ETV Bharat / sports

এন্টিগুয়াত বাংলাদেশৰ সন্মুখত 197 ৰাণৰ বিজয় লক্ষ্য বান্ধিলে ভাৰতে - T20 World Cup 2024

IND vs BAN: এন্টিগুয়াত ভাৰত আৰু বাংলাদেশৰ মাজত এখন ছুপাৰ-৮ মেচ অনুষ্ঠিত হৈছে। এই মেচত বাংলাদেশে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পঢ়ক সম্পূৰ্ণ খবৰ..

T20 WORLD CUP 2024
ভাৰত আৰু বাংলাদেশৰ যুঁজ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:42 PM IST

স্পৰ্টছ ডেস্ক, 22 জুন : এন্টিগুয়াৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত আজি ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈছে T-২০ বিশ্বকাপ 2024ৰ ছুপাৰ-৮ মেচ ৷ ভাৰতৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ ৷ এই মেচত জয়লাভ কৰাৰ লগে লগে ভাৰতৰ ছেমি ফাইনেলৰ টিকট নিশ্চিত হ’ব ৷ প্ৰতিযোগিতাখনত এতিয়ালৈকে অপৰাজিত হৈ থকা টিম ইণ্ডিয়া আজিৰ খেলখনৰ বাবে ফেভাৰিট ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি ভাৰতে বাংলাদেশক জয়ৰ বাবে বান্ধি দিছে 197 ৰাণৰ বিশাল লক্ষ্য ৷ মেচখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় বাংলাদেশে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 196 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ হিটমেনে স্বাভাৱসুলভ বেটিঙেৰে মাত্ৰ 11 টা বলতে 23 ৰাণৰ বৰঙণি আগবঢ়াই ৷ বিৰাট কোহলীয়ে 28 টা বলত 37 ৰাণ সংগ্ৰহ কৰি দলক এক মজবুট আৰম্ভণি দিয়ে ৷

লগতে পঢ়ক : আজি ছুপাৰ-৮ ত ভাৰত বনাম বাংলাদেশ; মেচৰ এক পূৰ্বলোকন - T20 Cricket World Cup 2024

ইয়াৰ পিচতেই উইকেট কীপাৰ বেটছমেন ঋষভ পন্টেও বিস্ফোৰক বেটিঙেৰে দলৰ স্ক’ৰ শক্তিশালী হোৱাত সহায় কৰে ৷ পন্টে 24 টা বলত 36 ৰাণৰ এক ইনিংছ খেলে ৷ লগে লগে শিৱম ডুবেই নিৰাশ নকৰি 24 টা বলত 34 ৰাণৰ এক ইনিংছ খেলি দলীয় স্ক’ৰ শক্তিশালী কৰে ৷ ইয়াৰ পিচতেই অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বিস্ফোৰক বেটিঙেৰে দলীয় স্ক’ৰ 196 লৈ নিয়ে ৷ পাণ্ডিয়াই 27 টা বলত 50 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ অক্ষৰ পেটেলে 3 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে সূৰ্যকুমাৰ যাদৱে 2 টা বলত 6 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ বাংলাদেশৰ হৈ তাঞ্জিম হাছান শ্বাকিব আৰু ৰিছাদ হুছেইনে 2টাকৈ উইকেট দখল কৰে ৷ শ্বাকিব আল হাছানে দখল কৰে 1 টা উইকেট৷

ইফালে বাংলাদেশে নিজৰ ইনিংছ আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে 12 অভাৰত 3টা উইকেট হেৰুৱাই 80 ৰাণ সংগ্ৰহ কৰিছে ৷ ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 1টা আৰু কুলদীপ যাদৱে 2টা উইকেট দখল কৰিছে ৷

দুয়োটা দলৰ মাজত থকা অভিলেখৰ কথা ক’বলৈ গ’লে দুয়োটা দলে 13খন T-২০ মেচত মুখামুখি হৈছে ৷ এই সময়ছোৱাত টিম ইণ্ডিয়াই 12খনত জয়লাভ কৰিছে ৷ বাংলাদেশে মাত্ৰ এবাৰহে জয়লাভ কৰিছে ৷ আজিৰ খেলখনত ভাৰতৰ শক্তিশালী বেটিং লাইন আপৰ মুখামুখি হয় বাংলাদেশৰ দ্ৰুত বলিং আক্ৰমণ ৷ ভাৰতে দলত কোনো সাল-সলনি নকৰাকৈ খেলপথাৰত নমাৰ বিপৰীতে বাংলাদেশে তাস্কিন আহমেদৰ বিপৰীতে মেহদি হাছানক অন্তৰ্ভূক্ত কৰিছে ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৪ : গ্ৰুপ ২ত ছেমি ফাইনেল স্পটৰ বাবে ৰোমাঞ্চকৰ তিনিকোণীয়া যুঁজ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.