মুখ্যমন্ত্ৰীৰ প্ৰিয় হাতুৰী আৰু বুলড'জাৰ : কিয় ক'লে মীৰা বৰঠাকুৰ গোস্বামীয়ে
উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামীৰ । মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ ।

Published : July 8, 2025 at 11:38 PM IST
|Updated : July 9, 2025 at 4:59 PM IST
গুৱাহাটী: "উচ্ছেদ অভিযানকলৈ মুখ্যমন্ত্রীয়ে যি অতৃপ্ত তৃপ্তি লৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ।" এই মন্তব্য প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামীৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে চলোৱা উচ্ছেদ অভিযানকলৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেত্রীগৰাকীয়ে ।
কংগ্ৰেছে শাসনত থকা সময়ত এই লোকসকলক পট্টা নিদিয়া আৰু উচ্ছেদ নকৰা সন্দৰ্ভত তেওঁ কয়, "বানপানী নাইবা গৰাখহনীয়াত নিজৰ ঘৰ-বাৰী হেৰুওৱা লোকসকলে কিছুমান ভূমিত সংস্থাপন লৈ আছিল । সেই লোকসকল বাংলাদেশী নহয় । উচ্ছেদ কৰা মানুহখিনিয়ে বছৰ বছৰ ধৰি ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে । মুখ্যমন্ত্রীয়ে বুলড'জাৰ আৰু হাতুৰী ভাল পায় । লখিমপুৰত উচ্ছেদ কৰা কেইঘৰমান লোকক ডেৰ কঠাকে মাটি দিয়া হৈছে ।"
সভাপতিগৰাকীয়ে কয়,"বহু উচ্ছেদ চৰকাৰখনে কৰিছে । হিন্দু-মুছলমান কৰিব নালাগে । শিলসাঁকোত বুলড'জাৰ চলাওতে আমাৰ যিদৰে বুকুখন কান্দি উঠিছিল ঠিক সেইদৰে আজি চাপৰকে ধৰি বিভিন্ন ঠাইত হোৱা উচ্ছেদৰ সময়তো সকলো মানুহৰ বাবেই আমাৰ হিয়াই সমানে কান্দিছে ।"
তেওঁ লগতে কয়,"আমাক উদ্যোগ লাগে । কিন্তু যিসকল লোকে বান-খহনীয়াত সকলো হেৰুৱাই ক'ৰবাত সংস্থাপিত হৈ থকা সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব । অন্ন, বস্ত্র, বাসস্থান আৰু ন্যায় দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব । চৰকাৰৰ সমৰ্থন কৰাসকলক কৈছোঁ যে মুছলমানৰ ঘৰত বুলড'জাৰ চলিলে আসুৰিক তৃপ্তি লোৱাটো দুৰ্ভাগ্যজনক । সকলোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছোঁ ।"
চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়,"উদ্যোগ বনোৱাত কোনো অসুবিধা নাই । কিন্তু আদানি-আম্বানি তথা বহিৰাজ্যৰ বণিয়াক পানী দৰত মাটি দিবৰ বাবে উচ্ছেদ অভিযানক এজেণ্ডা কৰি লোৱাটো দুৰ্ভাগ্যজনক । মই মুখ্যমন্ত্রীক কৈছো পাপে বাপকো নেৰে । দুখীয়া মানুহৰ ঘৰত বুলড'জাৰ লগাই আসুৰিক তৃপ্তি নল'ব । আপোনাৰ মন্ত্রীয়ে একে ৰাতিয়ে ৩৬ বিঘা ভূমি লৈছে । তাৰ মানে নিজে কৰিলে লীলা আৰু বেলেগে কৰিলে ধৰি বান্ধি কিলা ।"
তেওঁ পুনৰ কয়,"মুখ্যমন্ত্রীক কৈছোঁ উচ্ছেদৰ নামত মানুহক ভয় আৰু ভ্ৰীতিগ্ৰস্ত কৰি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে নিকৃষ্ট ৰাজনীতিত লিপ্ত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক । অসমৰ খাটিখোৱা লোকৰ ওপৰত বুলডজাৰ চলাই আসুৰিক তৃপ্তি লোৱাৰ পৰিৱৰ্তে চৰকাৰৰ খালী থকা ঠাইত আদানি-আম্বানিক মাটি দিয়ক তথা উদ্যোগ কৰক । নিৰীহৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক । ইতিমধ্যে কৰা ইমানবোৰ উচ্ছেদৰ মানুহবোৰ ক'ত গ'ল । সঁচাকেই যদি উচ্ছেদ কৰা লোকসকল বাংলাদেশী তেন্তে কিমান বাংলাদেশী পঠিয়াই দিলে তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগে ।"

