ETV Bharat / bharat

বৃক্ষৰোপণ অভিযান: চেনাব উপত্যকা সেউজীয়া হোৱাৰ আঁৰত থকা মানুহজন

গোটেই জীৱন বৃক্ষৰোপণৰ নামত উছৰ্গা । হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰি চেনাব উপত্যকাক নাৰ্ছাৰীলৈ ৰূপান্তৰিত কৰিছে । এইগৰাকী পৰিৱেশবিদ কোন ?

Chinar trees in Kashmir
কাশ্মীৰৰ চিনাৰ গছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 3:27 PM IST

4 Min Read
Choose ETV Bharat

জম্মু: আজি ৫ জুন । বিশ্ববাসীয়ে উদযাপন কৰিছে বিশ্ব পৰিৱেশ দিৱস । তাৰ মাজতে চৰ্চালৈ আহিছে জম্মুৰ ডোডাৰ এগৰাকী শিক্ষাবিদ । যিয়ে গোটেই জীৱন কেৱল বৃক্ষৰোপণৰ জৰিয়তে প্ৰকৃতিক এক নতুন জীৱন দিবলৈ চেষ্টা কৰিছে । চৰকাৰী ডিগ্ৰী কলেজ ডোডাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জম্মুৰ ক্লাষ্টাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক চৈয়দ জাহিৰ আব্বাছ হাছমীয়ে চেনাব উপত্যকাত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰি অঞ্চলটোৰ পৰিৱেশ সলনি কৰিছে ।

হাছমীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় কৃতিত্ব হৈছে চেনাব উপত্যকাৰ চাৰিওফালে ৰোপণ কৰা চিনাৰ গছ । শিক্ষাবিদগৰাকীৰ বৃক্ষৰোপণ অভিযানৰ প্ৰমাণ হিচাপে শ শ গছ এতিয়া উপত্যকাটোত ভৰি আছে । ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত অধ্যাপক হাছমীয়ে কয় যে তেওঁৰ শৈশৱৰ পৰাই পৰিৱেশ সুৰক্ষাৰ প্ৰতি আগ্ৰহ আছিল আৰু যি ধৰণেৰে সম্ভৱ তেওঁ এই ক্ষেত্ৰত অৰিহণা যোগাইছিল ।

World Environment Day
সহযোগীৰ সৈতে গছপুলি ৰোপণ অধ্যাপক চৈয়দ জাহিৰ আব্বাছ হাছমীৰ (ANI)

অধ্যাপক হাছমীয়ে স্মৃতি সুঁৱৰি কয়, "২০০৮ চনত মই জিলা সদৰ ডোডাৰ পৰা কেইকিলোমিটাৰমান দূৰৈত মোৰ গাঁও ঘাটৰ ওচৰৰ মোৰ ব্যক্তিগত ভূমিত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ । য'ত মই জলফাই গছ ৰোপণ কৰিছিলোঁ । প্ৰায় ২০ৰ পৰা ২৫ কানাল ভূমিত জলফাইৰ গছ আৰু অন্যান্য ফলৰ গছপুলি ৰোপণ কৰিছিলো যিবোৰ এতিয়া ডাঙৰ হৈছে ।" কিন্তু শিক্ষাবিদগৰাকীৰ আটাইতকৈ ডাঙৰ সাফল্য আছিল কাশ্মীৰ উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা পথৰ দাঁতিৰ পৰা আনি চিনাৰৰ গছ গোটেই চেনাব উপত্যকাত ৰোপণ কৰা ।

তেওঁ কয়, "যোৱা বছৰবোৰত কাশ্মীৰ উপত্যকাৰ পৰা প্ৰায় ৩০০০ৰ পৰা ৩৫০০ চিনাৰ গছপুলি অতি সাৱধানেৰে অনা হৈছিল আৰু যিহেতু এই গছপুলিবোৰৰ জীয়াই থকাৰ হাৰ মাত্ৰ প্ৰায় ২০ শতাংশ কিন্তু সৰ্বশক্তিমান আল্লাহৰ কৃপা আৰু তীব্ৰ প্ৰচেষ্টাত ইতিমধ্যে ১০০০ৰো অধিক চিনাৰ পুলিবোৰ গছলৈ ৰূপান্তৰিত হৈছে আৰু কম সংখ্যক অতি ওখ হৈছে ।"

জন্মস্থান ঘাটৰ পৰা ডোডা চহৰলৈকে ৫ কিলোমিটাৰ পথৰ দাঁতিত তেওঁ চিনাৰ গছবোৰ ৰোপণ কৰিছে য'ত কেইবাজোপা চিনাৰ গছ ওখ হৈছে । চৰকাৰী ডিগ্ৰী কলেজ ডোডাৰ অধ্যাপক তথা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত হাছমীয়ে উৰ্বৰ ভূমিখনক নাৰ্চাৰীলৈ ৰূপান্তৰিত কৰাৰ অভিযানৰ নেতৃত্ব দিছিল আৰু ইয়াৰ উপৰিও কলেজ চৌহদত চিনাৰ গছ, দেৱদাৰুকে ধৰি বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছে । তেওঁ আন বহু অঞ্চলত দেৱদাৰু আৰু অন্যান্য গছপুলি ৰোপণ কৰিছে যিবোৰ দ মাটি আছিল ।

তেওঁ কয়, "মই যেতিয়া চৰকাৰী ডিগ্ৰী কলেজ ভাদেৰৱাহলৈ অধ্যক্ষ হিচাপে বদলি হৈছিলো তেতিয়া পুল ডোডাৰ পৰা ভাদেৰৱাহলৈকে ৩০ কিলোমিটাৰৰ গোটেই পথটোৰ লগতে কলেজ চৌহদৰ ভিতৰতো গছপুলি ৰোপণ কৰিছিলোঁ । তদুপৰি চেনাব উপত্যকাৰ কিষ্টৱাৰ, ভালেছা, থাথৰী আদি অঞ্চলত শ শ চিনাৰ আৰু অন্যান্য গছপুলি ৰোপণ কৰা হৈছে আৰু ইয়াৰে বহুকেইজোপা ডাঙৰ হৈছে । যিয়েই নহওঁক ডোডা আৰু কিষ্টৱাৰ জিলাৰ যিকোনো স্থানতে নতুন চিনাৰ গছ পোৱা যায়, ইয়াৰে বেছিভাগেই মই ক্ৰয় কৰি আনি ৰোপণ কৰিছিলোঁ ।"

ইমান বছৰে এই গছবোৰক সুৰক্ষা দিয়া আৰু প্ৰয়োজনীয় সাৰ-পানী দিয়া তেওঁৰ বাবে সহজ নাছিল আৰু ক'ৰ পৰাও কোনো ধৰণৰ আৰ্থিক সহায় নোপোৱাকৈয়ে তেওঁ পকেটৰ ধন খৰচ কৰি এই গছবোৰ ক্ৰয়, পৰিবহণ, ৰোপণ, চোৱাচিতা আৰু বেৰ দিছিল । গৰমৰ দিনত আৰু শুকান বতৰত অধ্যাপক হাছমীয়ে নিজৰ বাহনৰ ভিতৰত পানীভৰ্তি গেলন ৰাখে আৰু গছপুলিবোৰত স্প্ৰে কৰে ।

তেওঁৰ ইমান প্ৰচেষ্টাৰ পাছতো বন বিভাগ বা আন কোনো বিভাগকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিশেষ সমৰ্থন পোৱা নাই ।

হাছমীয়ে লগতে কয়, "বিশ্ব পৰিৱেশ দিৱসৰ এদিন পূৰ্বে ডোডা চহৰৰ সমীপত এজোপা ডাঙৰ চিনাৰ গছ জুইত জ্বলি থকা দেখি দুখ পাইছোঁ । এখন বাহনে চহৰখনৰ পৰা আৱৰ্জনা আনি গছজোপাৰ ওচৰত পেলাই দিছিল আৰু জুই লগাই দিছিল । সেই সময়তে মই উক্ত স্থানত উপস্থিত হৈছিলোঁ । ইতিমধ্যে বাহনখনৰ চালকৰ বিৰুদ্ধে মই আৰক্ষীৰ ওচৰত এজাহাৰ দিছো । কিন্তু সেই লোকজনৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নাভাবো ।"

লগতে পঢ়ক :বিশ্ব পৰিবেশ দিৱস 2025: এই সাধাৰণ পদ্ধতিবোৰ অনুসৰণৰ জৰিয়তেও আপুনি অৰিহণা যোগাব পাৰে সুস্থ পৰিৱেশ গঠনত - ACTIONS FOR A HEALTHY PLANET