময়ত আজি দুপৰীয়া দুই বজাত মৃত্যু হয় ।"
ৰণেশৰ পত্নীয়ে এই মৃত্যুক ৰহস্যজনক আখ্যা দিলেও ৰণেশৰ কেনেকৈ মৃত্যু হ'ল, সেয়া মৰোণোত্তৰ প্ৰতিবেদনে কব, মেজিষ্ট্ৰেটে কব । উল্লেখ্য যে, ৰণেশে বৃহস্পতিবাৰে চেইন চুৰি কৰি কামৰূপৰ এঠাইত গৈ বিক্ৰী কৰিছিল আৰু তাৰ পাছতে নলবাৰীত বিয়া খাবলৈ গৈছিল । সেই সময়তে ৰণেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলি ডি চি পিগৰাকীয়ে উল্লেখ কৰে ।