কেৱল বিজেপি দলত হয় গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনা: জে পি নাড্ডা
BJP National Convention 2024: বিজেপি হৈছে একমাত্ৰ দল য'ত গুৰুতৰ ৰাজনৈতিক আলোচনাসমূহ হয় । আগন্তুক নিৰ্বাচনত বিজেপিয়ে ৩৭০ খন আসন অতিক্ৰম কৰিব । দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলনত এই দাবী জে পি নাড্ডাৰ ।

By ANI
Published : February 18, 2024 at 6:33 PM IST
নেশ্যনেল ডেস্ক,১৮ ফেব্ৰুৱাৰী : নতুন দিল্লীত বিজেপি দলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৪ অনুষ্ঠিত হৈছে । দ্বিতীয় দিনা এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দাবী কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৭০ খন আসন অতিক্ৰম কৰিব । তেওঁ দাবী কৰে যে বিজেপি হৈছে একমাত্ৰ দল য'ত ইমান বৃহৎ মঞ্চত গুৰুতৰ ৰাজনৈতিক আলোচনা হয় । ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলন ২০২৪ৰ দ্বিতীয় দিনা ভাষণ প্ৰদান কৰি নাড্ডাই কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস দিব বিচাৰে, তেওঁক নিজৰ শক্তিৰ আশ্বাস দিব বিচাৰে যে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰস্তাৱসমূহ তৃণমূল পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব ।
ভাষণৰ সময়ত তেওঁ অভিযোগ কৰিছে যে বিৰোধীয়ে যোৱা দহ বছৰত বিৰোধীৰ ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বিজেপিয়ে আয়োজন কৰা দুদিনীয়া সন্মিলনত নাড্ডাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
সন্মিলনৰ দ্বিতীয় দিনা গৃহ মন্ত্ৰী অমিত শ্বাহে "বিজেপি দেশৰ আশা, বিপক্ষৰ হতাশা" নামৰ দ্বিতীয় ৰাজনৈতিক প্ৰস্তাৱৰ প্ৰস্তাৱ দিয়ে । যিটো মুখ্যতঃ বিৰোধী দলৰ মিত্ৰজোঁট 'ইণ্ডি'ক লক্ষ্য কৰি লোৱা হৈছে । ৰাজনৈতিক প্ৰস্তাৱটো অমিত শ্বাহে উত্থাপন কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই এই প্ৰস্তাৱত সমৰ্থন জনায় ।
ইয়াৰ পূৰ্বে শনিবাৰে ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী দিনা বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি 'বিকশিত ভাৰত' শীৰ্ষক এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ গৃহীত কৰে । দলটোৱে দাবী কৰিছে যে বিজেপিয়ে কেন্দ্ৰত তৃতীয় কাৰ্যকালৰ বাবে উভতি আহিব আৰু সামগ্ৰিক বিকাশ আৰু কল্যাণৰ বাবে ৰোডমেপ আগবঢ়াব ।
লগতে পঢ়ক :প্ৰতিশোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে : জয়ৰাম ৰমেশ

