ETV Bharat / international

তীৰ্থযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, ৪৫ গৰাকী লোকৰ মৃত্যু - South Africa bus accident

author img

By PTI

Published : Mar 29, 2024, 9:54 AM IST

তীৰ্থযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত
South Africa bus accident

South Africa bus accident: দক্ষিণ আফ্ৰিকাত পবিত্ৰ ইষ্টাৰক লৈ চাৰিওফালে উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে ইষ্টাৰলৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হয় । এগৰাকী ৮ বছৰীয়া শিশুৰ বাহিৰে বাছখনত থকা ৪৫ গৰাকী লোকৰ মৃত্যু ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ মাৰ্চ : দক্ষিণ আফ্ৰিকাত শোকাৱহ বাছ দুৰ্ঘটনা । যাত্ৰীবাহী বাছখনৰ দুৰ্ঘটনাৰ ফলত ৪৫ গৰাকী লোকৰ মৃত্যু । ইষ্টাৰ উৎসৱলৈ যোৱা ভক্তসকল আছিল বাছখনত ।

স্থানীয় প্ৰশাসনে জনোৱা মতে বাছখন বৃহস্পতিবাৰে এক পাহাৰীয়া পথৰ দলঙৰ পৰা বাগৰি পৰে আৰু বাছখনত জুই লাগে । যাৰ ফলত কমেও ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু হয় । আনহাতে উত্তৰ প্ৰদেশ লিম্পোপোৰ কৰ্তৃপক্ষই জনোৱা মতে দুৰ্ঘটনাটোৰ পিচত বাছখনৰ পৰা একমাত্ৰ এটা ৮ বছৰীয়া শিশুক হে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা গৈছে । শিশুটোৰ চিকিৎসা চলি আছে । প্ৰশাসনৰ মতে শিশুটোও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

লিম্পোপোৰ প্ৰশাসনে জনোৱা মতে বাছখন মামাতলাকলা দলঙৰ পৰা পৰি গৈছিল আৰু প্ৰায় ১৬৪ ফুট দ' খাৱৈত পৰিছিল । প্ৰশাসনে দুৰ্ঘটনাটোৰ পিচত অনুসন্ধান অব্যাহত ৰাখিছে । কিন্তু বহু মৃতদেহ জ্বলি যোৱাৰ বাবে চিনাক্তকৰণত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । জানিব পৰা মতে শুকুৰবাৰৰ দিনটোলৈ বাহনখনৰ ভিতৰত বহু মৃতদেহ আৱদ্ধ হৈ আছে ।

স্থানীয় প্ৰশাসনৰ মতে বাছখনে চুবুৰীয়া দেশ বটচৱানাৰ পৰা মৰিয়া চহৰলৈ যাত্ৰা কৰি আছিল । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতে পৰিবহণ মন্ত্ৰী চিন্দিচিৱে চিকুংগা পথ সুৰক্ষা অভিযানৰ বাবে লিম্পোপো প্ৰদেশ ভ্ৰমণ কৰিছে । মন্ত্ৰীগৰাকীৰ মতে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও তদন্ত চলি আছে আৰু ভুক্তভোগীসকলৰ পৰিয়াললৈ তেওঁ সমবেদনাও জ্ঞাপন কৰে ।

দক্ষিণ আফ্ৰিকাৰ চৰকাৰে প্ৰায়ে ইষ্টাৰৰ সময়ত পথ দুৰ্ঘটনাৰ আশংকাৰ বিষয়ে সতৰ্ক কৰি আহিছে । যোৱা বছৰ ইষ্টাৰৰ সময়ত পথ দুৰ্ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক : বাল্টিমোৰ দলং দুৰ্ঘটনাত শোক প্ৰকাশ ভাৰতৰ; ৬ জনৰ মৃত্যুৰ সন্দেহ - Baltimore Bridge Tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.