ETV Bharat / politics

সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন কাণ্ডাৰীৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 3:45 PM IST

Updated : Mar 15, 2024, 7:17 PM IST

Dibrugarh Lok Sabha Constituency: সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন কাণ্ডাৰীৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত ৷ সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ প্ৰতিদ্বদ্বিতাৰে আকৰ্ষণীয় হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাজনৈতিক যুঁজ ৷

Dibrugarh Lok Sabha Constituency
সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 15 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিছে । তদুপৰি আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে । ডিব্ৰুগড় লোকসভা সমষ্টিত ২০০৪ চনত কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰক পৰাজিত কৰা সৰ্বানন্দ সোণোৱাল পুনৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হোৱাত উৎফুল্লিত ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল ।

ইতিমধ্যে ডিব্ৰুগড়ত বাহৰ পাতি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত আৰম্ভ কৰিছে জোৰদাৰ প্ৰচাৰ অভিযান । ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত থকা অসম গণ পৰিষদৰ নেতাসকলকো সাক্ষাৎ কৰি সহযোগিতা বিচাৰিছে সৰ্বানন্দ সোণোৱালে । কিয়নো পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া এৰি অসম গণ পৰিষদত যোগদান কৰিছিল সৰ্বানন্দ সোণোৱালে । সেয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত অগপৰ বহু পুৰণি সতীৰ্থই সহযোগিতা কৰিব সোণোৱালক ।

কিন্তু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লৈ ডিব্ৰুগড় লোকসভা সমষ্টিত একাংশ লোক উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে । যোৱা বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লুৰীণজ্যোতি গগৈয়ে কিছু ভোট পাবলৈ সক্ষম হৈছিল । দল গঠন কৰিয়েই ৰাইজৰ ভোট পাবলৈ সক্ষম হোৱাত ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ যথেষ্ট আশাবাদী অসম জাতীয় পৰিষদ ।

বিৰোধী ঐক্যমঞ্চৰ বিগ ব্ৰাডাৰস্বৰূপ কংগ্ৰেছে ডিব্ৰুগড়ত সহযোগিতা কৰিব লুৰীণজ্যোতি গগৈক । কংগ্ৰেছ দলৰ এটা ভোট বেংক ডিব্ৰুগড় লোকসভা সমষ্টিত থকাত জয়ৰ সপোন দেখিছে অসম জাতীয় পৰিষদে । কিন্তু বিজেপিৰ অতি শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি নেতা-কৰ্মীসকল যথেষ্ট উৎসাহিত হোৱাৰ লগতে সৰ্বানন্দ সোণোৱালক জয়ী কৰিবলৈ তৎপৰ হৈছে বিজেপি ।

দিনে নিশাই ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিত সাংগঠনিক কাম আগুৱাই নিছে বিজেপিয়ে । তেনেস্থলত ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদ আৰু শাসক দল বিজেপিৰ মাজত ৰাজনৈতিক যুঁজ যে চলিব সেই কথা নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: শনিবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ সময়সূচী

Last Updated : Mar 15, 2024, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.