ETV Bharat / politics

ই ভি এমত NOTA উঠাই দিবলৈ আহ্বান বিধায়ক অতুল বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 6:50 PM IST

MLA Atul Bora :নোটা নিৰ্বাচনৰ ফলাফলত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱৰা বিধি বুলি মন্তব্য় বিধায়ক অতুল বৰাৰ । তেওঁ লোকসভা নিৰ্বাচনত ইলেক্ট্ৰ'নিক ভোটিং মেচিনৰ পৰা নোটা ব্যৱস্থা আঁতৰাবলৈ আহ্বান জনাইছে । মুখ্য নিৰ্বাচন আয়ুক্তলৈ অতুল বৰাৰ পত্ৰ । ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমত ১৪ টা লোকসভা সমষ্টিত কিমান ভোট নোটাত পৰিছিল ?

MLA Atul Bora
বিধায়ক অতুল বৰা

গুৱাহাটী, ২০ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইভিএমৰ পৰা 'নোটা' (NOTA) উঠাই দিব লাগে বুলি দাবী কৰিছে অসমৰ এগৰাকী বিজেপিৰ বিধায়কে । কেৱল দাবী কৰিয়েই ক্ষান্ত থকা নাই বিধায়কগৰাকী। এইবাৰ লোকসভা নিৰ্বাচনতেই ভোটিং মেচিনৰ পৰা নোটা আঁতৰাবলৈ নিৰ্বাচন আয়োগলৈয়ো পত্ৰ লিখিছে বিজেপি বিধায়কগৰাকীয়ে । দিছপুৰীয়া বিধায়ক অতুল বৰাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ শেহতীয়াভাৱে এই সন্দৰ্ভত লিখিছে পত্ৰ ৷ বিধায়ক অতুল বৰাৰ মতে, এয়া জনস্বাৰ্থজড়িত এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয় । NOTA বা "ওপৰৰ কোনোটোৱেই নহয়" ব্যৱস্থাই সমগ্ৰ ভোটদান পদ্ধতিত অপ্ৰত্যাশিত অসুবিধাৰ সৃষ্টি কৰিছে ।

MLA Atul Bora
বিধায়ক অতুল বৰা

ইলেক্ট্ৰ'নিক ভোটিং মেচিন (ইভিএম)ত থকা এই বিকল্পই আনুষ্ঠানিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীৰ বাবে ভোটাৰক প্ৰত্যাখ্যানৰ ভোটদান কৰিবলৈ দিয়ে ৷ যদি কোনো ভোটাৰে নোটা টিপিবলৈ বাছি লয় তেন্তে ইয়াৰ পৰা বুজা যায় যে ভোটাৰে দলৰ কোনো এটাকে ভোট দিবলৈ বাছি লোৱা নাই । বিধায়ক অতুল বাৰাৰ মতে, নোটা ব্যৱস্থা সময় অপব্যয়ৰ বাহিৰে আন একো নহয় ৷

এই বিষয়ত বিজেপিৰ বিধায়কগৰাকীৰ যুক্তিও মন কৰিবলগীয়া । মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত বিধায়ক বৰাই যুক্তি দিছে এইদৰে,"এই বিষয়ত মোৰ মতামত হ'ল যেতিয়া কোনো ব্যক্তিয়ে নোটা ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তেওঁ বহু আগতেই তেনে সিদ্ধান্ত লয় । তেওঁ ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি বহু সময় শাৰীত থিয় হৈ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা আৰু তাৰ পিচত ইভিএমত নোটা বুটাম টিপাৰ কোনো প্ৰয়োজন নাই । এয়া কেৱল সময়ৰ অপচয় যাৰ ফলত সময় আৰু শক্তিৰ অপ্ৰয়োজনীয় ক্ষতি হয় ৷ ভোট দিবলৈ অহা ভোটাৰসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰে আৰু এয়া নোটা নহয় ।

এই পত্ৰখনত বিধায়কগৰাকীয়ে ২০১৩ৰ ২৭ ছেপ্টেম্বৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিচত ভাৰতত প্ৰথমবাৰৰ বাবে নোটা প্ৰৱৰ্তন কৰাৰ প্ৰসংগ উত্থাপন কৰি ইভিএমৰ পৰা নোটা আঁতৰাবলৈ উচ্চতম ন্য়ায়ালয়ৰ কাষ চাপিবলৈয়ো পৰামৰ্শ দিছে নিৰ্বাচন আয়োগক । ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে বিধায়ক অতুল বৰাই কয় যে যদিও কোনো শীৰ্ষ পৰ্যায়ৰ ঘটনাত নোটাৰ বিপৰীতে ভোটৰ সংখ্যা প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যাতকৈ বেছি হয়, তথাপি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থীজনকে বিজয়ী ঘোষণা কৰিব লাগিব । আনহাতে, নোটাৰ সপক্ষে ভোটদান কৰা ভোটসমূহক আমানতৰ ধন জব্দ কৰাৰ বাবে বিবেচনা কৰিব নোৱাৰি ।

সেইবাবে বিধায়ক অতুল বৰাৰ মতে নোটা হ'ল নিৰ্বাচনৰ ফলাফলত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱৰা বিধি ৷ কোনো ধৰণৰ কাম নথকা এক ব্যৱস্থা । সেয়ে তেওঁ নিৰ্বাচন আয়োগক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা নোটা ব্যৱস্থা আঁতৰোৱাৰ বাবে জৰুৰী পদক্ষেপ ল'বলৈ আহ্বান জনাইছে । উল্লেখ্য যে বিগত ২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমত মুঠ ১৪ টা লোকসভা সমষ্টিত মুঠ ১,৬৮,৩৫১ টা ভোট নোটাত পৰিছিল ৷ তাৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বাধিক ২১,২৮৮ টা, যোৰহাটত ১২,৫৬৯, লখিমপুৰত ১৫,২২০, তেজপুৰত ১৫,৬২৬, গুৱাহাটীত ১০,৪৬৬, মঙলদৈত ১৮,৫১৬, ডিফুত ৮,১৯৪, শিলচৰত ৮,৫৪৭, কৰিমগঞ্জত ৬,৫৫৫, নগাঁৱত ১০,৭৫৭, বৰপেটাত ৯,৭৩৪, কোকৰাঝাৰত ১৫,৯৮৮, ধুবুৰীত ৮,৯৭৮ আৰু সদ্য বিলুপ্ত কলিয়াবৰ সমষ্টিত ১৫,৯১৩ টা ভোট নোটাত পৰিছিল ।

লগতে পঢ়ক:বৰ্তমান বিধান সভাত বিৰোধীয়েই নাই: বিধায়ক অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.