ETV Bharat / politics

বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:04 PM IST

Manik Sarkar in Bangaigaon: মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত মাণিক সৰকাৰ ৷ বৃহস্পতিবাৰে বঙাইগাঁৱত উপস্থিত হৈ সংবাদমেলো সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Manik Sarkar in Bangaigaon
বঙাইগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ (ETV Bharat Assam)

বঙাইগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ (ETV Bharat Assam)

বঙাইগাঁও, 2 মে’: বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৃহস্পতিবাৰে অসমত উপস্থিত হ’ল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ ৷ বঙাইগাঁও চহৰৰ হোটেল নীৰত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি লোকসভা নিৰ্বাচনত CPIM দলৰ স্থিতিৰ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে ৷

বৰপেটা লোকসভা সমষ্টিৰ CPIM দলৰ প্ৰাৰ্থী তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বঙাইগাঁও চহৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । সংবাদমেল সম্বোধন কৰি মাণিক সৰকাৰে কয়, ‘‘ইণ্ডি এলায়েন্সৰ মূল লক্ষ্য হৈছে বিজেপি দলক পৰাস্ত কৰা । আমাৰ কেৱল এটাই লক্ষ্য যে আমি বিজেপিক পৰাস্ত কৰিব লাগিব । লোকসভা নিৰ্বাচনত যি দলেই প্ৰাৰ্থী প্ৰক্ষেপ নকৰক কিয় ইণ্ডি এলায়েন্স জয়ী হ’লেই আমি জয়ী হ’ম ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৩ টা পৰ্যায়ৰ নিৰ্বাচনৰ পিচত বিজেপি দলৰ নেতাসকলে বুজিব পৰিছে যে ৰাইজ এইবাৰ তেওঁলোকৰ পক্ষত নাই ৷ সেইবাবে তেওঁলোকে এতিয়া নিজৰ কথা সলনি কৰি আছে বুলি কয় মাণিক সৰকাৰে ।

আনহাতে ইলেক্ট’ৰেল ব’ণ্ডৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘সদনত কমিউনিষ্ট পাৰ্টিৰ বিধায়কসকলে প্ৰথমে ইলেক্ট’ৰেল ব’ণ্ডৰ প্ৰসংগ উত্থাপন কৰিছিল ৷ ইয়াৰ সুবিধা কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে লৈছে ।’’ দেশত এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি লাভ নাই বুলি উল্লেখ কৰি মাণিক সৰকাৰে কয় যে মানুহে এতিয়া সকলো বুজি পায় ।

উল্লেখ্য যে সংবাদ মেলখনৰ পিচতে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে নিৰ্বাচনী জনসভালৈ ৰাওনা হয় ।

লগতে পঢ়ক: মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ প্ৰস্তুতি কৌতুক অভিনেতা শ্যাম ৰংগিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.