প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটী ঘোষণা: ৩৫ খন জিলাত সভাপতি, ১৯ জনীয়া পলিটিকেল এফেয়াৰ্ছ কমিটী
প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ কমিটীত গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা অন্তৰ্ভুক্ত ।

Published : July 6, 2025 at 9:10 PM IST
গুৱাহাটী : ঘোষণা হ'ল প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ নতুন কমিটী । প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, পলিটিকেল এফেয়াৰ্ছ কমিটীৰ লগতে নতুন জিলা সভাপতিৰ তালিকা প্ৰকাশ কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে । দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অনুমোদন সাপেক্ষে দলৰ ৰাষ্ট্রীয় সম্পাদক কে চি বেনুগোপালে এই নতুন তালিকা প্ৰকাশ কৰে ।
ৰাজ্যৰ ৩৫ খন জিলাত নতুনকৈ সভাপতি নিযুক্তি দিয়া হয় । সেইদৰে জিতেন্দ্ৰ সিঙক অধ্যক্ষ হিচাপে লৈ গঠন কৰা পলিটিকেল এফেয়াৰ্ছ কমিটীত গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰাকে ধৰি ১৮ জনক অন্তৰ্ভুক্ত কৰা হয় । নতুন তালিকাত কেইবাজনো নেতাক পুনৰ জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে কেইবাখনো জিলাত নতুন সভাপতি নিযুক্তি দিয়া হয় ।

জিলা নৱনিযুক্ত সভাপতিসকল :
নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰা তালিকা অনুসৰি তিনিচুকীয়া জিলাত দুৰ্গা ভূমিজ, ডিব্ৰুগড় জিলাত বিপুল ৰাভা, চৰাইদেউ জিলাত উৎপল গগৈ, শিৱসাগৰত অজয় গগৈ, যোৰহাটত পুতুল বুঢ়াগোহাঁই, মাজুলীত অমল পূজাৰী, গোলাঘাটত মদন বৰা, ধেমাজিত তিলক ফুকন, লখিমপুৰত গংগাজ্যোতি টায়াগেম, বিশ্বনাথত প্ৰশান্ত হাজৰিকা, শোণিতপুৰত কাৰ্তিক কুৰ্মী, নগাওঁ জিলাত ৰুণুমণি বৰা, হাজোত জিলি চৌধুৰী, পশ্চিম কাৰ্বি আংলং জিলাত আগষ্টেইন ইংহি, কাৰ্বি আংলঙত ৰাতন ইংতি, মৰিগাঁৱত বীৰ কুমাৰ কোঁৱৰ, ডিমা হাচাও জিলাত হেইজেৰাঙবে নৃয়াম, কামৰূপ গ্ৰাম্যত প্ৰাণজিৎ চৌধুৰী, গুৱাহাটী জিলাত স্বপন দাস, দৰঙত ৰিজুমণি তালুকদাৰ, গোৱালপাৰাত দিগন্ত মেধি, হাইলাকান্দিত ইছাক আলি বৰভূঞা, কৰিমগঞ্জত তাপস পুৰকায়স্থ, কাছাৰ জিলাত সজল আচাৰ্জী, বৰপেটাত ৰাজীৱ হক, বঙাইগাঁৱত গিৰীশ বৰুৱা, নলবাৰীত ৰাতুল পাটোৱাৰী, কোকৰাঝাৰত যোচেফ প্ৰেম হাড্ডা, বাক্সাত বুদ্ধদেৱ ফাদংগেৰে, তমুলপুৰত যচৱন্ত চৌহান, বজালী জিলাত গুপ্তামণি শৰ্মা, চিৰাং জিলাত মতিলাল নাৰ্জাৰি, ওদালগুৰি ত ধনেশ্বৰ বড়ো, ধুবুৰীত আছমা বেগম আৰু দক্ষিণ শালমাৰা জিলাত মতিউৰ ৰহামান মণ্ডলক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ।

১৯ জনীয়া পলিটিকেল এফেয়াৰ্ছ কমিটী :
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক প্ৰদেশ কংগ্ৰেছৰ ১৯ ৰাজনৈতিক পৰিক্ৰমা (পলিটিকেল এফেয়াৰ্ছ) কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । মুঠ ১৯ জনীয়া কমিটীখনত আছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন কুমাৰ বৰা, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুৎ বৰদলৈ, ৰিপুন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰ'জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ, আব্দুল খালেক, প্ৰণতি ফুকন, বলিন কুলী, নন্দিতা দাস, ৰাণী নৰহ, ৱাজেদ আলি চৌধুৰী, অজিত সিং আৰু অৰুণ দত্ত মজুমদাৰ ।

ইফালে নতুন কমিটীত বিশেষ আমন্ত্রিত সদস্য হিচাপে আছে পৃথ্বী মাঝি, টংক বাহাদুৰ ৰাই আৰু প্ৰদ্যুৎ বৰা । আনহাতে কোষাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ড৹ হেমা হৰি পেগুক । সেইদৰে ১১ গৰাকীক প্ৰদেশ কংগ্ৰছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । সাধাৰণ সম্পাদক হিচাপে ৩৫ গৰাকীক নিযুক্তি দিয়া হৈছে । সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে ৬৫ গৰাকীক । যুটীয়া সম্পাদক হিচাপে ২০ গৰাকীক নিযুক্তি দিয়া হৈছে ।


