ETV Bharat / international

মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ; ২০৩১ ত ভাৰতত দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ - SOLAR ECLIPSE 2024

author img

By ANI

Published : Apr 9, 2024, 8:33 AM IST

Total solar eclipse seen across Mexico, Canada, US
মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

Solar Eclipse 2024: মেক্সিকো, কানাডা আৰু আমেৰিকাৰ লাখ লাখ লোকে সোমবাৰে বিৰল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সাক্ষী হয় । চন্দ্ৰৰ ছায়াই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলোৱাৰ আমেৰিকা আৰু মেক্সিকোৰ বহু ঠাই দিনতে ৰাতিলৈ পৰিণত হয় ৷ নাছাই সূৰ্যগ্ৰহণৰ বিৰল দৃশ্য ইউটিউবত নিজৰ অফিচিয়েল ব্ৰডকাষ্ট চেনেলত লাইভ ষ্ট্ৰিমটো শ্বেয়াৰ কৰিছে । প্ৰায় এক শতিকাৰ পিছত প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ পশ্চিম আৰু উত্তৰ অঞ্চলত সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা গ’ল ।

ইন্টাৰনেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: মেক্সিকো, কানাডা আৰু আমেৰিকাত সোমবাৰে নিশা ভাৰতৰ সময় অনুসৰি নিশা ১০.৪৬ বজাত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা আৰম্ভ হয় সূৰ্যগ্ৰহণ । ইয়াৰ পিছত ক্ৰমান্বয়ে চন্দ্ৰৰ ছাঁ সূৰ্যৰ ওপৰত পৰিবলৈ ধৰিলে । সময়ৰ লগে লগে এই ছাঁটোৰ আকাৰো বাঢ়িবলৈ ধৰিলে । নিশা ১২.০৫ ​​বজাৰ পিছত সম্পূৰ্ণ গ্ৰহণ দৃশ্যমান হয় ।

Total solar eclipse seen across Mexico, Canada, US
মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

চন্দ্ৰৰ ছায়াই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলায় আৰু বহু ঠাই দিনতে ৰাতিলৈ পৰিণত হয় । প্ৰায় ৪ মিনিট আন্ধাৰত ডুব গৈ থাকিল বহু অঞ্চল । কোনো কোনো ঠাইত ৪ মিনিট, ২৮ ছেকেণ্ডলৈ চলিছিল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ । সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ প্ৰথম দৃশ্য দেখা গৈছিল মেক্সিকোৰ ছ’ক’ৰ’ দ্বীপত । চন্দ্ৰৰ ছাঁৰ আঁৰত লুকাই থকা দেখা গ’ল সূৰ্যক ।

Total solar eclipse seen across Mexico, Canada, US
মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

আকাশত জুইৰ আঙঠি দৰে এটা আকৃতি দেখা গ’ল । গ্ৰহণ চাবলৈ মানুহে বিশেষ চশমা ব্যৱহাৰ কৰা দেখা গৈছিল । কিন্তু সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত প্ৰাৰম্ভিক পৰ্যায়ত সূৰ্যক বিস্কুটৰ দৰে দেখা গৈছিল । লাহে লাহে সূৰ্যৰ ওপৰত চন্দ্ৰৰ ছাঁ বাঢ়িবলৈ ধৰাৰ লগে লগে সূৰ্যগ্ৰহণৰ দৃশ্যটো অধিক সুন্দৰ হৈ পৰিল ।

সূৰ্যগ্ৰহণৰ পৰিসৰৰ অন্তৰ্গত সকলো দেশেই ইতিমধ্যে সূৰ্যগ্ৰহণ চাবলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছিল । ইয়াৰ লগতে বিভিন্ন স্থানত সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে ব্যৱস্থা কৰা হৈছিল ৷ একে সময়তে মানৱ নিৰীক্ষণ কেন্দ্ৰৰ বিজ্ঞানীসকলে এই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটোৰ ওপৰত দৃষ্টি ৰাখিছিল । বিশ্বৰ প্ৰায় ৫৪খন দেশে এই সূৰ্যগ্ৰহণৰ সাক্ষী হয় । অৱশ্যে ভাৰতত নিশা ভাগত হোৱাৰ বাবে এই সূৰ্যগ্ৰহণ দেখা পোৱা নগ’ল ।

Total solar eclipse seen across Mexico, Canada, US
মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

উত্তৰ আমেৰিকাৰ লাখ লাখ লোকে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ প্ৰত্যক্ষ কৰাৰ বাবে দীৰ্ঘসময়ৰ পৰা অপেক্ষা কৰি আছিল । দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা এই সূৰ্যগ্ৰহণ আৰম্ভ হৈছিল । য’ত চন্দ্ৰই সূৰ্যক আংশিকভাৱে আবৰি ধৰিছিল । মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা পূব কানাডালৈকে বিস্তৃত কৰিডৰত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দেখা যায় ।

Total solar eclipse seen across Mexico, Canada, US
মেক্সিকো, কানাডা, আমেৰিকাত বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

২০১৭ চনৰ সূৰ্যগ্ৰহণতকৈ এই সূৰ্যগ্ৰহণৰ পৰিসৰ বৃহৎ আছিল আৰু ই প্ৰায় ১০৮-১২২ মাইল বিস্তৃত আছিল । এই দৃশ্য চাবলৈ যোৱা কেইবামাহৰ পৰা ধৰি লাখ লাখ লোকে অপেক্ষা কৰি আছিল ।

উল্লেখ্য যে, ২০২৪ চনৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ এটা ঐতিহাসিক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা আছিল কাৰণ ২০৪৪ চনৰ আগষ্ট পৰ্যন্ত আমেৰিকাত ই পুনৰ দৃশ্যমান নহ'ব ৷ ই আছিল এটা বলয়কাৰ সূৰ্যগ্ৰহণ অৰ্থাৎ চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰে ৷ অৱশ্যে ভাৰতত ২০৩১ চনত দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ।

লগতে পঢ়ক: ৮ এপ্ৰিলত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতত ইয়াৰ প্ৰভাৱ কি হ'ব ? - Solar eclipse 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.