ETV Bharat / entertainment

অভিনেত্ৰী জুপিতৰা ভূঞা : মঞ্চৰ পৰা পৰ্দালৈ এক উজ্জ্বল যাত্ৰা

এটা সময়ৰ পিছৰে পৰিচালকে সদায় তেওঁ গম্ভীৰ চৰিত্ৰ ৰূপায়ন কৰাটোৱে বিচাৰিছিল ৷ কাহিনী জানিবলৈ আমাৰ সাক্ষাৎকাৰটো সম্পূৰ্ণকৈ পঢ়ক-

Jupitora Bhuyan
অভিনেত্ৰী জুপিতৰা ভূঞা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 15, 2025 at 8:38 PM IST

|

Updated : July 15, 2025 at 8:49 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ নাট্য আৰু চলচ্চিত্ৰজগতৰ এগৰাকী প্ৰতিভাশালী শিল্পী অভিনেত্ৰী জুপিতৰা ভূঞা । নিজৰ অভিনয় দক্ষতাৰ জৰিয়তে পৰ্দা আৰু মঞ্চ উভয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী জুপিতৰা ভূঞাই অভিনয়ৰ লগতে বিভিন্ন অনুষ্ঠানত ঘোষিকা হিচাপেও কাম কৰি আহিছে ।

কেৱল অসমীয়া ছবি বা মঞ্চতে নহয়, ধাৰাবাহিক জগততো অভিনেত্ৰীগৰাকীৰ আছে সুকীয়া দখল । জীৱনটো নিজৰ ধৰণে উদযাপন কৰি ভালপোৱা অভিনেত্ৰীগৰাকীৰ শৈশৱৰ পৰাই অভিনয়ৰ প্ৰতি আছিল দুৰ্বাৰ হেঁপাহ ।

অভিনেত্ৰী জুপিতৰা ভূঞাৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

ই টিভিৰ ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে জনাই তেওঁ সৰুতে কেনেকুৱা আছিল, অভিনয় তেওঁৰ মতে কি, তেওঁৰ অভিনয় যাত্ৰাৰ আৰম্ভণি কিদৰে হৈছিল ইত্যাদি বহু কথা-

অভিনেত্ৰীগৰাকীৰ শৈশৱৰ সন্দৰ্ভত কিছু কথা

গুৱাহাটীত জন্ম গ্ৰহণ কৰা জুপিতৰা ভূঞাই পিতৃৰ চাকৰিসূত্ৰে শৈশৱত অসমৰ ভিন্ন স্থানলৈ যাবলগীয়া হৈছিল । মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰা ভূঞাই পৰৱৰ্তী সময়ত টি চি স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে । সন্দিকৈ মহাবিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে জুপিতৰা ভূঞাই ।

শৈশৱ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰীগৰাকীয়ে, “সৰুৰে পৰা মাহঁতে সদায় পঢ়াৰ কথা কয় যদিও মোৰ সৰুৰে পৰা অভিনয়ৰ প্ৰতি এক বিশেষ আগ্ৰহ আছিল । আইনাখনৰ সন্মুখলৈ গৈ মাৰ মেখেলা-চাদৰযোৰ পিন্ধি অভিনয় কৰি থাকোঁ । তেনেকৈয়ে চাগে অভিনয়টো মনৰ মাজত সোমাই গ'ল ।”

শৈশৱত কেনেকুৱা আছিল অভিনেত্ৰীগৰাকী ?

অভিনেত্ৰীগৰাকীয়ে কয়, “সৰুতে মই বহুত বেছি উৎপতীয়া আছিলো । মায়ে যিটো কৈছিল মই সদায় তাৰ ওলোটাতোহে কৰিছিলোঁ । সৰুতে এবাৰ গণিতৰ পৰীক্ষাত কিবা খঙতে উত্তৰটো বহীত লিখাৰ পৰিৱৰ্তে ডেক্সত লিখি আহিছিলোঁ ।”

তেওঁ লগতে আৰু কয়, “আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছিল । গানৰ প্ৰতি মাহঁতৰ অকণমান আগ্ৰহ বেছি আছিল । সেয়ে গান শিকাবলৈ ঘৰলৈ এগৰাকী শিক্ষক আহিছিল ৷ মোৰ গানৰ প্ৰতি ইমান এটা আগ্ৰহ নাছিল বাবে হাৰমনিয়ামৰ কীবোৰ ভাঙি পেলাইছিলোঁ । অৱশ্যে সেই উৎপতীয়া স্বভাৱটো এতিয়াও আছে ।”

অভিনেত্ৰীগৰাকীৰ মতে অভিনয় কি ?

অভিনয় সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, “অভিনয় মানে এনেকুৱা নহয় যে মই অভিনয় কৰিম বা শিকিম । আমি আচলতে দৈনন্দিন জীৱনত যিবোৰ কৰি আছো সেইবোৰেই অভিনয় ।”

অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল জুপিতৰাৰ ?

“দূৰদৰ্শনৰ এখন কমিছন প্ৰগেম 'ৰামধেনু'ৰ জৰিয়তে মোৰ অভিনয়ৰ এই যাত্ৰা আৰম্ভ হৈছিল । তেনেদৰে আজি ২৪-২৫ বছৰ ধৰি অভিনয় কৰি আছোঁ । ইফালে ডিগ্ৰী পঢ়ি থাকোতে মই প্ৰথম ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছলোঁ । মোৰ প্ৰথম ছবিখন আছিল 'চক্ৰবেহু' । তাৰ পাছত 'হিয়াৰ দাপোণত তোমাৰে ছবি', 'তোমাৰ খবৰ', 'তুমি যদি কোৱা', 'অজেয়', 'অথেলো' আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিলোঁ ।”

লগতে তেওঁ কয়, “হিয়াৰ দাপোনত তোমাৰে ছবিৰ পাছত মোৰ অলপমান বিৰতি পৰিছিল । সেই সময়খিনি VCD ৰ সময় আছিল । বাগানিয়া কেইবাখনো VCD কৰিলো । তাৰ পাছত থিয়েটাৰলৈ গ’লো । থিয়েটাৰৰ পৰা অহাৰ পাছত আৰু ভাল ভাল কিছুমান কাম কৰিবলৈ সুযোগ পালোঁ ।”

ভ্ৰাম্যমাণৰ যাত্ৰাৰ সন্দৰ্ভত কিছু আভাস

ভ্ৰাম্যমাণৰ যাত্ৰা সন্দৰ্ভত তেওঁ কয়, “ভ্ৰাম্যমাণলৈ মোক প্ৰথমে যতীন বৰাই লৈ গৈছিল । কহিনুৰ থিয়েটাৰৰ যোগেদি প্ৰথম মই ভ্ৰাম্যমাণত খোজ পেলাইছিলোঁ । তাৰ পাছত ৮ বছৰ মই ভ্ৰাম্যমাণলৈ যোৱা নাছিলো । সেই সময়খিনি কেইবাখনো ধাৰাবাহিকৰ কাম কৰিলোঁ । ২০১৬ চনত মই পুনৰ ভ্ৰাম্যমাণলৈ গ’লো । ২০১৬ চনৰ পৰা লকডাউনলৈ ভ্ৰাম্যমাণত আছিলোঁ ।”

মাজতে নোহোৱা হৈ গৈছিল নেকি জুপিতৰা ভূঞা !

“বহুতে মোক কয় মই নোহোৱা হৈ গৈছিলোঁ । আচলতে মই নোহোৱা হৈ যোৱা নাই, মই থিয়েটাৰলৈ গৈছিলোঁ । মই আচলতে বহু কম আৰু নিৰ্বাচিত কাম কৰোঁ । কিন্তু দৰ্শকৰ মৰমখিনিয়েই জীৱন বুলি ক’ব পাৰি, সেই মৰমখিনি লৈয়ে আচলতে আমি জীয়াই থাকো ।”

উল্লেখ্য যে, ছবি বা মঞ্চ অভিনয়ৰ লগতে ধাৰাবাহিক জগততো অভিনেত্ৰীগৰাকীৰ আছে সুকীয়া দখল । প্ৰায় ১০ খনৰো অধিক ধাৰাবাহিকত অভিনয় কৰা জুপিতৰাৰ এখন জনপ্রিয় ধাৰাবাহিক হৈছে ‘প্ৰতিজ্ঞা’, যিখনৰ কাহিনী আৰু চৰিত্ৰ আজিও মানুহৰ মন মগজুত সোমাই আছে । বৰ্তমান অভিনেত্ৰীগৰাকীয়ে দূৰদৰ্শনৰ এটা অনুষ্ঠানৰ ঘোষিকা হিচাপে কাম কৰি আছে ।

লগতে পঢ়ক : ভাইমন দাৰ পোষ্টাৰত নাছিল ফটো, আত্মীয়-বন্ধু বান্ধুৱৰ প্ৰশ্ন- ছবিখনত সঁচাকৈয়ে জুবিন গাৰ্গনে তুমি ?

Last Updated : July 15, 2025 at 8:49 PM IST