ETV Bharat / entertainment

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল অভিনেতা অৰ্জুন বিজলানীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:58 AM IST

Arjun Bijlani Hospitalised: পেটৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ আছে টিভি অভিনেতা অৰ্জুন বিজলানী । অভিনেতাগৰাকীয়ে চিকিৎসালয়ৰ পৰা স্বাস্থ্যৰ আপডেট দি এখন ছবিও শ্বেয়াৰ কৰিছে ।

Tv actor Arjun Bijlani Hospitalised After Severe Stomach Pain
অসুস্থ অৰ্জুন বিজলানী

চিটাৰা ডেস্ক, ৯ মাৰ্চ: টিভিৰ অন্যতম জনপ্ৰিয় অভিনেতা অৰ্জুন বিজলানী । এতিয়ালৈকে তেওঁ বহু ধাৰাবাহিকত অভিনয় কৰিছে । অভিনয়ৰ উপৰিও অৰ্জুনক বহু শ্ব’ত আঁত ধৰোতাৰ ৰূপতো দেখা গৈছে । অৰ্জুনে নিজৰ কমেডীৰে প্ৰায়ে সকলোকে হাঁহিবলৈ বাধ্য কৰায় । বৰ্তমান অভিনেতাজনক দেখা গৈছে ‘প্যাৰ কা পেহলা অধ্যায়: শিৱ শক্তি’ ধাৰাবাহিকখনত । কিন্তু এতিয়া হঠাৎ অৰ্জুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, যাৰবাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । অভিনেতাগৰাকীয়ে চিকিৎসালয়ৰ পৰা নিজৰ এখন ফটোও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।

Tv actor Arjun Bijlani Hospitalised After Severe Stomach Pain
অৰ্জুন বিজলানীৰ পোষ্ট

চিকিৎসালয়ত ভৰ্তি অৰ্জুন বিজলানী

এপেণ্ডিচাইটিছৰ বাবে পেটৰ সোঁফালৰ তলৰ অংশত তীব্ৰ বিষ হৈছিল অভিনেতাগৰাকীৰ । ইয়াৰ পিচতে তেওঁক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হয় । এক সূত্ৰৰ মতে, অৰ্জুনৰ এপেণ্ডিক্স অপাৰেশ্যন ৯ মাৰ্চত অৰ্থাৎ আজি হোৱাৰ কথা । বিষৰ বাবে অভিনেতাগৰাকীয়ে ৮ মাৰ্চত শ্বুটিঙলৈও যোৱা নাছিল ।

স্বাস্থ্যৰ আপডেট দি অৰ্জুন বিজলানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত চিকিৎসালয়ৰ পৰা নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক বিচনাত শুই থকা দেখা গৈছে । এই ছবিখনত তেওঁৰ মুখখন দেখা পোৱা নাই । কিন্তু হাতখন দেখা গৈছে । এই ছবিখনেৰে অভিনেতাজনে লিখিছে – যি হয়, ভালৰ কাৰণেই হয় ।

অনুৰাগীৰ পৰা নিজৰ বাবে আশীৰ্বাদ বিচাৰিছিল

অৰ্জুন বিজলানীয়ে ৮ মাৰ্চত মহাশিৱৰাত্ৰি উপলক্ষে এটা পোষ্টো শ্বেয়াৰ কৰিছিল । অভিনেতাজনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । ভিডিঅ’টোত তেওঁক ভগৱান শিৱক পূজা কৰা দেখা গৈছিল । ভিডিঅ’টোৰ সমান্তৰালকৈ অভিনেতাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক মহাশিৱৰাত্ৰীৰ শুভেচ্ছাও জ্ঞাপন কৰিছিল । তেওঁ কেপচনত লিখিছে, ‘‘ মহাশিৱৰাত্ৰিৰ বহু শুভেচ্ছা, মোকো আশীৰ্বাদ দিয়ক ।’’

লগতে পঢ়ক: হম আপকে হে কৌনৰ শ্বুটিঙৰ সময়ত গুৰুতৰ ৰোগত অসুস্থ আছিল অনুপম খেৰ, সবিশেষ জানক এই প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.