ETV Bharat / politics

সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব লাভৰ পাচতে বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:25 AM IST

LS Election 2024 : সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদানৰ পাচতে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস ৷ মিঠাই খাই, নাচি-বাগি প্ৰকাশ কৰে হৰ্ষোল্লাস ৷

Etv Bharatসৰ্বানন্দ সোণোৱালে প্ৰাৰ্থীত্ব লাভৰ পাছতে বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস
সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব লাভৰ পাচতে বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব লাভৰ পাচতে বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

মৰাণ, 3 ফেব্ৰুৱাৰী : বহু জল্পনা-কল্পনাৰ অন্তত শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা । প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত অসমৰ 11 টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব পোৱাৰ পাচতে জিলা বিজেপি কাৰ্যালয়ত এক আনন্দ-উল্লাসৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ মাজত মিঠাই বিতৰণ হয় । লগতে বিহুগীত জুৰি কঁকাল ভাঙি এপাক নাচিলে দলীয় নেতা-কৰ্মীয়ে । শনিবাৰে বিয়লিৰ ভাগত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ’ল ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ৰ চৌহদত ।

জিলা বিজেপিৰ সভাপতি উজ্বল কাশ্যপে বিপুল ভোটেৰে দলটোৱে জয়যুক্ত হ'ব বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰে । লগতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদ আৰু আম আদমী দলৰ প্ৰাৰ্থী কোনো ফেক্টৰ নহয় বুলিও কয় জিলা সভাপতিগৰাকীয়ে । ইফালে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লোকসভা নিৰ্বাচনত জয়ীহ’বলৈ ৰাইজৰ সহযোগিতা বিচাৰিছে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচন 2024 বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ সমগ্ৰ দেশৰ 195 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীৰ তালিকাখন ঘোষণা কৰে বিজেপিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমত 14 খন আসনৰ ভিতৰত 11 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে । আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে । ঘোষিত 11 জন প্ৰাৰ্থীৰ 5 গৰাকী নতুন প্ৰাৰ্থী ।

লগতে পঢ়ক: ঘোষণা হ’ল যোৰহাট আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থীৰ নাম; যোৰহাটৰ বিভিন্ন প্ৰান্তত আনন্দ-উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.