ETV Bharat / state

বিধায়ক পদ খাৰিজ নহ’ল শ্বেৰমান আলীৰ: অধ্যক্ষই দিলে সকাহ

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বাহাল ৰাখিলে শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীৰ ৷

MLA SHERMAN ALI AHMED
বিধায়ক শ্বেৰমান আলী আহমেদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2025 at 10:12 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বাবে ডাঙৰ সকাহ । বিধায়ক পদ খাৰিজৰ পৰা ৰক্ষা পৰিল শ্বেৰমান আলী আহমেদ ৷ শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছে কৰা আবেদন খাৰিজ কৰি বাহাল ৰাখিলে বিধায়ক পদ । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিলে এই ৰায় ।

বিধানসভাৰ অধ্যক্ষৰ এই ৰায়দানৰ পিছতেই সততে খঙাল বুলি নাম থকা শ্বেৰমান আলী আহমেদ হৈ পৰিল আধ্যাত্মিক ৷ বিধায়ক শ্বেৰমান আলীৰ মন্তব্য, “আল্লা-ভগবানৰ সহায় নাপালে মই এনেকুৱা বিপদৰ পৰা ৰক্ষা পোৱাটো কঠিন আছিল । মানুহ এজন যেতিয়া সদায় সৎ পথত থাকে, ভগৱান বা আল্লাহৰ সৃষ্ট জীৱৰ বাবে কাম কৰে, তেতিয়া তেওঁৰ সন্মুখত হাজাৰ বাধা-বিঘিনি আহিলেও তেতিয়া আল্লা তেওঁৰ কাষত থিয় হয় ৷”

বিধায়ক শ্বেৰমান আলী আহমেদ (ETV Bharat Assam)

“আমাৰ জীৱন দুদিনীয়া, সেয়ে আমি কাৰো প্ৰতি আক্ৰোশ কৰিব নালাগে, আমাৰ লক্ষ্য হ’ব লাগে যে মানৱ জাতিৰ মংগলৰ বাবে আমাৰ প্ৰতিটো খোজেই সহায়ক হওক ।” মন্তব্য বিধায়ক শ্বেৰমান আলীৰ ৷

MLA SHERMAN ALI AHMED
বিধায়ক পদ খাৰিজ নহ’ল শ্বেৰমান আলীৰ (ETV Bharat Assam)

কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ পিছত বিধায়ক পদ ত্যাগ কৰা নাছিল শ্বেৰমান আলীয়ে । সেয়ে, কংগ্ৰেছৰ তৰফৰ পৰা শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন জনোৱা হৈছিল ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন জনাইছিল বিধানসভাৰ অধ্যক্ষৰ ওচৰত । বিধানসভাৰ অধ্যক্ষই বিষয়টোৰ চূড়ান্ত ৰায় নিদিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰকিবুল হুছেইন । উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষলৈ শপতনামা দাখিল কৰিবলৈয়ো যোৱা অক্টোবৰ মাহত নিৰ্দেশনা আগবঢ়াইছিল ।

MLA SHERMAN ALI AHMED
বিধায়ক পদ খাৰিজ নহ’ল শ্বেৰমান আলীৰ (ETV Bharat Assam)

“মোৰ বিৰুদ্ধে দুটাকৈ আবেদন আছিল । এটা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ, আনটো এটা ৰকিবুল হুছেইনৰ । মোৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন কৰিছিল । মই জ্ঞাত হোৱা মতে দুয়োটা আবেদনেই খাৰিজ হৈছে ।” বিধানসভাৰ অধ্যক্ষই তেওঁৰ বিধায়ক পদ বাহাল ৰখা প্ৰসংগত এইদৰে মত প্ৰকাশ কৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে ।

বিধানসভাৰ অধ্যক্ষই এই ৰায়দান কৰাৰ পিছত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে বিধায়ক হৈ থকাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিল ৷ আনহাতে, ধাৰণা কৰা হৈছে যে অধ্যক্ষৰ এই ৰায়ৰ ভিত্তিত উচ্চ ন্যায়ালয়ত শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ প্ৰসংগত থকা ৰকিবুল হুছেইনৰ আবেদনখন খাৰিজ হোৱাৰ বাট মুকলি হ’ল ৷ অৱশ্যে পৰৱৰ্তী সময়ত যদিহে কোনোবাই ইচ্ছা কৰে তেন্তে বিধানসভাৰ অধ্যক্ষৰ এই ৰায়ৰ পুনৰ পৰ্যালোচনা কৰিবলৈ ন্যায়ালয়ত আবেদন জনাব পাৰিব ।

লগতে পঢ়ক : ন্যায়ালয়ৰ হস্তক্ষেপ: শ্বেৰমানৰ বিধায়ক পদ খাৰিজক লৈ বিধানসভাত হ'ব শুনানি

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰিলে কোন দলত যোগ দিব শ্বেৰমান আলী আহমেদে ! - MLA Sherman Ali Ahmed