অনলাইন ট্ৰেডিং কেলেংকাৰী; তেজপুৰত CBI ৰ তালাচী
Online Trading scam: অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা CBI-এ তেজপুৰত বিভিন্ন নথিপত্ৰ সংগ্ৰহ কৰে আৰু তালাচীও চলায় ।

Published : November 10, 2024 at 11:08 AM IST
তেজপুৰ : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰসমূহৰ তদন্ত ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধান সংস্থাই অব্যাহত ৰাখিছে । তদন্ত চলাই থকাৰ মাজতে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ এটা দল তেজপুৰ সদৰ থানাত উপস্থিত হয় ।
তেজপুৰ থানাত পঞ্জীভুক্ত ৫২৭/২৪ নম্বৰ গোচৰৰ নথিপত্ৰ সংগ্ৰহ কৰাৰ লগতে দলটোৱে ৰঙাপৰা থানাত পঞ্জীভুক্ত ৬৬/২৪;মিছামাৰী থানাত পঞ্জীভুক্ত ৯০/২৪,৮৯/২৪ আৰু চাৰিদুৱাৰ থানাত পঞ্জীভুক্ত ১৪৬/২৪ নম্বৰ গোচৰৰ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰে । পিছত দলটোৱে কেইবাটাও ভাগত বিভক্ত হৈ শোণিতপুৰ আৰক্ষীৰ সহযোগত মিছামাৰী, ঠেলামৰাকে ধৰি জিলাখনৰ বিভিন্ন স্থানত অভিযুক্ত লোকসকলৰ ঘৰত তালাচী চলায় ।
উল্লেখ্য যে, আৰক্ষীয়ে ইতিমধ্যে অনলাইন ট্ৰেডিঙৰ ২৪ কোটি ৮২ লাখ ৪৮ হাজাৰ ৬৮৮ টকাৰ প্ৰৱঞ্চনাৰ গোচৰত তেজপুৰ থানাৰ অন্তৰ্গত বান্দৰমাৰীৰ হেমেন ৰাভা, নেপালী পট্টিৰ পৰা শঙ্কৰ শ্বাহসহ বিভিন্ন গোচৰত ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।
ভুক্তভোগীয়ে কেনেদৰে জমা কৰিছিল ধন :
"গিনি কেপিটেল" নামৰ ট্রেডিং কোম্পানীত ১ লাখ টকাৰ বিনিয়োগ কৰিলে ৭-৮ শতাংশ সুদ লাভ কৰাৰ প্ৰলোভন দিয়া হৈছিল । যোৱা ৪ ছেপ্টেম্বৰত হেমেন ৰাভাক গ্ৰেপ্তাৰৰ পিছতে সংবাদ মাধ্যমত সকলো তথ্য পোহৰলৈ আহিছিল । সেই সময়ত এগৰাকী ভুক্তভোগীয়ে কৈছিল যে তেওঁ ২ লাখ টকা জমা কৰিছিল আৰু প্ৰত্যেক মাহৰ ২৬ তাৰিখে ৮ শতাংশ হিচাপে ২ লাখ টকাত ১৬ হাজাৰ টকা লাভ কৰিছিল ।
তেওঁ কৈছিল, "মই মোৰ গাঁৱৰ বন্ধু এজনৰ লগত হেমেন ৰাভাৰ ওচৰত তেওঁৰ কোম্পানীত ধন বিনিয়োগ কৰিছিলো, মই ২ লাখ টকাৰ বিনিময়ত মাহে ১৬ হাজাৰ টকা পাই আছিলো । কিন্তু শেহতীয়াকৈ যোৱা আগষ্ট মাহত এই ধন নোপোৱাত খবৰ কৰাত ৰাভাই জনায় যে কোম্পানীৰ চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে চিন্তা কৰিব নালাগে । তাৰ পিছত তেওঁ এখন চুক্তিপত্ৰ লৈ ১ লাখ টকাৰ বিনিময়ত ৭ৰ পৰা ১০ শতাংশ সুদ দিয়াৰ চুক্তি স্বাক্ষৰ কৰায় ।"
লগতে পঢ়ক : প্ৰ-পত্ৰ পূৰণ কৰি চি বি আইক হিচাপ দিছে বিনিয়োগকাৰীয়ে লগতে পঢ়ক : অনলাইন ট্ৰেডিং গোচৰ: ধন বিনিয়োগকাৰীক তলব চি বি আইৰ |
কিমান লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন :
গ্ৰামাঞ্চলৰ বহু লোকে লাখ লাখ টকা জমা কৰিছিল হেমেন ৰাভাৰ এই বিত্তীয় প্ৰতিষ্ঠানত । প্ৰতিজন লোকে ১ লাখৰ পৰা ১০ লাখলৈ টকা বিনিয়োগ কৰিছিল । একাংশ ভুক্তভোগীয়ে (নাম প্ৰকাশত অনিচ্ছুক) জনোৱা মতে হেমেন ৰাভাৰ অধীনত তেজপুৰত মুঠ ৫৫০ জন লোকে ধন বিনিয়োগ কৰিছিল ।
গ্ৰামাঞ্চলৰ সাধাৰণ লোকক সহজতে ধন ঘটাৰ প্ৰলোভন দিয়া এক বৃহৎ চক্ৰ যে ইয়াৰ আঁৰত আছে সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহে । অনলাইন ট্ৰেডিঙৰ নামত প্ৰায় ৩০০ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।
আনহাতে একাংশ ভুক্তভোগী যুৱকে বিচাৰি আছিল হেমেন ৰাভাক ৷ তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীত ইতিমধ্যে কেইবাখনো এজাহাৰ দাখিল কৰে ভুক্তভোগীসকলে ৷

