যি সন্তানক লৈ গৌৰৱ কৰিব পাৰে পিতৃ-মাতৃয়ে: ইয়াতকৈ বিশেষ কি আছে আৰ্জিবলৈ জীৱনত ? - Vijay Deverakonda Family Trip
Vijay Deverakonda Family Trip: দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাই প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়াত পাৰিবাৰিক ফটো পোষ্ট কৰে । শেহতীয়াকৈ ফেমিলী ষ্টাৰৰ অভিনেতাগৰাকীয়ে পৰিয়ালৰ সৈতে আমেৰিকা ভ্ৰমণৰ কিছুমান অতি মৰমলগা ফটো শ্বেয়াৰ কৰিছে ।

Published : June 19, 2024 at 2:27 PM IST
চিটাৰা ডেস্ক, 19 জুন : দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাই বৰ্তমান পৰিয়ালৰে সৈতে ভ্ৰমণত ব্যস্ত হৈ আছে । অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাক-দেউতাকক লৈ আমেৰিকালৈ লৈ গৈছে । এই ভ্ৰমণৰ কিছু সুন্দৰ মুহূৰ্ত তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে । তেওঁৰ ফটোবোৰ দেখি অনুৰাগীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
১৮ জুনত, বিজয় দেৱেৰাকোণ্ডাই তেওঁৰ আমেৰিকা ভ্ৰমণৰ কেইবাখনো ফটো পোষ্ট কৰিছিল আৰু প্ৰকাশ কৰিছিল যে তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ মাক-দেউতাকক তালৈ লৈ গৈছে । পৰিয়ালটোৰ সৈতে অতিবাহিত কৰা বিশেষ মুহূৰ্তবোৰ শ্বেয়াৰ কৰি তেওঁ শিৰোনামটোত লিখিছিল, ‘মা আৰু দেউতাক তেওঁলোকৰ প্ৰথম আমেৰিকা ভ্ৰমণত লৈ যোৱা ।’
প্ৰথম ফটোখনত, বিজয়ক তেওঁৰ ভায়েক আৰু দেউতাকৰ সৈতে দেখা গৈছে । দেৱেৰাকোণ্ডা ভাতৃদ্বয়ক ক্যুল লুকত দেখিবলৈ পোৱা গৈছে । দ্বিতীয় আৰু তৃতীয় ফটোত গোটেই পৰিয়ালটোকে মুখত একো একোটা মৰমলগা হাঁহিৰে দেখা গৈছে ।
এই ফটোসমূহৰ ভিতৰত মানুহৰ হৃদয় জয় কৰা ফটোখন আছিল – অভিনেতাজনে তেওঁৰ দেউতাকক উষ্ম আলিংগন কৰি থকা ফটোখন । এই ফটোখন দেখি এনেকুৱা অনুমান হয় যেন বিজয়ে তেওঁৰ দেউতাকক আলিংগন কৰি অতি আৰাম অনুভৱ কৰিছে ।
বিজয় দেৱেৰাকোণ্ডাৰ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে বিজয় দেৱেৰাকোণ্ডাক মৃণাল ঠাকুৰৰ বিপৰীতে 'ফেমিলী ষ্টাৰ'ত দেখা গৈছিল । অৱশ্যে, ছবিখনে বক্স অফিচত বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে । তেওঁ ৰাহুল সাংকৃত্যায়নৰ সৈতে এখন ঐতিহাসিক নাটক কৰিবলৈ সাজু হৈছে, যাৰ অস্থায়ী শিৰোনাম হৈছে "ভিডি14"। তেওঁক ৰবি কিৰণ কোলাৰ পৰৱৰ্তী প্ৰকল্পতো দেখা যাব, যাৰ অস্থায়ী শিৰোনাম হৈছে "এছভিচি59" ।
লগতে পঢ়ক : বিগ বিৰ বাসগৃহত কন্দল ! পৰিয়ালৰ পৰা একাষৰীয়া হ’ব নেকি অভিষেক বচ্চন ? - Abhishek Bachchan

