ETV Bharat / international

পানামা খালক আমেৰিকাৰ বুলি দাবী ট্ৰাম্পৰ

দেওবাৰে ট্ৰাম্পে এক বিবৃতিত পানামাক খালটো আমেৰিকাক ঘূৰাই দিয়াৰ ভাবুকি দিয়ে আৰু কয় যে এইটো আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ সম্পদ ।

Trump dubs Panama Canal as United States Canal
ড’নাল্ড ট্ৰাম্প (ANI)
author img

By ANI

Published : December 24, 2024 at 7:01 AM IST

3 Min Read
Choose ETV Bharat

ৱাশ্বিংটন ডিচি: সোমবাৰে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম- ট্ৰুথ ছ’চিয়েলত পানামা খাল সম্পৰ্কে এক চাঞ্চল্যকৰ বাৰ্তা প্ৰকাশ কৰে । ট্ৰাম্পে পানামা খালৰ মাজত আমেৰিকাৰ পতাকা উৰি থকা এখন ছবি পোষ্ট কৰি পানামাক দিয়া ভাবুকিৰ অনুৰণন ঘটাইছিল যে তেওঁ খালটোক “ভুল হাতত” পৰিবলৈ নিদিয়ে । ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত কয়, "আমেৰিকাৰ খাললৈ আপোনাক স্বাগতম !"

দেওবাৰে ট্ৰাম্পে এক কঠোৰ বিবৃতিত পানামাক খালটো তেওঁলোকক ঘূৰাই দিয়াৰ ভাবুকি দিয়ে আৰু কয় যে এইটো আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ সম্পদ । ট্ৰাম্পে কয় যে পানামা খাল চীনৰ নহয় আৰু ই “ভুল হাতত” পৰিব নালাগে ।

Trump dubs Panama Canal as United States Canal
পানামা খালক আমেৰিকাৰ বুলি দাবী ট্ৰাম্পৰ (ANI)

"পানামা খালটোক আমেৰিকাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰা হয়, কিয়নো ই আমেৰিকাৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমেৰিকাৰ বাণিজ্য আৰু আটলাণ্টিকৰ পৰা নৌসেনাৰ দ্ৰুত নিয়োগৰ বাবে এটা নিৰাপদ পানামা খাল অতি প্ৰয়োজনীয় ৷ প্ৰশান্ত মহাসাগৰীয় আৰু আমেৰিকাৰ বন্দৰলৈ জাহাজ চলোৱাৰ সময় বহু পৰিমাণে হ্ৰাস কৰে । আমেৰিকাই এই খালটোৰ প্ৰথম ব্যৱহাৰকাৰী, ইয়াৰ ৭০ শতাংশতকৈ অধিক ট্ৰেনজিট আমেৰিকাৰ বন্দৰলৈ বা বন্দৰৰ পৰা যায় ।” ট্ৰাম্পে কয় ৷

ট্ৰাম্পে আৰু কয় যে এই খালটো নিৰ্মাণৰ বাবে আমেৰিকানসকলৰ বহুত খৰচ হৈছিল আৰু ইয়াক ‘মূৰ্খামিৰে’ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে দি দিছিল । তেওঁ অঞ্চলটোত চীনৰ প্ৰভাৱৰ বিষয়ে সকীয়াই দিয়ে ।

‘‘আধুনিক বিশ্বৰ অন্যতম আশ্চৰ্য্য বুলি গণ্য কৰা পানামা খালটো ১১০ বছৰ আগতে বাণিজ্যৰ বাবে মুকলি কৰা হৈছিল আৰু আমেৰিকাৰ বাবে জীৱন আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত বিপুল খৰচ কৰি নিৰ্মাণ কৰা হৈছিল ৷ নিৰ্মাণৰ সময়ত জংঘলত মহৰ কামোৰৰ ফলত ৩৮,০০০ আমেৰিকান লোকৰ মৃত্যু হৈছিল । ইয়াৰ নিৰ্মাণৰ সময়ত টেডী ৰুজভেল্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ৷ তেওঁ নৌসেনাৰ শক্তি আৰু বাণিজ্যৰ শক্তিৰ বিষয়ে বুজি পাইছিল । ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে যেতিয়া নিজৰ কাৰ্যকালত মূৰ্খামিৰে এক ডলাৰৰ বিনিময়ত ইয়াক দি দিছিল, তেতিয়া ইয়াক কেৱল পানামাই পৰিচালনা কৰিব লাগিছিল, চীন বা আন কোনোৱে নহয় ।’’ ট্ৰাম্পে কয় ৷

আল জাজিৰাৰ মতে, দেওবাৰে ট্ৰাম্পক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিন’ই । ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক ৰেকৰ্ডিং বাৰ্তাত মুলিন’ই কয় যে পানামা খাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰতি বৰ্গমিটাৰ পানামাৰ আৰু ইয়াৰ অন্তৰ্গত হৈ থাকিব ।

তেওঁ আৰু অস্বীকাৰ কৰে যে চীন বা আন কোনো দেশৰ এই খালটোৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ আছে । তেওঁ লগতে কয় যে মাচুলৰ সিদ্ধান্ত “হুইম”ৰ ওপৰত কৰা হোৱা নাছিল ৷ আল জাজিৰাই মুলিন’ৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে ।
পানামাৰ অৰ্থনীতিৰ মূল চাবিকাঠি এই খালটোৱে চৰকাৰৰ বাৰ্ষিক ৰাজহৰ প্ৰায় এক পঞ্চমাংশ উপাৰ্জন কৰে ।
ইয়াৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে কানাডাৰ বাবে আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হোৱাটো এক “মহান ধাৰণা” হ’ব, কিয়নো কানাডাৰ নেতা জাষ্টিন ট্ৰুডোৱে ট্ৰাম্পৰ সৈতে সম্ভাৱ্য শুল্ক যুদ্ধৰ আশংকাৰ সৈতে জড়িত ঘৰুৱা ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে ।
ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত পোষ্ট কৰি কয় ‘‘বহু কানাডিয়ানে কানাডাক ৫১ সংখ্যক ৰাজ্য হোৱাটো বিচাৰে । তেওঁলোকে কৰ আৰু সামৰিক সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক ৰাহি কৰিব । মই ভাবো ই এটা ডাঙৰ ধাৰণা । ৫১ নং ৰাজ্য!!!"

লগতে পঢ়ক: ব্ৰাজিলৰ গ্ৰামাডোত বিমান দুৰ্ঘটনাগ্ৰস্ত: আটাইকেইগৰাকী যাত্ৰীৰেই মৃত্য়ু