প্ৰথমে মোৰ লগতেই লাগি লওকচোন, তাৰ পিছত প্ৰধানমন্ত্ৰীক মাতিব... ! অতিষ্ঠ হৈ কৈয়েই দিলে অমিত শ্বাহে
"মই ক'ব খোজা নাই যে আপুনি উত্তৰ দিব নোৱাৰে ৷ কিন্তু আমাৰ প্ৰশ্নবোৰ প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত ৷" এৰি নিদিলে খাৰ্গেয়ো ৷

Published : July 31, 2025 at 7:39 AM IST
নতুন দিল্লী: অপাৰেশ্যন সেন্দূৰক কেন্দ্ৰ কৰি সংসদৰ উভয় সদনতে আলোচনা চলি থকাৰ মাজতে বুধবাৰে বিৰোধীয়ে একপ্ৰকাৰ অচল কৰি দিয়ে ৰাজ্যসভাৰ কামকাজ ৷ বুধবাৰে যি সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত অপাৰেশ্যন সেন্দূৰৰ বিষয়ে বক্তব্য ৰাখিছিল সেই সময়তে বিৰোধীয়ে দাবী তোলে প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ ৷
বিৰোধীৰ দাবী আছিল যে তেওঁলোকে এই প্ৰসংগত উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সেই সময়তেই প্ৰধানমন্ত্ৰী ৰাজ্যসভাত উপস্থিত হ'ব লাগে ৷ ইয়াৰ মাজতে গৃহমন্ত্ৰী শ্বাহে বিৰোধী সদস্যসকলক ক্ষান্ত কৰাৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ৷ বিৰোধীয়ে একেৰাহে "প্ৰধানমন্ত্ৰীক মাতক, প্ৰধানমন্ত্ৰীক মাতক" বুলি সংসদৰ মজিয়াত ধ্বনি দিবলৈ আৰম্ভ কৰে ৷
বিৰোধীৰ এনেধৰণৰ আচৰণত অতিষ্ঠ হৈ এটা সময়ত অমিত শ্বাহে বিৰোধীক কয়- "প্ৰথমে আপোনালোকে মোৰ লগতেই লাগি লওকচোন ৷ আপোনালোকে প্ৰধানমন্ত্ৰীক কিয় মাতিব বিচাৰিছে ৷ তেওঁ আহিলে সমস্য়াটো আপোনালোকৰেই বেছিকৈ হ'ব ৷" গৃহমন্ত্ৰী শ্বাহে বিৰোধীক উদ্দেশ্যি আৰু কয়- "যিবোৰ কথাৰ উত্তৰ বা স্পষ্টীকৰণ ময়েই দিব পাৰো তাৰ বাবে আকৌ প্ৰধানমন্ত্ৰীক আপোনালোকে বিচাৰিছে কিয় ? তেওঁৰ ওপৰত ইমান জোৰ দিছে কিয় ? তেওঁৰ মুখেৰে কথা শুনাটো আপোনালোকৰ চখ নেকি ? যেতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী দায়িত্বত আছে তেতিয়ালৈকে তেওঁ এইধৰণৰ সমস্য়াবোৰ সমাধান কৰি থাকিব ৷ আপোনালোক চিন্তিত নহ'ব ৷"
খাৰ্গেই তুলিলে দাবী:
গৃহমন্ত্ৰী শ্বাহে বক্তব্য ৰাখিবলৈ সদনত থিয় হোৱাৰ লগে লগে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে থিয় হয় আৰু দাবী তোলে যে এই সময়ত এই কথাবোৰ ক'বলৈ সংসদত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লাগিব ৷ তাৰ পিছতেই আৰম্ভ হয় এই হূলস্থূলীয়া পৰিস্থিতিৰ ৷
এয়া ৰাজ্যসভাৰ প্ৰতি অপমান:
খাৰ্গেই সদনত গৃহমন্ত্ৰী শ্বাহক কয়- "মই ক'ব খোজা নাই যে আপুনি উত্তৰ দিব নোৱাৰে ৷ কিন্তু আমাৰ প্ৰশ্নবোৰ প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত ৷ যিসময়ত তেওঁ দিল্লীতে আছে তেনে সময়ত তেওঁ ইয়ালৈ নহাটো ৰাজ্যসভাৰ প্ৰতি এক অপমান ৷" খাৰ্গেৰ এই মন্তব্যৰ পিছতেই বিৰোধীৰ সাংসদসকলে সদন ত্যাগ কৰে ৷
সেনাৰ চোৰাংচোৱাই বিচাৰি উলিয়ালে পহলগামৰ গণহত্যাকাৰীক:
ৰাজ্যসভাত গৃহমন্ত্ৰী শ্বাহে কয়- "সামৰিক বাহিনীৰ চোৰাংচোৱাই পহলগাম আক্ৰমণৰ এমাহ পিছতেই সন্ত্ৰাসবাদীৰ সঠিক লোকেশ্বন বিচাৰি উলিয়াই আৰু 22 জুলাই পৰ্যন্ত সিহঁতৰ ৱায়াৰলেছৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখা হয় ৷"
মূৰত গুলীয়াই মৰা হৈছে পহলগামৰ সন্ত্ৰাসবাদীক:
গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য়সভাত আৰু কয়- "পহলগাম আক্ৰমণত জড়িত তিনি সন্ত্ৰাসবাদীক শ্ৰীনগৰৰ পৰা বাহিৰৰ অঞ্চলত অপাৰেশ্যন মহাদেৱৰ জৰিয়তে মূৰত গুলীয়াই নিধন কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷"
লগতে পঢ়ক: কংগ্ৰেছৰ বাহিৰে অপাৰেশ্য়ন সেন্দূৰক সমগ্ৰ বিশ্বই সমৰ্থন কৰিছিল : প্ৰধানমন্ত্ৰী মোদী

