ETV Bharat / sports

ক্ৰিকেটৰ ওপৰত নিষেধাজ্ঞা জাৰি আই চি চিৰ !

Cricket League in USA: আমেৰিকাৰ নেশ্যনেল ক্ৰিকেট লীগ (এন চি এল) ক নিষিদ্ধ ঘোষণা আই চি চিৰ ৷ পিছে কি ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ ?

USA National Cricket League
আই চি চিৰ নিষেধাজ্ঞা (Getty image)
author img

By ETV Bharat Sports Team

Published : December 10, 2024 at 3:49 PM IST

3 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) আমেৰিকাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট লীগ (এন চি এল) ক নিষিদ্ধ ঘোষণা কৰিছে । প্লেয়িং ইলেভেনৰ বাহিৰে বাকী নিয়ম অনুসৰণ নকৰাৰ বাবেই এই নিষেধাজ্ঞা আৰোপ কৰে ব’ৰ্ডে ৷

পূৰ্বেও বহুবাৰ 6-7 গৰাকীকৈ বিদেশী খেলুৱৈক একেখন খেলপথাৰতে একেটা দলৰ হৈ খেলা পৰিলক্ষিত হৈছিল ৷ কিন্তু ব’ৰ্ডৰ নিয়ম অনুসৰি, 7 গৰাকী স্থানীয় আৰু 4 গৰাকী বিদেশী খেলুৱৈয়েহে এটা দলত একেলগে খেলিব পাৰে ।

ৰাষ্ট্ৰীয় ক্ৰিকেট লীগৰ ওপৰত নিষেধাজ্ঞা (এন চি এল)

এবছৰৰ পূৰ্বে আই চি চিয়ে সমগ্ৰ বিশ্বত টি-20 আৰু টি-10 লীগৰ অনুমোদনৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু জানি আচৰিত হ'ব যে, ব’ৰ্ডখনলৈ টি-20 আৰু টি-10 লীগৰ অনুমোদনৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যক আবেদনে আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেট (ইউ এছ এ চি) লৈ লিখা এখন পত্ৰত আই চি চিয়ে পৰৱৰ্তী সংস্কৰণৰ বাবে লীগটো অনুমোদন নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । পত্ৰখনত মুখ্যতঃ প্লেয়িং ইলেভেনৰ নিয়ম অনুসৰণ নকৰাৰ কথা উল্লেখ কৰা হৈছে ।

এন চি এলত অনুপযুক্ত পিটচৰ ব্যৱহাৰ

প্লেয়িং ইলেভেনৰ নিয়ম অৱজ্ঞা কৰাৰ উপৰিও আই চি চিয়ে এন চি এলৰ অনুপযুক্ত পিটছৰ কথাও উল্লেখ কৰে । এই লীগত ড্ৰপ-ইন পিটছ ব্যৱহাৰ কৰা হৈছিল, যিবোৰ আছিল অতি নিম্ন মানদণ্ডৰ ৷ আনকি বেটছমেনসকলে কোনো শাৰীৰিক আঘাত নোপোৱাৰ স্বাৰ্থতে ৱাহাব ৰিয়াজ আৰু টাইমল মিলছৰ দৰে দ্ৰুত বলাৰেও স্পিন বল কৰিবলগা হৈছিল ।

ৱাছিম আক্ৰাম-ভিভিয়ান ৰিচাৰ্ডছ আছিল এন চি এলৰ ব্ৰেণ্ড এম্বেচেডৰ

এন চি এলে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম আক্ৰাম আৰু ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছৰ দৰে তাৰকাসকলক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে প্ৰত্যাহ্বান জনাই ক্ৰিকেটজগতৰ মাজত আগ্ৰহ সৃষ্টি কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । ইয়াৰোপৰি শচীন তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰেও তেওঁলোকক এই লীগত অন্তৰ্ভুক্ত কৰি এক আলোড়ন সৃষ্টি কৰিছিল । অৱশ্যে, তাৰকা খেলুৱৈসকলৰ উপস্থিতিয়ে আৰম্ভণিৰ পৰাই লীগটোত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ সমাধানত ব্যৰ্থ হোৱা দেখা গৈছিল ।

জয় শ্বাহ আই চি চিৰ নতুন অধ্যক্ষ

বি চি চি আইৰ প্ৰাক্তন সচিব জয় শ্বাহে বিগত 1 ডিচেম্বৰত আই চি চিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে । তেওঁ এই সন্মানীয় পদত অধিষ্ঠিত হোৱা সৰ্বকনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত হৈছে । জগমোহন ডালমিয়া, শাৰদ পাৱাৰ, এন শ্ৰীনিবাসন আৰু শশাংক মনোহৰৰ পিছত আই চি চিৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা শ্বাহ পঞ্চমগৰাকী ভাৰতীয় ।

লগতে পঢ়ক: আই চি চিৰ অধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ অমিত তনয় জয় শ্বাহৰ