অখ্যাত গাঁৱৰ ক্ৰীড়া প্ৰতিভাৰ সুবাসেৰে সামৰণি পৰিল ব্ৰহ্মপুত্ৰ ভলীবলৰ
সামৰণি পৰিল পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগৰ । এই ভলীবল লীগৰ পৰায়ে উদ্ভাসিত হ'ল অখ্যাত গাঁৱৰ বহু ক্ৰীড়া প্ৰতিভা ।

Published : January 27, 2025 at 7:49 PM IST
তেজপুৰ : ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম সংস্কৰণৰ চূড়ান্ত খেলৰ সফল সামৰণি পৰিল । জনশূন্য হৈ পৰিল তেজপুৰ পল' ফিল্ড । বিগত চাৰিদিন ধৰি দেশ-বিদেশৰ বিভিন্ন খেলুৱৈ তথা ভলীবল নিয়ন্ত্ৰক সংস্থাৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিৰ লগতে ব্ৰহ্মপুত্ৰ ভলীবলৰ ৩৫ টা দলে চমক লগোৱা খেল প্ৰদৰ্শন কৰে ।
ব্ৰহ্মপুত্ৰ ভলীবল লীগ উপলক্ষে ১৭০ খন গাঁৱৰ প্ৰায় ১০০০ প্ৰশিক্ষককে ধৰি বহুতো খেলুৱৈৰ সমাহাৰ ঘটে তেজপুৰ পল' ফিল্ডত । আনহাতে, চূড়ান্ত খেলত উপস্থিত থাকে ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি ফেবিঅ' এজেভেড' । ইফালে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বাটকটীয়া তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই এই লীগৰ সফল আয়োজনৰ বাবে গামাঞ্চলৰ সকলো অনুৰাগীক কৃতজ্ঞতা জ্ঞাপন কৰে ।
এই ভলীবল লীগৰ চূড়ান্ত খেলৰ আৰম্ভণিৰে পৰা উপস্থিত থাকে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ডঃ ভ্লাদিমিৰ গাৰ্বীক । এই লীগ সন্দৰ্ভত তেওঁ কয়, "মই এই শিশু খেলুৱৈৰ অভিভাৱকসকলৰ লগত কথা পাতিছোঁ । তেওঁলোকৰ বাবে ভলীবলৰ ভাল বিদ্যালয়ৰ প্ৰয়োজন আছে । বিজয় লাভ কৰাৰ পিছত তেওঁলোকৰ যি উল্লাস দেখিছোঁ, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়োজন । এইটো তেওঁলোকৰ দৰে বহুতো শিশুৰ জীৱন সলনি কৰাৰ এক মহূৰ্ত ।"

তেওঁ লগতে কয়, "বহুতো শিশু গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে আহিছে । মাত্ৰ এসাঁজ খাদ্যৰে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ খেলা খেলি আহিছে । কিন্তু এই ব্ৰহ্মপুত্ৰ ভলীবলৰ দ্বাৰা তেওঁলোকৰ জীৱন-ধাৰণ সলনি হৈছে । ব্ৰহ্মপুত্ৰ ভলীবলে তেওঁলোকৰ জীৱনৰ গতিপথ সলনি কৰিলে । আমি তেওঁলোকক আৰু আগবাঢ়ি যোৱাত সহায় কৰিম, মনোনীত কৰিম ।"

ব্ৰহ্মপুত্ৰ ভলীবল সন্দৰ্ভত তেওঁ কয়, "ব্ৰহ্মপুত্ৰ ভলীবল কেৱল এটা প্ৰতিযোগিতা নহয়, ই এক সংগ্ৰাম আৰু গণ সংগ্ৰাম । মই মোৰ চকুৰে দেখিবলৈ পাইছোঁ যে তেওঁলোকে এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বাবে খেলিবলৈ সুবিধা লাভ কৰিব ।"

তেওঁ পুনৰ কয়, "এই শিশুসকলে ১৫ বছৰলৈ ভলীবলৰ আনন্দ লাভ কৰিব । তাৰ পিছত যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা খেল আৰম্ভ কৰিব তাৰ বাবে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব । সেইসমূহ পাৰ কৰি লক্ষ্যত উপনীত কৰাবলৈ আমি চাব লাগিব ।"

তেওঁ লগতে কয়, "ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগৰ সম্ভাৱনীয়তা যথেষ্ট আছে । ভৱিষ্যতত এই শিশুসকলৰ লগত কাম কৰিবলগীয়া আছে । কষ্ট কৰিব লাগিব, তেতিয়াহে এটা ভাল ফল লাভ কৰিব পাৰিব ।"

আনহাতে, চূড়ান্ত খেলৰ মুহূৰ্তবোৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । বিশেষকৈ ১২ বছৰ অনূৰ্ধ্বৰ শিশু খেলুৱৈসকলৰ প্ৰতিভা এক লেখত ল'বলগীয়া দিশ আছিল ।

ইফালে ব্ৰহ্মপুত্ৰ ভলীবলৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয়, "তেজপুৰত এই লীগৰ আয়োজন কৰাৰ কথা এসময়ত ভাবিবই পৰা নাছিলোঁ । ই মোৰ আৰু আমাৰ সকলো উদ্যোক্তাৰ বাবে এটা ডাঙৰ অভিজ্ঞতা । নিশা ১২ বজালৈ ভোজনালয়ত খাদ্য বিতৰণ, কণ কণ শিশু খেলুৱৈৰ স্বাস্থ্যৰ যতন, সকলো কাম তেজপুৰৰ লোকে কৰি দেখুৱালে । আমি এই খেলৰ পৰা বহুতো খেলুৱৈৰ চিনাক্তকৰণ কৰিলোঁ । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলেও নিৰ্বাচিত কৰিলে ।"

উল্লেখ্য যে এই ভলীবল লীগত বিজয়ী খেলুৱৈসকলক কেৱল এটা ট্ৰফীৰেই সম্বৰ্ধনা জনোৱা নহয় । তেওঁলোকৰ খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় । সকলো অংশগ্ৰহণকাৰী দলকে এই সামগ্ৰীসমূহ প্ৰদান কৰা হয় ।

চাৰিদিনৰ এই লীগত মুঠ ৩৫ টা দলৰ ৪০০ লোকৰ অংশগ্ৰহণেৰে ৭২ খন মেচ অনুষ্ঠিত হয় । ১২ বছৰ অনূৰ্ধ্বৰ ল'ৰা-ছোৱালী আৰু ১৬ বছৰ অনূৰ্ধ্বৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰে । লগতে ১৭০ খন গাঁৱৰ ভলীবলৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে ।

