ETV Bharat / entertainment

অসমৰ মোহত পৰা কোৰিয়ান পপ তাৰকা Aoora ই অসমতে বিচাৰি পালে নাচনী ! - assamese korean song collaboration

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:48 AM IST

Updated : Apr 25, 2024, 8:56 AM IST

assamese korean collaboration
আকৰ্ষণীয় ক’লাবৰেশ্যন

Assamese Korean collaboration: কোৰিয়ান পপ সংগীত আৰু বিহুগীত ভাল পোৱাসকললৈ সুখবৰ ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম জিলিকাবলৈ সক্ষম হোৱা এজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে দক্ষিণ কোৰিয়াৰ এগৰাকী বিখ্যাত পপ তাৰকাৰ সৈতে সহযোগিতা কৰি খলকনি তুলিছে বিহুগীতৰ মাজেৰে ৷

চিটাৰা ডেস্ক, 24 এপ্ৰিল : বৰ্তমান সময়ত সাংস্কৃতিক ক্ষেত্ৰখন যে কিমান আগবাঢ়িছে, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ৷ সংগীতৰ পৰা নৃত্যলৈকে, নাটকৰ পৰা থিয়েটাৰলৈকে, আৰ্টৰ পৰা অভিনয়লৈকে সকলোতে বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায় ৷

শেহতীয়াকৈ অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত বহু শিল্পীয়ে নতুন নতুন প্ৰয়াস কৰিছে, নানান পৰিকল্পনাৰে অসমবাসীক আমোদ দিবলৈ সক্ষম হৈছে, দৰ্শকৰ পৰা যোগাত্মক সঁহাৰি লাভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ নীলোৎপল বৰা এতিয়া সকলোতে পৰিচিত নাম ৷ সোমবাৰে মুক্তি পালে নীলোৎপলৰ এটি শ্ৰুতিমধুৰ বিহুগীত ৷ গীতটিত তেওঁৰ লগত কোনে কণ্ঠদান কৰিছে জানেনে ? দক্ষিণ কোৰিয়াৰ বিখ্যাত পপ তাৰকা Aoora ই ৷ কেতিয়াবা ভাবিছিলনে দক্ষিণ কোৰিয়ান পপ শিল্পীয়ে বিহুগীত গাব ? এবাৰ শুনক ৷ দক্ষিণ কোৰিয়ান পপ শিল্পীগৰাকীৰ কণ্ঠত অসমীয়া বিহুগীত "ঐ নাচনী" য়ে শ্ৰোতাৰ পৰা যথেষ্ট সমাদাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় এই নতুন অসমীয়া গীতটি "ঐ নাচনী"। এই নতুন অসমীয়াৰ বিহুসুৰীয়া গীতটিৰ কথা সুনিত গগৈৰ, সংগীত নীলোৎপল বৰাৰ । গীতটিৰ ভিডিঅ’ কৰিগ্ৰাফী কৰিছে শচীন বৰুৱাই । অসমৰ পটভূমিত নিৰ্মাণ কৰা গীতিটিৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় দিম্পু বৰুৱাকো দেখা গৈছে ।

অৱশ্যে কন্ঠশিল্পী নীলোৎপল বৰাৰ গীতত কে পপ শিল্পী Aoora ই কন্ঠদান কৰা এইটোয়ে প্ৰথম বিহুসুৰীয়া গীত নহয় । ইয়াৰ পূৰ্বেও নীলোৎপল বৰাৰ এটি গীতত কন্ঠদান কৰিছে Aoora ই । নীলোৎপল বৰাৰ কিছুদিন পূৰ্বে মুক্তি লাভ কৰা "চেকচেকি পৰুৱা" বিহুগীতটোতো Aoora ই কন্ঠদান কৰিছিল । গীতটিৰ ৫৪ ছেকেণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ।

উল্লেখ্য যে, Aoora ভাৰতলৈ আহিছিল বিগ-বছ নামৰ ৰিয়েলিটী শ্ব'টোত অংশ ল'বলৈ । মন কৰিবলগীয়া যে Aoora ই হিন্দী ভাষাটো বাদেই ইংৰাজীও ভালকৈ ক’ব নাজানে । তেনে ক্ষেত্ৰত অসমলৈ আহি অসমীয়াৰ কৃষ্টি-সংস্কৃতিক আদৰি লৈ বিহুগীতত কন্ঠদান কৰাটো এক ভাল খবৰো ।

লগতে পঢ়ক : গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' - The Horse From Heaven

Last Updated :Apr 25, 2024, 8:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.