ETV Bharat / entertainment

অৰ্জুনৰ জন্মদিনৰ পাৰ্টীলৈ নগ’ল মালাইকা ! - malaika arjun breakup

Malaika Arjun breakup: জন্মদিনৰ বিশষ দিনটোত অৰ্জুনক ৰাজহুৱাকৈ শুভেচ্ছা বাৰ্তা নিদিলে মালাইকাই, বৰঞ্চ দিলে বিশ্বাসৰ ওপৰত এটা পোষ্ট !

Absent From Arjun Kapoor's Birthday Party Amid Breakup Rumours, Malaika Arora Shares Cryptic Note On Trust
মালাইকা অৰোৰা-অৰ্জুন কাপুৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 26, 2024 at 3:47 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 26 জুন : ব্ৰেকআপৰ উৰাবাতৰিৰ মাজতে অৰ্জুন কাপুৰৰ জন্মদিনৰ পাৰ্টীত দেখা পোৱা নগ’ল মালাইকা অৰোৰাক ৷ ৰাজহুৱাকৈ শুভেচ্ছা জনোৱাৰ সলনি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে বিশ্বাস সম্বন্ধীয় এটা টোকা ৷

অভিনেত্ৰী মালাইকা আৰোৰাৰ কাণ্ডই অধিক ইন্ধন যোগাইছে অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ বিচ্ছেদৰ বাতৰিত ৷ অৰ্জুনৰ ৩৯ সংখ্যক জন্মদিনত বিশ্বাসৰ বিষয়ে এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ সম্পৰ্কৰ স্থিতি সম্পৰ্কে কৌতূহল সৃষ্টি কৰে মালাইকাই ৷

বুধবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীজত মালাইকাই এটা পোষ্ট শ্বেয়াৰ কৰে য’ত লিখা আছে, “মই এনেকুৱা মানুহক ভাল পাওঁ যিসকলক মই চকু মুদি আৰু মোৰ পিঠি ঘূৰাই বিশ্বাস কৰিব পাৰো ।” পোষ্টটোত কাকো উল্লেখ কৰা হোৱা নাই ৷ এতিয়া অনুৰাগীসকলে ইয়াৰ অৰ্থ বিশ্লেষণ কৰিবলৈ বাধ্য হৈছে ।

Absent From Arjun Kapoor's Birthday Party Amid Breakup Rumours, Malaika Arora Shares Cryptic Note On Trust
ইনষ্টাগ্ৰাম ষ্ট’ৰী (Malaika Arora instagram story)

ৰাজহুৱাভাৱে জন্মদিনৰ শুভেচ্ছা দিয়াৰ বিপৰীতে এনে ধৰণৰ পোষ্ট দিয়াৰ বাবে পৃথক হোৱাৰ বাতৰি সঁচা বুলি ভাবিবলৈ বাধ্য হৈছে সকলো ৷ পূৰ্বতে তেওঁলোকে ৰাজহুৱা স্থানতো ইজনে সিজনৰ প্ৰতি মৰম আদৰ প্ৰকাশ কৰিছিল ৷ এতিয়া বিপৰীত দৃশ্যই সকলোকে ভবাই তুলিছে ৷ ২০১৯ চনত এই প্ৰেমিকযুগলে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল ৷

প্ৰেমিকযুগলৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, "তেওঁলোকে সঁচাকৈয়ে পৃথকে থকাটো বাছি লৈছে যদিও ইজনে সিজনৰ প্ৰতি গভীৰ সন্মান বজাই ৰাখিছে । মালাইকা আৰু অৰ্জুনৰ মাজত আছিল এক অতি বিশেষ সম্পৰ্ক আৰু সদায়ে দুয়োৱে দুয়োৰে হৃদয়ত এক বিশেষ স্থান দখল কৰি থাকিব । তেওঁলোকে বিচ্ছেদ বাছি লৈছে আৰু এই বিষয়ত মৰ্যাদাপূৰ্ণ মৌনতা বজাই ৰাখিব ৷ তেওঁলোকে কাকো নিজৰ সম্পৰ্ক সন্দৰ্ভত একো ক’বলৈ নিদিয়ে ৷"

মালাইকাৰ মেনেজাৰে পিচত নিশ্চিত কৰিছে যে দুয়ো এতিয়াও একেলগে আছে, কিন্তু অৰ্জুন বা মালাইকাই এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক বিবৃতি নিদিয়াৰ বাবেই ৰহস্য বাঢ়ি গৈ আছে ।

লগতে পঢ়ক : অৰ্জুন-মালাইকাৰ ব্ৰেকআপৰ খবৰত ফুলষ্টপ লগালে ফাৰাহ খানে, ভিডিঅ’ শ্বেয়াৰ কৰি দিলে প্ৰমাণ