ETV Bharat / politics

ব্ৰহ্মপুত্ৰৰ মথাউৰিৰে মুখ্যমন্ত্ৰীৰ বিশাল বাইক ৰেলী

Assam CM massive bike rally : মঙলবাৰে পুৱা ধেমাজিৰ কাৰেং চাপৰিৰ পৰা কেইবা সহস্ৰাধিক বাইক চালকৰ সহযোগিতাত মাজুলীলৈ অগ্ৰসৰ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Assam CM massive bike rally
মুখ্যমন্ত্ৰীৰ বিশাল বাইক ৰেলী
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 7:17 PM IST

|

Updated : February 27, 2024 at 8:20 PM IST

2 Min Read
Choose ETV Bharat
মুখ্যমন্ত্ৰীৰ বিশাল বাইক ৰেলী

জোনাই, ২৭ ফেব্ৰুৱাৰী : নদীদ্বীপ মাজুলীৰ লগতে ঢকুৱাখনাক ডিব্ৰুগড় আৰু বৰ্হিজগতৰে সৈতে পথেৰে সংযোগ কৰাৰ এক দীৰ্ঘদিনীয়া সপোন অৱশেষত বাস্তৱায়িত হ’ল । ধেমাজি জিলাৰ বগীবিল দলঙৰ সমীপৰে পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিক পকী পথলৈ উন্নীত কৰি নিৰ্মাণ কৰা কম দূৰত্ব সম্পন্ন এই পথেৰে মঙলবাৰে নিজে কিছু দূৰ বাইক চলাই পৰৱৰ্তী সময়ত গাড়ীত উঠি সমগ্ৰ পথৰ মাদকতা উপভোগ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

ধেমাজিৰ কাৰেং চাপৰিৰ পৰা মঙলবাৰে পুৱা সহস্ৰাধিক বাইক চালকৰ সহযোগিতাৰে প্ৰায় ৬২ কিলোমিটাৰ দূৰত্বৰ মাজুলীলৈ অগ্ৰসৰ হয় মুখ্যমন্ত্ৰী । মন্ত্ৰী বিমল বৰা, বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱা, দলীয় গৰিষ্ঠ সংখ্যক নেতা কৰ্মকর্তা আৰু অসমৰ সহস্ৰাধিক কৰ্মকৰ্তাৰ সহযোগিতাৰে কিছু দূৰ বাইক চলাই অহা মুখ্যমন্ত্ৰীগৰাকীক যাত্ৰা পথত অগণন ৰাইজে উষ্ম আদৰণি জনাই ।

বিজেপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰত মাতা কি জয় আদি শ্ল’গানেৰে সমগ্ৰ যাত্ৰা পথ মুখৰিত কৰি অহা বিশাল বাইক ৰেলী আহি ঢকুৱাখনা মহকুমাৰ লোটাচুৰ অঞ্চলত উপস্থিত হয় । লখিমপুৰ জলসম্পদৰ অধীক্ষক অভিযন্তা ৰাধেশ্বৰ লাংথাছা, ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো আৰু অন্যান্য বিভাগীয় বিষয়াসকলৰ উপস্থিতিত ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত লোটাচুৰ অংশত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নাবাৰ্ডৰ আৰ আই ডি এফ আঁচনিৰ প্ৰায় ১৭ কোটি ২০লাখ টকা ব্যয় সাপেক্ষ এখন জলসম্পদ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নৱ দলেৰ সহযোগত । ব্ৰহ্মপুত্ৰ নদীৰ মাতমৰা মথাউৰিৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি পুনৰ বাইক ৰেলীৰ নেতৃত্ব দি নৱনিৰ্মিত পকী পথেৰে গাড়ীৰে মাজুলীলৈ ৰাওনা হয় ।

লগতে পঢ়ক : জোনাইত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

Last Updated : February 27, 2024 at 8:20 PM IST