ETV Bharat / health

সুস্থ চুলিৰ বাবে শ্বেম্পু, কণ্ডিচনাৰৰ উপৰিও খাদ্যৰ তালিকাত যোগ কৰক এইসমূহ খাদ্য

Hair Loss: সুস্থ চুলিৰ বাবে কেৱল শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিলেই নহ’ব, খাদ্যৰ তালিকাত যোগ কৰিব লাগিব পুষ্টিকৰ খাদ্য । চুলি সুস্থ কৰি ৰাখিবলৈ এনে খাদ্য সামগ্ৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যিয়ে চুলি সৰা, শুকান হোৱা আৰু দুৰ্বল চুলিৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে । চুলি সুস্থ কৰি ৰাখিবলৈ কোনবোৰ খাদ্য খাব লাগে জানি লওক এই প্ৰতিবেদনত ।

These are the four foods to eat to stop hair loss
চুলি সৰা বন্ধ কৰিবলৈ খাওক এই চাৰিবিধ খাদ্য
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 12:51 PM IST

3 Min Read
Choose ETV Bharat

সৌন্দৰ্য বৃদ্ধিৰ বাবে কেৱল ছালৰেই নহয়, চুলিৰ যত্ন লোৱাটোও অতি প্ৰয়োজনীয় । ধূলি, মাটি আৰু প্ৰদূষণৰ বাবে চুলিৰ বহু ক্ষতি হয় । যাৰ বাবে প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে উফি, চুলি সৰাৰ সমস্যা, চুলি ফাটি যোৱা ইত্যাদি বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এইবোৰ সমস্যাৰ বাবে চুলি পাতল আৰু অতি নিৰ্জীৱ দেখা যায়, যাৰ ফলত মুখৰ সৌন্দৰ্য কমি যোৱা যেন অনুভৱ হয় ।

ইয়াৰ উপৰিও চুলি সৰা সমস্যাৰ বাবে বহু লোক প্ৰায়ে মানসিক চাপত থাকে । সেয়েহে চুলি সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় । কিন্তু মানুহে ভাৱে যে চুলি সুস্থ কৰিবলৈ কেৱল চুলিত বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে ৷ কিন্তু তেনে নহয়, চুলিক স্বাস্থ্যসন্মত কৰিবলৈ কিছুমান খাদ্য সামগ্ৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ ফলত চুলিয়ে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব। কোনবোৰ খাদ্য সামগ্ৰীৰ সহায়ত চুলিক স্বাস্থ্যকৰ কৰি তুলিব পাৰি জানো আহক ।

কণী

চুলি সুস্থ কৰি ৰাখিবলৈ প্ৰটিন অতি প্ৰয়োজনীয় । প্ৰটিনৰ অভাৱৰ বাবে প্ৰায়ে চুলি সৰা সমস্যাই দেখা দিয়ে । কণীত প্ৰটিন থাকে, যিয়ে চুলিক সুস্থ আৰু ডাঠ কৰি তোলাত সহায় কৰে । প্ৰটিনৰ লগতে ইয়াত বায়’টিনো পোৱা যায়, যিয়ে কেৰাটিন প্ৰ’টিন তৈয়াৰ কৰাত সহায় কৰে । সুস্থ চুলিৰ বাবে কেৰাটিন অতি প্ৰয়োজনীয় । গতিকে চুলিকোচা সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক কণী ।

বাদাম

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ই অতি গুৰুত্বপূৰ্ণ । মূৰৰ ছালখন সুস্থ কৰি ৰখাতো ই অতি গুৰুত্বপূৰ্ণ । বাদামত ভিটামিন ই প্ৰচুৰ পৰিমাণে থাকে । ইয়াৰ উপৰিও ইয়াত স্বাস্থ্যকৰ চৰ্বি আৰু জিংক থাকে, যিবোৰ চুলিৰ বাবে অতি প্ৰয়োজনীয় । গতিকে বাদাম খোৱাটো সুস্থ চুলিৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷

মিঠা আলু

মিঠা আলুত বিটা-কেৰাটিন থাকে, যাক শৰীৰে ভিটামিন এ লৈ ৰূপান্তৰিত কৰে । ই মূৰৰ ছালত উপস্থিত গ্ৰন্থিৰ পৰা চেবাম উৎপন্ন কৰাত সহায় কৰে, যাৰ বাবে চুলি শুকান আৰু নিস্তেজ দেখা নাযায় । ইয়াৰ উপৰিও চুলিৰ বৃদ্ধিৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ । সেয়েহে সুস্থ আৰু ধুনীয়া চুলিৰ বাবে মিঠা আলু খাব পাৰে ।

পালেং শাক

পালেং শাকত আইৰণ, ভিটামিন এ আৰু ফোলেট পোৱা যায় । এই সকলোবোৰ পুষ্টিকৰ উপাদান চুলিৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱৰ বাবে চুলি সৰা সমস্যা হ’ব পাৰে । চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন এ অতি প্ৰয়োজনীয় । ইয়াৰ উপৰিও মূৰৰ ছালখন সুস্থ কৰি তোলাতো সহায় কৰে, যাৰ ফলত চুলি ভাঙি যোৱাৰ সমস্যা কম হয় ।

লগতে পঢ়ক: ডাৰ্মেট’মাইঅ’চাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু দংগলৰ ববিতা খ্যাত অভিনেত্ৰী সুহানী ভাটনাগৰৰ