শ্বিলঙৰ পৰা শিলচৰলৈ হাই-স্পীড কৰিড'ৰ: কেবিনেটৰ অনুমোদনক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
এই প্ৰকল্পৰ ফলত গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় ৫০% তকৈও অধিক হ্ৰাস পাব ৷

By ANI
Published : May 1, 2025 at 1:09 PM IST
গুৱাহাটী: শ্বিলঙৰ পৰা শিলচৰলৈ চাৰিলেনযুক্ত হাই-স্পীড কৰিড'ৰ নিৰ্মাণ, তত্বাৱধান আৰু ব্যৱস্থাপনাৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেবিনেটক উচ্চ প্ৰশংসা কৰে ।
সামাজিক মাধ্যম Xত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২২,৮৬৪ কোটি টকাৰ প্ৰকল্পটোত অনুমোদন জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি এই এক্সপ্ৰেছ ৱে-টোৱে যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে বৰাক উপত্যকালৈ “যোগাযোগ বিপ্লৱৰ সৃষ্টি কৰিব” বুলি উল্লেখ কৰে ।
Post #AdvantageAssam2, the huge investment and infrastructure push to transform Assam continues!
— Himanta Biswa Sarma (@himantabiswa) April 30, 2025
My gratitude to the Union Cabinet led by Hon’ble Prime Minister Shri @narendramodi Ji for approving the ₹22,864 cr greenfield Guwahati Silchar Expressway.
This project will… pic.twitter.com/z1mxWqEMHW
"২২,৮৬৪ কোটি টকাৰ গ্ৰীণফিল্ড গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱেৰ অনুমোদন জনোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটলৈ মোৰ কৃতজ্ঞতা । এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় ৫০% তকৈও অধিক হ্ৰাস পাব আৰু বৰাক উপত্যকাৰ সৈতে সংযোগত বৈপ্লৱিক পৰিৱৰ্তন আনিব । এইটো এক্সপ্ৰেছৱেৰ এটা শৃংখলাত প্ৰথম হ'ব, যিয়ে অসমক অতিক্ৰম কৰিব ৷" মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷
এক আনুষ্ঠানিক বিবৃতি অনুসৰি মেঘালয়ৰ মাউলিংখুং (শ্বিলং) ৰ সমীপৰ পৰা অসমৰ পঞ্চগ্ৰাম (শিলচৰ) ৰ সমীপলৈকে ১৬৬.৮০ কিলোমিটাৰ দৈৰ্ঘৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো হাইব্ৰীড এনুইটি মোডত প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড হাইস্পীড কৰিড'ৰ হিচাপে নিৰ্মাণ কৰা হ’ব ৷ যাৰ নিৰ্মাণত মুঠ ব্যয় কৰা হ’ব ২২,৮৬৪ কোটি টকা ।
মেঘালয়ৰ ১৪৪.৮০ কিলোমিটাৰ আৰু অসমৰ ২২.০০ কিলোমিটাৰ সামৰা এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ হৈছে ১৬৬.৮০ কিলোমিটাৰ ৷
প্ৰস্তাৱিত গ্ৰীণফিল্ড হাইস্পীড কৰিড’ৰটোৱে গুৱাহাটীৰ পৰা শিলচৰলৈ কৰিবলগীয়া যাতায়াতৰ সেৱাৰ স্তৰ উন্নত কৰিব । এই কৰিড’ৰৰ নিৰ্মাণে গুৱাহাটীৰ পৰা ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু অসমৰ বৰাক উপত্যকা অঞ্চললৈ যাতায়াতৰ দূৰত্ব আৰু যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰি সংযোগ ব্য়ৱস্থা উন্নত কৰিব ।
এই কৰিড'ৰটো মেঘালয়ৰ চিমেণ্ট আৰু কয়লা উৎপাদন এলেকাৰ মাজেৰে পাৰ হৈ যাব বাবে অসম আৰু মেঘালয়ৰ মাজত সংযোগ উন্নত কৰাৰ লগতে মেঘালয়ৰ উদ্যোগসমূহৰ উন্নয়নকে ধৰি অৰ্থনৈতিক উন্নয়নতো সহায় কৰিব । এই কৰিড'ৰত সু-সংযোগী গুৱাহাটী বিমানবন্দৰ, শিলচৰ বিমানবন্দৰ আৰু গুৱাহাটী-শিলচৰ সংযোগী শিলচৰ বিমানবন্দৰৰ পৰা (বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ ৬ ৰ জৰিয়তে) অহা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক সহায় কৰিব ৷ ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ বাবে আকৰ্ষণীয় দৃশ্যপট স্থানসমূহ সংযোগ কৰা হ’ব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব ।
এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পটোৱে গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃ-মহানগৰ সংযোগ ব্যৱস্থাক উন্নত কৰিব ৷ ৰিভই, পূব খাচী পাহাৰ, পশ্চিম জয়ন্তীয়া পাহাৰ, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ আৰু অসমৰ কাছাৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱাৰ ফলত বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ ৬ ত ভিৰ হ্ৰাস হ'ব আৰু প্ৰধানমন্ত্ৰীৰ গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেনৰ সৈতে সংগতি ৰাখি পৰিবহন আন্তঃগাঁথনিৰ বিকাশ বৃদ্ধি হ'ব ।
এই প্ৰকল্পই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ২০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি প্ৰধান পৰিবহণ কৰিড’ৰৰ সৈতে একত্ৰিত হৈ গুৱাহাটী, শ্বিলং, শিলচৰ, ডিয়েংপাছ’, উম্মুলং, ফ্ৰামেৰ, খ্লিয়েৰিয়াট, ৰাটাচেৰা, উমকিয়াং, কালাইনলৈ সংযোগ স্থাপন কৰিব ।
শ্বিলং-শিলচৰ কৰিড’ৰ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী, শ্বিলং, শিলচৰ, ইম্ফল, আইজল আৰু আগৰতলাৰ সংযোগ উন্নত কৰি আঞ্চলিক অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ এই প্ৰকল্পটোৰ আত্মনিৰ্ভৰ ভাৰতৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে মিল আছে ৷ যিয়ে আন্তঃগাঁথনি বৃদ্ধিৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু মেঘালয়, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত আৰ্থ-সামাজিক বিকাশৰ পোষকতা কৰে ।
লগতে পঢ়ক: স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ দেশত আৰম্ভ হ'ব জাতিগত গণনা

