ETV Bharat / politics

জিভা পিছলিলে কংগনাৰ; তেজস্বী যাদৱৰ সলনি নিজৰ দলৰে তেজস্বী সূৰ্যক সমালোচনা নিৰ্বাচনী সভাত - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 8:50 PM IST

Kangana Ranaut attacks Tejasvi Surya: ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কংগনা ৰনৌতৰ এটা ভিডিঅ’। এখন ৰাজহুৱা সভাত কংগনাৰ ইমানেই জিভা পিছলি গ’ল যে তেওঁ বিৰোধীৰ সলনি নিজৰ নেতাকে সমালোচনা কৰিলে ।

kangana on tejasvi suraya
Kangana Ranaut (ETV Bharat)

নিউজ ডেস্ক, ৬ মে': লোকসভা নিৰ্বাচন ২০২৪ প্ৰেক্ষাপটত হিমাচলত আটাইতকৈ বেছি চৰ্চিত হৈছে অভিনেত্ৰী কংগনা ৰনৌতৰ বক্তব্য । তেওঁক বিজেপিয়ে মাণ্ডি লোকসভাৰ আসনৰ পৰা নিজৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছে । শেহতীয়াকৈ কংগনা ৰনৌতে কংগ্ৰেছ দল আৰু কংগ্ৰেছীক ব্যাপকভাৱে আক্ৰমণ কৰিছে ।

ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙলৈকে সকলো বিৰোধী দল আৰু তেওঁলোকৰ নেতাকে লক্ষ্য কৰি লৈছে । কিন্তু ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত কংগনা ৰনৌতে বিৰোধীক সমালোচনা কৰি থকাৰ সময়তে নিজৰ মানুহকো সাঙুৰি ল'লে ।

আচলতে কংগনা ৰনৌত বৰ্তমান মাণ্ডি লোকসভাৰ আসনৰ প্ৰচাৰত ব্যস্ত । এখন ৰাজহুৱা সভাত তেওঁ মতিলাল নেহৰুৰ পৰা ৰাহুল গান্ধীলৈকে নেহৰু-গান্ধী পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে । এই সময়ছোৱাত তেওঁ ইণ্ডি মিত্ৰজোঁটৰ আন নেতাসকলকো সমালোচনা কৰিছিল আৰু লগতে তেজস্বী সূৰ্যৰ নামো মুখলৈ আনিছিল ।

কংগনা ৰনৌতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক টাৰ্গেট কৰিব বিচাৰিছিল যদিও জিভা পিছলি তেজস্বী যাদৱৰ সলনি তেজস্বী সূৰ্যক সমালোচনা কৰিলে ।

তেওঁৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই বক্তব্যৰ মজা লোৱাৰ লগতে বিভিন্ন মিম বনাইছে । বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱেও নিজৰ এক্স হেণ্ডেলত এই বক্তব্য পোষ্ট কৰি লিখিছে, "কোন এইজন মোহতৰ্মা ?"

আচলতে কংগনাই কৈছিল, "এফালে এনেকুৱাও হৈছে যাৰ না কোনো চৰিত্ৰ আছে আৰু না কোনো মূল্যবোধ আছে । তেওঁলোকে নিজেই নাজানে তেওঁলোক ক'লৈ আহিছে আৰু ক'লৈ গৈ আছে । এইটো এটা নষ্ট ৰাজকুমাৰৰ দল । সেয়া লাগিলে ৰাহুল গান্ধী হ'লেও, যি চন্দ্ৰত আলু উৎপাদন কৰিব খোজে, লাগিলে তেজস্বী সূৰ্যই হওক, যি গুণ্ডাগিৰি কৰে, আজে বাজে কথা কোৱা অখিলেশ যাদৱেই হওক, বা আমাৰ ৰাজ্যত থকা ৰাজকুমাৰজনেই হওক, যাৰ বিষয়ে ভাৰতত কোনেও নাজানে, কেৱল হিমাচলতহে জানে । কিন্তু এতিয়া মোৰ ওপৰত এনে কিছু মন্তব্য কৰিছে । পদ্মশ্ৰী পাইছো যদিও তেওঁলোকে মোক ক’লে যে ই অশুদ্ধ । এইটো চিন্তনীয় আৰু নিন্দনীয় ।"

কংগনাই নিজৰ বক্তব্যত নাম লোৱা তেজস্বী সূৰ্য বিজেপিৰ ডেকা মুখ আৰু বৰ্তমান বেংগালুৰু দক্ষিণ আসনৰ বিজেপিৰ সাংসদ । তেজস্বী সূৰ্য বৰ্তমান ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএমৰ সভাপতি) সভাপতিও । এবিভিপিৰ সৈতে জড়িত তেজস্বী সূৰ্যই ২০১৯ চনত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বি কে হৰিপ্ৰসাদক ৩ লাখৰো অধিক ভোটত পৰাস্ত কৰিছিল ।

২৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে সাংসদ হোৱা তেজস্বী সূৰ্য এবিভিপিৰ সৈতে জড়িত হোৱাৰ লগতে এগৰাকী অধিবক্তাও । যুৱক-যুৱতীসকলৰ মাজত তেওঁৰ ভাল প্ৰভাৱ আছে । এই কাৰণেই পুনৰবাৰ বিজেপিয়ে তেওঁক বেংগালুৰু দক্ষিণৰ আসনৰ পৰা প্ৰক্ষেপ কৰিছে ।

তেজস্বী সূৰ্য এগৰাকী ভাল বক্তা আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে ২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত দলৰ ডিজিটেল যোগাযোগ দলৰ নেতৃত্ব দিছিল । ইয়াৰ পৰা দলটোৱে লাভৱান হ’ল আৰু কৰ্ণাটকত বিজেপি চৰকাৰ গঠন হ’ল ।

কংগনা ৰনৌতে তেজস্বী যাদৱক লক্ষ্য কৰি ল’ব বিচাৰিছিল যদিও তেওঁৰ বাক্যবাণে খুন্দা মাৰিলে নিজৰ দলৰ তেজস্বী সূৰ্যক । এতিয়া মানুহে এই ভিডিঅ'টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । কোনোবাই মিম বনাইছে আৰু কোনোবাই এই ভিডিঅ'টো এটা ধেমেলীয়া কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে ।

কংগনাৰ এক্স হেণ্ডেলৰ পৰা কংগনাৰ ভিডিঅ’ পোষ্ট কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ লৱণ্য বালাল জৈনে । লগতে তেজস্বী সূৰ্যক টেগ কৰি সুধিলে, @Tejasvi_Surya, আপুনি কি কৰিলে, আপোনাৰ নিজৰ দলৰ এজন সদস্যই আপোনাক টাৰ্গেট কৰিছে । @Narundar নামৰ আন এজন ইউজাৰেও কংগনাৰ ভিডিঅ’ টুইট কৰাৰ সময়ত সমালোচনা কৰিছে । তেওঁ এক্সত এনেধৰণে এটা পোষ্ট কৰিছে, তেজস্বী সূৰ্য্য- মোক কিয় সমালোচনা কৰিলে ? তেওঁ এটা বিখ্যাত চলচ্চিত্ৰ সংলাপৰ সহায়ত পোষ্টটো শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক: কৰ্ণাটকৰ যৌন কেলেংকাৰী : অপহৰণৰ গোচৰত পিতৃ দেৱ গৌড়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ এইচ ডি ৰেভান্না - Karnataka Sex Scandal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.