"ভাইমন দা"ৰ প্ৰশংসাত পঞ্চমুখ প্ৰবাসী অসমীয়া
ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমানে জনপ্ৰিয়তা লাভ কৰিছে "ভাইমন দা"ই । ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কানাডাৰ টৰণ্ট’ত থকা প্ৰবাসী অসমীয়া ।

By ETV Bharat Entertainment Team
Published : June 23, 2025 at 1:16 PM IST
গুৱাহাটী: ছবিগৃহত অব্যাহত আছে "ভাইমন দা" ৰ জয়যাত্ৰা । ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰা "ভাইমন দা" ই শেহতীয়াকৈ খোজ পেলাইছে বিদেশত । ২১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুক্তি দিয়া হৈছে ছবিখন । ২১ জুনত কানাডাৰ টৰণ্ট’ চহৰত মুক্তি দিয়া হয় ছবিখন । ছবিখন উপভোগ কৰাৰ পাছত এতিয়া ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কানাডাৰ টৰণ্ট’ত থকা প্ৰবাসী অসমীয়াসকল ।
শেহতীয়াকৈ সমাজিক মাধ্যমযোগে “ভাইমন দা” ৰ নিৰ্মাতাগোষ্ঠীয়ে প্ৰকাশ কৰিছে এটা ভিডিঅ’ । ভিডিঅ’টোত মুক্তিৰ দিনাৰে পৰা আজি পৰ্যন্ত ৰাজ্যকে ধৰি বহিঃৰাজ্যতো দর্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা "ভাইমন দা" ৰ প্ৰতি প্ৰবাসী অসমীয়াৰ অভূতপূৰ্ব সঁহাৰি দেখা গৈছে । প্ৰতিগৰাকী দর্শকে একেমুখে কৰিছে “ভাইমন দা” ৰ প্ৰশংসা ।
দৰাচলতে মুক্তিৰ দিন ধৰি বিভিন্নজনৰ লগতে প্ৰবাসী অসমীয়াসকলে সামাজিক মাধ্যম যোগে ছবিখন বিদেশত মুকলি কৰিবৰ বাবে নিৰ্মাতাগোষ্ঠীক আহ্বান জনাই আহিছিল । সেই আহ্বান ৰক্ষা কৰি ছবিখন বিদেশত মুক্তি দিয়া হৈছে ।
ইফালে ২২ জুনত নিউজাৰ্চি, ছিডনী, অষ্ট্ৰেলিয়া, শ্বাৰজাহ, ইউ এ ইতো ছবিখনৰ স্ক্ৰীণিং কৰা হয় । কানাডাৰ টৰণ্ট’ চহৰৰ দৰে অন্য স্থানসমূহতো ছবিখনে একেই সঁহাৰি লাভ কৰিব বুলি আশাবাদী নিৰ্মাতাগোষ্ঠী । আনহাতে পৰৱৰ্তী সময়ত ছিংগাপুৰ, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি.চি, বষ্টন, কেলিফৰ্ণিয়া, লণ্ডন, কানাডাৰ কেলগাৰীতো পৰ্যায়ক্ৰমে মুক্তি দিয়া হ'ব ছবিখন ।
উল্লেখ্য যে ভাইমন দা হিচাপে পৰিচিত মুনিন বৰুৱাৰ জীৱন আৰু কৰ্মৰ মূল্যায়নেৰে জীৱনজোৰা অৱদান সাৱলীল ৰূপত ফুটাই তোলাৰ লগতে অসমীয়া বোলছবি জগতৰ বৰেণ্য ব্যক্তিসকলৰ গৌৰৱময় দিশ প্ৰতিফলিত কৰি নিৰ্মাণ কৰা ‘‘ভাইমন দা’’ৰ প্ৰতি দৰ্শকৰ সমাদৰ প্ৰশংসনীয় । অসমৰ চলচ্চিত্ৰ, সংগীত তথা সাহিত্য জগতৰ মহান মনিষী শিৱ প্ৰসাদ ঠাকুৰ, ভৱেন্দ্ৰ নাথ শইকীয়া, উপেন কাকতি, মাণিক বৰা, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, বিদ্যা ৰাও, নিপন গোস্বামী, যতীন বৰা, জুবিন গাৰ্গ, ব্ৰজেন বৰুৱা, জৰ্জ বেকাৰ, মঞ্জুলা বৰুৱা, মানস বৰুৱা, জয়ন্ত হাজৰিকা, ভূপেন উজীৰ, ৰবি শৰ্মা সকলোকে দেখুওৱা হৈছে ছবিখনত । তাহানিৰ দিনত মুনিন বৰুৱাই ঘূৰাই অনা অসমীয়া ছবি জগতৰ সোণালী ক্ষণক পুনৰ ২৫ বছৰ পিছত ঘূৰাই আনিছে "ভাইমন দা" ই ।
বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ জীৱন কাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমানে লাভ কৰিছে সন্মান আৰু জনপ্ৰিয়তা । জীল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে শ্যামন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই । লগতে অন্যান্য চৰিত্ৰসমূহত আছে য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম হাজৰিকা, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩৬o ৰো অধিক শিল্পী ৷
লগতে পঢ়ক : ভাইমন দাৰ পোষ্টাৰত নাছিল ফটো, আত্মীয়-বন্ধু বান্ধুৱৰ প্ৰশ্ন- ছবিখনত সঁচাকৈয়ে জুবিন গাৰ্গনে তুমি ?

