মুকলি আকাশৰ তললৈ আহিব বিশাল-তাৰ্কিক, চুমীৰ কি হ'ব ?
মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল বিশাল আৰু তাৰ্কিকৰ । জামিন পালে বিশাল ফুকন আৰু তাৰ্কিক বৰাই ।

Published : May 1, 2025 at 6:50 PM IST
গুৱাহাটী: ৰাজ্য কঁপোৱা বিয়োগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি জে'লত থকা বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল । ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত জামিন পালে বিশাল ফুকন আৰু তাৰ্কিক বৰাই । একেটা গোচৰত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি জে'লত থকা চুমী বৰাই এতিয়াও জামিন লাভ কৰা নাই ।
শুকুৰবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা তাৰ্কিক বৰা ওৰফে তপন বৰা আৰু বিশাল ফুকনৰ । আদালতৰ নিৰ্দেশনামা ওলোৱাত বিলম্ব হোৱাৰ বাবে বৃহস্পতিবাৰে ওলাব নোৱাৰিব দুয়োজন । সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে দুয়োজন । আনহাতে চুমী বৰাই এতিয়াও জামিনৰ বাবে আবেদন কৰা নাই আদালতত ।
অভিযুক্ত পক্ষৰ অধিবক্তা দেৱব্ৰত শইকীয়াই কয়, "বিশাল ফুকন আৰু তাৰ্কিক বৰাই ন্যায়াধীশ পি জে শইকীয়া আদালতত জামিন আবেদন কৰিছিল । যোৱা ২৯ এপ্ৰিল এই জামিন আবেদনৰ শুনানি হৈছিল যদিও ৰায় সংৰক্ষিত কৰি ৰখা হৈছিল । বৃহস্পতিবাৰে পুৱা জামিন আবেদনৰ ৰায়দান হয় । আদালতৰ নিৰ্দেশনামা ওলোৱাত বিলম্ব হোৱাৰ বাবে আজি ওলাব নোৱাৰিব দুয়োজন । কাইলৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা তাৰ্কিক বৰা ওৰফে তপন বৰা আৰু বিশাল ফুকনৰ ।"
তেওঁ লগতে কয়, "চুমী বৰাই জামিনৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই । ডিব্ৰুগড় সদৰ আৰক্ষী থানাত বিশাল, চুমী আৰু তাৰ্কিকৰ বিৰুদ্ধে ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) , ৪২০ আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত গোচৰ পঞ্জীয়ন হৈছিল । এই গোচৰটো ডিব্ৰুগড় নিম্ন আদালতত চলি আছে । যোৱা বছৰ ডিচেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে বিশাল, চুমী আৰু তাৰ্কিকৰ বিৰুদ্ধে আদালতত কেছ ডায়েৰী দাখিল কৰিছিল ।"
উল্লেখ্য যে যোৱা বছৰ ৰাজ্য কঁপোৱা বিয়োগোম ট্ৰেডিং কেলেংকাৰীত যোৱা ২ ছেপ্টেম্বৰত বিশাল ফুকনক ডিব্ৰুগড়ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমী বৰাৰ নাম বিশালৰ ব্যৱসায়ত সাঙুৰ খাই পৰিছিল আৰু তাৰ পাছতে চুমী বৰা আৰু স্বামী তার্কিক বৰাই আত্মগোপন কৰে ।

