ETV Bharat / health

আদা দিয়া চাহৰ গুণাগুণ জানি আপুনিও হৈ পৰিব আচৰিত

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:13 PM IST

Health Benefits of Ginger Tea: পুৱাৰ পৰা সন্ধিয়ালৈ বিভিন্ন সময়ত বহুলোকে চাহ সেৱন কৰে ৷ বহুতেই আকৌ চাহত আদা দি খাই খুব ভালপায় ৷ আদা দিয়া চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ আজি এই বিষয়ে জানো আহক-

Amazing Health Benefits of Ginger Tea
আদা দিয়া চাহৰ গুণাগুণ জানি আপুনিও হৈ পৰিব আচৰিত

চাহ হয়তো প্ৰতিজন ভাৰতীয়ৰে প্ৰিয় ৷ বিশেষকৈ শীতকালছোৱাত অধিকাংশ লোকেই চাহৰ প্ৰতি একপ্ৰকাৰ আসক্ত হৈ পৰে ৷ পুৱাৰ পৰা সন্ধিয়ালৈ বিভিন্ন সময়ত বহুলোকে চাহ সেৱন কৰাৰ অভ্যাস থাকে ৷ বহুতেই আকৌ চাহত আদা দি খাই খুব ভালপায় ৷ আদা দিয়া চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ আজি এই বিষয়ে জানো আহক-

আদাৰ গুণাগুণ

  • আদাৰ প্ৰভাৱ গৰম, সেয়েহে ইয়াক সেৱন কৰিলে শৰীৰত উষ্ণতা বৰ্তি থাকে ৷
  • ইয়াত বহুতো ভিটামিন থাকে ৷তাৰ ভিতৰত অন্যতম ভিটামিন-এ, ভিটামিন ডি আৰু ভিটামিন ই ৷
  • কেলচিয়াম, মেগনেছিয়াম, জিংক আৰু আইৰণ আদি পুষ্টিৰে সমৃদ্ধ আদা ৷
  • আদাত যথেষ্ট পৰিমাণে অক্সিডেণ্ট থাকে, যি শৰীৰৰ ভিতৰত সৃষ্টি হোৱা মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়ে ৷

আদা চাহ খোৱাৰ লাভালাভ

  • শীতকালত সঘনাই প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে ৷সেয়েহে যদি আপুনি দিনত আদা দিয়া চাহ দুবৰকৈ হ’লেও সেৱন কৰে, তেতিয়া এই সমস্যাৰ সন্মুখীন হ’ব নালাগে ৷
  • এই চাহে চৰ্দি আৰু কাহৰ পৰা সুৰক্ষা দিয়ে ৷
  • আদাৰ চাহে মূৰৰ বিষৰ পৰাও সকাহ দিয়া ৷
  • আদাৰ চাহে ভাইৰাছ আৰু বেক্টেৰিয়া বৃদ্ধি হোৱা প্ৰতিহত কৰে, যাৰ ফলত ঋতুগত ৰোগবোৰ আঁতৰত থাকে ৷
  • আদা চাহ খালে হজম শক্তিশালী হৈ থাকে, যি পাকস্থলীত গধুৰতা আৰু পেট ফুলা আদিৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰে ৷
  • বৃক্কৰ সমস্যা পৰিহাৰ কৰাত আদা চাহ সহায়ক ৷

আপুনি এদিনত কিমান আদাৰ চাহ খাব পাৰে ?

স্বাস্থ্যৱান হৈ থাকিবলৈ, আপুনি দিনে ২ৰ পৰা ৩ বাৰ আদা দিয়া চাহ খাব পাৰে ৷ ইয়াৰ বাহিৰেও দাইল আৰু পাচলিতো আদা ব্যৱহাৰ কৰিব ৷

লগতে পঢ়ক: শীতকালত কিয় বৃদ্ধি পায় চাইনাছৰ সমস্যা ? কেনেকৈ পাব পৰিত্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.