ETV Bharat / business

এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ দ্বিতীয় দিনাও দীঘলীয়া শাৰীত বিনিয়োগকাৰী

অন্তিম দিনা বিভিন্ন বিষয়ত কেইবাখনো অধিৱেশন অনুষ্ঠিত হৈছে । এই সন্মিলনৰ মাজতে বহুকেইটা উদ্যোগ-প্ৰতিষ্ঠান তথা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ।

ADVANTAGE ASSAM 2
দীঘলীয়া শাৰীত বিনিয়োগকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 26, 2025 at 10:01 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ সন্মিলনত বুধবাৰে দ্বিতীয় দিনাও বহু উদ্যোগ-প্ৰতিষ্ঠান তথা কোম্পানীয়ে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি কৰে । পুৱাৰে পৰা আৰম্ভ হয় চুক্তি স্বাক্ষৰৰ এই প্ৰক্ৰিয়া ।

সমান্তৰালভাৱে আজি অন্তিম দিনা বিভিন্ন বিষয়ত কেইবাখনো অধিৱেশন অনুষ্ঠিত হয় । এই সন্মিলনৰ মাজতে বহুকেইটা উদ্যোগ-প্ৰতিষ্ঠান তথা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । ইফালে এডভাণ্টেজ আছামত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগে বৃহৎ বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে । বিশেষকৈ আন্তঃগাঁথনিৰ ক্ষেত্রত অসমে কেইবাটাও উল্লেখযোগ্য বিনিয়োগ লাভ কৰিছে । ইয়াৰ ভিতৰত আগন্তুক ৫ বছৰত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ অধীনত ৪,৮০০ কোটি টকা ব্যয়সাপেক্ষে অসমত এটি সামুদ্ৰিক উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ আজি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ADVANTAGE ASSAM 2
এডভাণ্টেজ আছাম ২.০ (ETV Bharat Assam)

সেইদৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলী অধিৱেশনত অংশগ্ৰহণ কৰি আন্তঃগাঁথনিৰ ক্ষেত্রত ৫৫ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ কথা সদৰী কৰে । ইয়াৰে বহুকেইটা প্ৰকল্প ইতিমধ্যে ঘোষণা কৰা হৈছে ।

ইফালে আজি এডভাণ্টেজ আছাম ২.০ ৰ দ্বিতীয় দিনটোত ষ্টাৰ চিমেণ্টে ৩,২০০ কোটিৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । সেইদৰে মেথিছন হাইড্ৰ’জেনেও অসম চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে । প্ৰতিষ্ঠানটোৱে অসমত বিনিয়োগ কৰিব ১,৫০০ কোটি টকা । সেইদৰে মেদান্তাই ৫০০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

ADVANTAGE ASSAM 2
এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ দ্বিতীয় দিন (ETV Bharat Assam)

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিব তামাৰাই । এই হোটেল ব্যৱসায়ী প্ৰতিষ্ঠানে ইয়াৰ বাবে বিনিয়োগ কৰিব ২৭৫ কোটি টকা । সেইদৰে বিৰিঞ্চি লিমিটেডে অসমত বিনিয়োগ কৰিব ৩০০০ কোটি টকা । তাৰোপৰি বিৰিঞ্চি হেল্থকেয়াৰে বিনিয়োগ কৰিব ২০০ কোটি টকা । বিৰিঞ্চি হেল্থকেয়াৰে অসমত নিৰ্মাণ কৰিব এখন ৫০০ বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল । লগতে অসমৰ ভিতৰুৱা জনজাতীয় অঞ্চলত নিৰ্মাণ কৰিব দুখন হাস্পতাল ।

আলট্ৰাটেক চিমেণ্টে অসমত ৭০০ কোটি টকা বিনিয়োগ কৰিব । চিম্বা লজিষ্টিকছে বিনিয়োগ কৰিব ৪০০ কোটি টকা আৰু ইয়াৰ বাবে বুজাবুজিৰ চুক্তি কৰে । য়ুৱান ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেডে ১৪৪ কোটি আৰু চেৰামিকছ লিমিটেডে ১২০ কোটি টকা বিনিয়োগ কৰাৰ বাবে বুজাবুজিৰ চুক্তি কৰে । বেইলী ষ্ট্ৰং চিমেণ্টে ৪৮০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

ADVANTAGE ASSAM 2
বিনিয়োগকাৰীৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

সেইদৰে ভেলী চিমেণ্টে ৪৮০ কোটি টকা, আশাচা ইণ্টাৰনেচনেল মাইনিং লিমিটেডে এহাজাৰ কোটি টকা, মেথেছন হাইড্ৰ'জেন এক্সপেৰিয়েঞ্চ লিমিটেডে ১,৫০০ কোটি টকা, নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্রিক পাৱাৰ কৰ্প'ৰেচন লিমিটেডে ২,৪০০ কোটি টকা, জুন্না ছ’লাৰ ছিষ্টেম লিমিটেডে ২,৫০০ কোটি টকা, টোয়া কনষ্ট্রাকচন এণ্ড ইঞ্জিনীয়াৰিং লিমিটেডে ১,০০০ কোটি টকা, অইল মেক্স এনার্জী প্রাইভেট লিমিটেডে ৪০০ কোটি টকা, বৰুণ বেভাৰেজেছে ৫১০ কোটি টকা, চেঞ্চুৰিয়ন ইউনিভাৰ্ছিটীয়ে ৭০০ কোটি টকা, ক’পা প্লাছে ১,০০০ কোটি টকা, কোঠাৰি ইণ্ডাষ্ট্রীজে ৫০০ কোটি টকা, নর্থ ইষ্টার্ণ ক’ল ফিল্ড লিমিটেডে ২,৪০০ কোটি টকা, ৰেপোনো লিমিটেডে ৩৩৫ কোটি টকা, ৰঘুবংশী প্রাইভেট লিমিটেডে ২০০ কোটি টকা বিনিয়োগ কৰাৰ বাবে বুজাবুজিৰ চুক্তি কৰে ।

ADVANTAGE ASSAM 2
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বুজাবুজিৰ চুক্তি কৰা বিনিয়োগকাৰীৰ তালিকাখন যথেষ্ট দীঘলীয়া । ইফালে এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথমদিনা বৃহৎ পৰিমাণৰ আৰু অভিলেখসংখ্যক চুক্তি স্বাক্ষৰিত হয় । অৱশ্যে আনুষ্ঠানিকভাৱে অসম চৰকাৰে এতিয়ালৈকে কিমান বিনিয়োগ লাভ কৰিছে সেয়া স্পষ্টকৈ ঘোষণা কৰা নাই । ইফালে ৰাজ্যজুৰি জিলা পৰ্যায়তো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে ।

লগতে পঢ়ক: পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ