ETV Bharat / international

জাপানৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেটৰ উৰণৰ পিচতে বিস্ফোৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 12:59 PM IST

জাপানৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেটৰ উৰণৰ পিচতে বিস্ফোৰণ
জাপানৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেটৰ উৰণৰ পিচতে বিস্ফোৰণ

Space One : বুধবাৰে পশ্চিম জাপানৰ ৱাকায়ামা প্ৰিফেকচাৰৰ কুশিমোটোত এটা উৎক্ষেপণ পেডৰ পৰা উৎক্ষেপণৰ পিচতে স্পেচ ৱানৰ কাইৰোছ ৰকেটটো বিস্ফোৰণ হয় ।

ইণ্টাৰনেচনেল ডেস্ক, ১৩ মাৰ্চ : ব্যক্তিগত খণ্ডৰ জাপানৰ প্ৰথমটো ৰকেট বুধবাৰে কক্ষপথলৈ উৎক্ষেপণৰ অলপ পিচতে ৰকেটটো বিস্ফোৰণ ঘটে । এই বিস্ফোৰণৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰৰ ভিডিঅ'ত দেখুওৱা হৈছে । অনলাইন ভিডিঅ'ত কাইৰোছ নামৰ ৰকেটটো মধ্য জাপানৰ ৱাকায়ামা প্ৰিফেকচাৰৰ পৰা বিস্ফোৰণ হোৱা দেখা গৈছিল ।

এয়া হৈছে গছৰে পৰিপূৰ্ণ এটা পাহাৰীয়া অঞ্চল । কিন্তু উৎক্ষেপণৰ কেই ছেকেণ্ডমানৰ ভিতৰতে মাজ আকাশত ৰকেটটো বিস্ফোৰণ হয় । লগে লগে এক বৃহৎ ধোঁৱাই অঞ্চলটো আগুৰি ধৰে আৰু কিছুমান ঠাইত জুই জ্বলি উঠে । জুই নুমুৱাবলৈ চেষ্টা কৰি থকাৰ দৃশ্যও ভিডিঅ'টোত দেখুওৱা হৈছে ।

অৱশ্যে ৰকেটটো উৎক্ষেপণৰ সময়ত হোৱা বিস্ফোৰণৰ আঁৰৰ কাৰণ সন্দৰ্ভত জানিব বিচৰাত টকিঅ'স্থিত ষ্টাৰ্টআপ স্পেচ ৱানে কোনো মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে । আনহাতে, জাপানিজ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিপদাশংকা থকা এলেকাত এখন জাহাজ দেখা পোৱাৰ পিচত যোৱা শনিবাৰে ইয়াৰ উৎক্ষেপণ পিছুৱাই দিয়া হয় । এনেদৰে এই কাৰ্য ইতিমধ্যে কেইবাবাৰো পলম হৈছিল ।

উল্লেখ্য যে যদি অভিযান সফল হ'লহেঁতেন, তেন্তে কোনো ৰকেট কক্ষপথত স্থাপন কৰা স্পেচ ৱান প্ৰথম ব্যক্তিগত কোম্পানী হ'লহেঁতেন । টকিঅ'স্থিত স্পেচ ৱান 2018 চনত স্থাপন কৰা হৈছিল । কেনন ইলেক্ট্ৰ'নিকছ, আইএইচআই, চিমিজু আৰু মুখ্য বেংককে ধৰি মুখ্য জাপানিজ কোম্পানীবোৰৰ বিনিয়োগত ইয়াক স্থাপন কৰা হয় ।

অৱশ্যে তাৎক্ষণিকভাৱে কোনো আঘাত বা অন্যান্য ক্ষতিৰ খবৰ পোৱা নাই । জাপানৰ মুখ্য মহাকাশ অন্বেষণ প্ৰচেষ্টাৰ নেতৃত্ব দিয়ে চৰকাৰৰ এনএচএডিএ, যি হৈছে জাপানৰ ৰাষ্ট্ৰীয় মহাকাশ উন্নয়ন সংস্থা । এই সংস্থাটো হৈছে আমেৰিকাৰ নাছাৰ সমতুল্য এক ৰাষ্ট্ৰায় মহাকাশ গৱেষণা কেন্দ্ৰ ।

লগতে পঢ়ক : হঠাৎ বিকল ফেচবুক-ইনষ্টা: প্ৰায় এঘন্টা বিশ্বজুৰি হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.