ETV Bharat / health

জনপ্ৰিয় টিভি অভিনেতাৰ ক’লন কেন্সাৰত মৃত্যু, পুৰুষসকলে কেতিয়াও আওকাণ নকৰিব এই লক্ষণবোৰক - VIBHU RAGHAVE

টিভি অভিনেতা বিভু ৰাঘৱে বিগত তিনি বছৰ ধৰি ষ্টেজ ৪ ক’লন কেন্সাৰত আক্ৰান্ত হৈ ২ জুনত শেষ নিশ্বাস ত্যাগ কৰে, এই কেন্সাৰ কিমান বিপদজনক জানেনে-

Vibhu Raghave's Tragic Death Highlights the Silent Killer: Warning Signs of Colon Cancer Men Often
জনপ্ৰিয় টিভি অভিনেতাৰ ক’লন কেন্সাৰত মৃত্যু, পুৰুষসকলে কেতিয়াও আওকাণ নকৰিব এই লক্ষণবোৰক (INSTAGRAM)
author img

By ETV Bharat Health Team

Published : June 5, 2025 at 5:23 PM IST

4 Min Read

শেহতীয়াকৈ এটি দুঃখবৰ আহিছে টিভি জগতৰ পৰা ৷ বিখ্যাত টিভি শ্ব’ ‘নিশা ঔৰ উস্কে কাজিনছ’ত অভিনয় কৰা অভিনেতা বিভু ৰাঘৱৰ বিগত ২ জুনত মৃত্যু হয় ৷ বিগত তিনি বছৰ ধৰি ষ্টেজ ৪ ক’লন কেন্সাৰৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী ৷ মৃত্যুৰ সময়ত বিভুৰ বয়স আছিল প্ৰায় ৩০ বছৰ ৷ তেওঁৰ ঘনিষ্ঠ বন্ধু তথা অভিনেত্ৰী সৌম্য টেণ্ডনে এই খবৰ নিশ্চিত কৰে ৷

বিভুৰ মৃত্যুৱে পুনৰবাৰ দৃষ্টি আকৰ্ষণ কৰিছে ভয়াৱহ ৰোগৰ ক’লন কেন্সাৰলৈ, যিটো প্ৰায়ে শৰীৰত নিৰৱে শৰীৰৰ ক্ষতি কৰে আৰু ধৰা পৰাৰ সময়লৈকে ই বহু সময় পাৰ হৈ যায় ৷

ক’লন কেন্সাৰ কি ?

বৃহদান্ত্ৰৰ কৰ্কট ৰোগ বুলিও জনাজাত বৃহদান্ত্ৰৰ কৰ্কট ৰোগ সাধাৰণতে বয়সস্থ লোকৰ লগত জড়িত বুলি ধৰা হয় ৷ কিন্তু এতিয়া এই ৰোগে যুৱক-যুৱতীসকলকো দ্ৰুতগতিত আক্ৰান্ত কৰিছে ৷ বিভু ৰাঘৱ নিজেই এজন ডেকা, ফিট আৰু সক্ৰিয় ব্যক্তি আছিল, যিয়ে প্ৰমাণ কৰে যে এই ৰোগ যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে

ক’লন কেন্সাৰৰ লক্ষণ

ক’লন কেন্সাৰৰ লক্ষণসমূহ প্ৰায়ে পেটৰ বিষ, গেছ, ভাগৰ বা ওজন কমি যোৱা আদি সাধাৰণ সমস্যাৰ ৰূপত দেখা দিয়ে ৷ সঘনাই ডায়েৰিয়া বা কোষ্ঠকাঠিন্য, মলত তেজ, অনবৰতে ভাগৰুৱা বা পেটত গধুৰ হোৱা এই সকলোবোৰেই কিবা ভুল হোৱাৰ লক্ষণ হ’ব পাৰে ৷ কিন্তু প্ৰায়ে মানুহে এই লক্ষণবোৰক সৰু বুলি গণ্য কৰি আওকাণ কৰে ৷

যুৱক-যুৱতীসকলৰ মাজত কিয় চিন্তাৰ বিষয় ?

শেহতীয়া বছৰবোৰত ৩০ৰ পৰা ৪০ বছৰ বয়সৰ লোকৰ মাজত ক’লন কেন্সাৰৰ ৰোগী বৃদ্ধি পোৱাৰ বাতৰি ওলাইছে ৷ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল পৰিৱৰ্তিত জীৱনশৈলী, প্ৰচেছড খাদ্য অত্যধিক সেৱন, শাৰীৰিক কাৰ্য্যকলাপৰ অভাৱ আৰু মানসিক চাপ ৷

কাৰণ

ডাঃ দিগপাল ধাৰ্কৰে এই সন্দৰ্ভত কয় যে, দুৰ্বল বা বহি থকা জীৱনশৈলী, বিশেষকৈ অনিয়মিত খাদ্যাভ্যাসক ক'লন কেন্সাৰৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি ধৰিব পাৰি । ইয়াৰ বাহিৰেও বহু কাৰণ ইয়াৰ বাবে দায়ী হ’ব পাৰে, যেনে..

  • ৰঙা মাংস বা এনেধৰণৰ অন্যান্য খাদ্য যিসমূহত কাৰ্চিনোজেনিক প্ৰভাৱ অৰ্থাৎ কেন্সাৰ প্ৰসাৰক উপাদান হিচাপে পোৱা যায়, সেইসমূহে বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । তেওঁ বুজাইছে যে, সাধাৰণতে খাদ্য খোৱাৰ পিছত ৯০ মিনিটত পেটৰ পৰা ওলাই গৈ আঢ়ৈ ঘণ্টাত বৃহদান্ত্ৰৰ পৰা মলদ্বাৰ গৈ পায়গৈ, কিন্তু যদি আমাৰ জীৱনশৈলী নিষ্ক্ৰিয় বা কম সক্ৰিয় হয়, তেন্তে আমাৰ বৃহদান্ত্ৰত থকা মলৰ তৈয়াৰ প্ৰক্ৰিয়াৰ গতি লেহেমীয়া হয় । এনে পৰিস্থিতিত যদি আমাৰ খাদ্যত কাৰ্চিনোজেনিক উপাদান থাকে, তেন্তে সেইবোৰ বৃহদান্ত্ৰৰ ভিতৰৰ আৱৰণ আৰু শ্লেষ্মাৰ ওপৰৰ আৱৰণত বহু সময়লৈকে থাকে । এনে ক্ষেত্ৰত ইহঁতে বৃহদান্ত্ৰত প্ৰভাৱ পেলাব পাৰে ।
  • ইয়াৰ উপৰিও আমাৰ জীৱনশৈলী অসক্ৰিয় আৰু নিষ্ক্ৰিয় হৈ পৰিছে, যাৰ বাবে কেৱল ক’লন কেন্সাৰেই নহয়, আন বহু ধৰণৰ কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পাইছে ।
  • একে সময়তে মানুহৰ খাদ্যত ফাষ্ট ফুড, জাংক ফুড আৰু চেচুৰেটেড ফুডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত কেৱল ক’লন কেন্সাৰেই নহয়, আন প্ৰকাৰৰ কেন্সাৰো বৃদ্ধি পাইছে ।
  • কেতিয়াবা জিনীয় বা বংশগত কাৰণো ক’লন কেন্সাৰৰ বাবে দায়ী হ’ব পাৰে । দৰাচলতে ক’লন কেন্সাৰত আমাৰ ক’লনত সৰু সৰু নোডুলৰ ৰূপত উপস্থিত পলিপত কেন্সাৰ কোষ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । Familial Polyposis বুলিও কোৱা হয় । জিনীয় কাৰণত এই পলিপবোৰ কেতিয়াবা মানুহৰ ক্ষেত্ৰত প্ৰাকঃকেন্সাৰ হ’ব পাৰে ।
  • বাঢ়ি অহা বয়স বা অধিক বয়সো ইয়াৰ কাৰণ হ’ব পাৰে ।

সঠিক সময়ত ক'লন কেন্সাৰৰ চিকিৎসা কৰিলে আৰোগ্য লাভ কৰিব পাৰি

চিকিৎসকৰ মতে, যদি পেট সম্পৰ্কীয় কোনো সমস্যা দীৰ্ঘদিন ধৰি থাকে বা বাৰে বাৰে ঘূৰি আহে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰক ৷

উৎসঃ-https://medlineplus.gov/colorectalcancer.html#:~:text=Colorectal%20cancer%20is%20cancer%20that,products%20into%20stool%20(poop).

লগতে পঢ়ক

  1. World Cancer Day 2023: মহিলাসকলৰ ক্ষেত্ৰত সৰ্বাধিক দেখিবলৈ পোৱা 5 প্ৰকাৰৰ কৰ্কট ৰোগ
  2. প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত জো বাইডেন: পুৰুষৰ ক্ষেত্ৰত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে এই ৰোগ
  3. ধঁপাত সেৱনে কিদৰে বৃদ্ধি কৰে কেন্সাৰৰ আশংকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.