ETV Bharat / politics

তিনিচুকীয়াত বিপুল আদৰণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক - Sarbananda Sonowal

Sarbananda Sonowal in Tinsukia: তিনিচুকীয়াত বিপুল আদৰণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ তিনিচুকীয়া সমষ্টিত সৰ্বাধিক ভোট লাভ কৰাত ধন্যবাদ জ্ঞাপন ৷

Sarbananda Sonowal in Tinsukia
তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:32 PM IST

তিনিচুকীয়া, ২১ জুন : ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়যুক্ত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিচত শুকুৰবাৰে তিনিচুকীয়াত প্ৰথমবাৰৰ বাবে উপস্থিত হয় সৰ্বানন্দ সোণোৱাল ৷ জয়যুক্ত হৈ কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাত দলীয় কৰ্মকৰ্তাসকল আনন্দিত হৈ তিনিচুকীয়াৰ হোটেল এৰ’মাত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ সহযোগত আয়োজন কৰে এক আদৰণি অনুষ্ঠান ৷

তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াই আঁতধৰা উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰাই ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাড়ীৰ পৰা মাটিত ভৰি দিয়াৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে বিহু, ঝুমুৰকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে বিপুল আদৰণি জনাই লৈ যায় মূল মণ্ডপলৈ ৷

লগতে পঢ়ক: তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

মূল মণ্ডপত সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, বিজেপি জিন্দাবাদ শ্ল’গানেৰে মুখৰিত হৈ পৰে ৷ ক্ৰমান্বয়ে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, জিলা বিজেপি, মণ্ডল বিজেপি, যুৱ মৰ্চা, মহিলা মৰ্চা, পৌৰসভাকে আদি কৰি বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষীসকলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গামোচা, ফুলৰ থোপা, শৰাই, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা তথা সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সম্বৰ্ধনা গ্ৰহণ কৰি ডিব্ৰুগড় লোকসভা সমষ্টি তথা তিনিচুকীয়াবাসীক বহুমূলীয়া ভোট প্ৰদান কৰি জয়যুক্ত কৰি সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদুপৰি তিনিচুকীয়া বিধানসভা সমষ্টিতে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হোৱা বুলি উল্লেখ কৰি তিনিচুকীয়া সমষ্টিবাসী ৰাইজ তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত দিনত উন্নয়নৰ দিশত আগুৱাই লৈ যাবলৈ সকলো ৰাইজৰ সহায়-সহযোগিতা তথা আশীৰ্বাদ কামনা কৰে ৷

লগতে পঢ়ক: তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উক্ত অনুষ্ঠানটোত কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, সাধাৰণ সম্পাদক পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাইকে আদিকৰি বহুকেইগৰাকী কৰ্মকৰ্তা তথা শুভাকাংক্ষীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: অসমৰ ৰাইজে এন ডি এ চৰকাৰৰ কাম-কাজক স্বীকাৰ কৰিছে: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.