বাঁহৰ চুঙাত বিয়াৰ চিঠি, ৬ আঘোণত গগনৰ বিয়া - Special wedding invitation letter
Special wedding invitation letter in Kaliabor: কলিয়াবৰৰ এজন যুৱকৰ বিয়া । বিয়া বুলি ঘৰখনত চলিছে যো-জা । পিচে বিয়াৰ পূৰ্বেই চৰ্চালৈ আহিল দৰা । আহিবৰে কথা । কিয়নো বিয়াৰ নিমন্ত্ৰণী পত্ৰই লাভ কৰিছে বিশেষ চৰ্চা । কিয় বিশেষ বিয়াৰ নিমন্ত্ৰণী পত্ৰ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ।

Published : September 25, 2024 at 7:01 PM IST
কলিয়াবৰ,২৫ ছেপ্টেম্বৰ: কলিয়াবৰৰ এজন যুৱকৰ বিয়া । সেইটোনো কি ডাঙৰ খবৰ ? কিন্তু বিয়া সঞ্জীৱ শইকীয়াৰ । কুঁৱৰীটোলৰ সঞ্জীৱ শইকীয়াৰ বিয়া বুলি ক'লে হয়তো চিনি নাপাবও পাৰে । সঞ্জীৱক কলিয়াবৰৰ সাংস্কৃতিক পথাৰত গগন বুলি ক'লেহে চিনি পায় । সেই গগনৰে বিয়া । ‘আঘোণৰ কুঁৱলীয়ে পদূলি গচকা’ এটি শুভ দিনতে বিবাহপাশত আৱদ্ধ হ’ব সাংস্কৃতিক কৰ্মী, খেলুৱৈ সঞ্জীৱ শইকীয়া ওৰফে গগন ।
সাংস্কৃতিক কৰ্মী, নাট-ভাওনাৰে জড়িত হৈ এই যুৱ বয়সতে কলিয়াবৰ তথা অসমত এক সুকীয়া পৰিচয় গঢ়ি তোলা গগনৰ বিয়াখন কিছু ব্যতিক্ৰমী হোৱাৰে কথা । অসমীয়াৰ অহা ৬ আঘোণ আৰু ২০২৪ চনৰ ২২ নৱেম্বৰত হ'ব বিয়া আৰু ৬ আঘোণ, ২৫ নৱেম্বৰত বিয়াৰ অভ্যৰ্থনা । এই লৈ গগনৰ ঘৰত বিয়াৰ যো-জা চলিছে, চলিবৰে কথা । বিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ কামটো হ'ল বিয়াৰ অতিথি নিমন্ত্ৰণ ।
তাৰ বাবে সাংস্কৃতিক মনৰ যুৱক হিচাপে বিয়াৰ নিমন্ত্ৰণী পত্ৰখনো ব্যতিক্ৰমী ৰূপত সজাই-পৰাই তুলিছে গগনে । এই বিশেষ আৰ্হিৰ চিঠিখনৰ চিন্তাৰ উৎসটো এখন অনাদৃত বিয়াৰ চিঠি বুলি উল্লেখ কৰি গগনে কয়,"এদিন মায়ে এখন বিয়াৰ চিঠিৰ পিছফালে বজাৰৰ পৰা আনিবলগীয়া সামগ্ৰীৰ তালিকা এখন দিছিল । সেইদিনাই মই ভাবিলো, মোৰ বিয়াৰ চিঠিখনৰো যদি এনে অৱস্থা হয় ! তেনেকৈয়ে ভাবোতে বাঁহৰ চুঙাত বিয়াৰ চিঠিৰ চিন্তাটো মনলৈ আহিল । এই চিন্তাটো জ্যেষ্ঠ ভাতৃ, বন্ধু তথা ভাতৃ প্ৰতীম কেইবাজনৰো সহযোগত সম্ভৱ হৈ উঠিল ।"
বিয়াৰ চিঠিখন কগজতে ছপাইছে যদিও চিঠিখন কাগজৰ খামৰ পৰিৱৰ্তে চকুত লগা আৰ্হিৰ লগতে দৰা-কইনাৰ ছবিৰে নিৰ্মিত চুঙাত ভৰাই অভ্যাগতসকলক নিমন্ত্ৰণ জনাইছে । ধুনীয়া চুঙাটোৰ পৰা সাফৰ খুলিলেই পাব গগনৰ বিয়াৰ চিঠি । অসমীয়া সমাজত বাঁহৰ চুঙাৰ দৈৰ এক সুকীয়া মৰ্যাদা আছে । সোৱাদৰ ফালৰ পৰাও, সাংস্কৃতিক দিশৰ পৰাও । বাঁহৰ চুঙাৰ এই বিয়াৰ চিঠিয়ে এক সুকীয়া মৰ্যাদা লাভ কৰিছে ।
নৱেম্বৰত হ’বলগা বিয়াখনৰ বাবে সঞ্জীবে এতিয়া বাঁহৰ চুঙাত চিঠি ভৰাই বিয়াৰ অতিথি নিমন্ত্ৰণ পৰ্ব আৰম্ভ কৰিছে । কলিয়াবৰৰ কলা-সংস্কৃতিৰ লগত জড়িত হৈ থকা বিভিন্ন বাদ্য নিৰ্মাণত পাকৈত নন্দলাল ৰবিদাসে প্ৰস্তুত দিয়া বিজুলী বাঁহৰ চুঙাত চিঠি ভৰাই এতিয়া বিয়াৰ নিমন্ত্ৰণী পৰ্ব চলাই গৈছে সঞ্জীব ওৰফে গগনে । গগনৰ যুগ্ম জীৱনৰ প্ৰাকক্ষণত এফেৰি আশীৰ্বাদ কামনা কৰি ব্যতিক্ৰমী নিমন্ত্ৰণী পত্ৰখনে প্ৰাণ পোৱাত সহযোগিতা আগবঢ়ালে জ্যেষ্ঠ ভাতৃ পল্লৱ শইকীয়া, বন্ধু ধনবৰ ভূঞা, নৱদীপ বৰুৱা, সঞ্জয় বৰাৰ লগতে ভাতৃপ্ৰতীম গুণমণি ওজা, ঝুনাকঙ্কন ভূঞা, ভাস্কৰ শইকীয়া, নৱদীপ বৰা, ৰূপজ্যোতি, মানসে ।
বন্ধু, ভাতৃৰ কলমে প্ৰাণ দিয়া চিঠিখন আটোম-টোকাৰিকৈ বিজুলী বাঁহৰ চুঙাত অতিথিৰ গৃহতো বিশেষ মৰ্যাদা লাভ কৰিব বুলি আশা কৰিছে সঞ্জীৱে । কলিয়াবৰৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী, অভিনেতা, পৰিচালক তথা হকী খেলুৱৈ ৰূপেও পৰিচয় থকা সঞ্জীৱ শইকীয়া ওৰফে গগনৰ কইনাও এগৰাকী সত্ৰীয়া নৃত্যাঙ্গনা ।

