ETV Bharat / state

আঠ মাহৰ পিছত বিশাল ফুকন ওলাই আহিল মুকলি আকাশৰ তললৈ

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত কাৰাবন্দী বিশাল ফুকনৰ জামিন লাভ ।

BISHAL PHUKAN GETS BAIL
কাৰাবন্দী বিশাল ফুকনৰ জামিন লাভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2025 at 8:55 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: অৱশেষত শনিবাৰে নিশা মুকলি আকাশৰ তললৈ ওলাই আহিল অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত কাৰাবন্দী বিশাল ফুকন । ২০২৪ চনৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । সকলো জল্পনা-কল্পনাৰ অন্তত কাৰাগাৰৰ পৰা ওলাবলৈ সক্ষম হৈছে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অন্য়তম অভিযুক্ত বিশাল ফুকন ।

বিগত বৰ্ষত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্য । ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইজনক অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । অনলাইন ট্ৰেডিঙৰ ঘটনাই ৰাজ্যৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰাত অসম চৰকাৰে এই ট্ৰেডিং সম্পৰ্কীয় সকলো গোচৰ চি বি আইলৈ হস্তান্তৰ কৰিছে ।

কাৰাবন্দী বিশাল ফুকনৰ জামিন লাভ (ETV Bharat Assam)

অৱশেষত অনলাইন ট্ৰেডিং প্ৰৱঞ্চক গোচৰত কাৰাবন্দী হৈ থকা ডিব্ৰুগড়ৰ বিশাল ফুকন ওলাই আহিল মুকলি আকাশৰ তললৈ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড়ত সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিছিল । ডিব্ৰুগড় সদৰ থানাত 352/24 গোচৰ ৰুজু কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পাছতে বিশালৰ সহযোগী হিচাপে বিবেচিত অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল; কিন্তু অসম চৰকাৰেও অনলাইন ট্ৰেডিং সম্পৰ্কীয় সকলো গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাত ডিব্ৰুগড়ৰ পৰা তেওঁলোকক লৈ যোৱা হৈছিল গুৱাহাটীলৈ ।

বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড়, দুলীয়াজান আৰু বৰবৰুৱা থানাত ৰুজু হৈছিল গোচৰ । শনিবাৰে ডিব্ৰুগড়, দুলীয়াজান আৰু বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে বিশালে ৷ ফলত মুকলি আকাশৰ তললৈ ট্ৰেডিং কেলেংকাৰীৰ খলনায়ক বিশাল ফুকন আহিবলৈ সক্ষম হয় ।

আনহাতে এতিয়াও কাৰাগাৰতে আছে চুমী বৰা । আজিয়েই তাৰ্কিক বৰাও মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে । বিশাল ফুকনৰ অধিবক্তাই কয়, "বিশাল ফুকনৰ জামিন হ'ল । এতিয়াৰে পৰা আদালতৰ প্ৰক্ৰিয়া চলিব । আজি গুৱাহাটী কাৰাগাৰত থকা তাৰ্কিক বৰাও মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে । চুমী বৰাৰ জামিন আবেদন দাখিল কৰা হৈছে । বিশাল ফুকনৰ জামিনৰ ক্ষেত্ৰত কিছু চৰ্ত বান্ধি দিছে আদালতে । পাছপ'ৰ্ট জমা কৰিব দিছে, সদায় আদালতত সাজি হ'বলৈ নিৰ্দেশ দিছে ।"

লগতে পঢ়ক:বিশাল-চুমী-তাৰ্কিক-অভিজিতৰ বিৰুদ্ধে চি বি আইৰ অভিযোগনামা দাখিল - CBI CHARGESHEET

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰ: অন্ধকুপৰ পৰা ওলাল পাঁচজন, ৰৈ গ'ল চুমী - ONLINE TRADING SCAM