ETV Bharat / bharat

এখন গাঁও, য'ত বিচ্ছেদ হৈছে সম্পৰ্ক, অবিবাহিত যুৱক-যুৱতীসকল; কিয় জানেনে ? - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 2:01 PM IST

Updated : May 7, 2024, 2:21 PM IST

Lok sabha election 2024 : দেশৰ 10 খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি 94 টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ মধ্যপ্ৰদেশৰ এখন গাঁৱত মাত্ৰ এটা ভোট দিয়েই এখন গাঁৱৰ লোকে ভোট বৰ্জন কৰে ৷ গাঁওবাসীৰ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ শুনিলে আপুনিও আচৰিত হ’ব...

Lok sabha election 2024
এখন গাঁও য'ত বিচ্ছেদ হৈছে সম্পৰ্ক, অবিবাহিত হৈ যুৱক-যুৱতীসকল: কাৰণ জানিলে আপুনিও হ’ব আচৰিত (ETV BHARAT)
এখন গাঁও, য'ত বিচ্ছেদ হৈছে সম্পৰ্ক, অবিবাহিত হৈ যুৱক-যুৱতীসকল: কিয় জানেনে ? (ETV BHARAT)

নেশ্যনেল ডেস্ক, 7 মে’ : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মধ্য প্ৰদেশৰ 9 খন আসনত ভোটগ্ৰহণ আৰম্ভ হয় । পুৱা ৯ বজালৈকে মধ্য প্ৰদেশত প্ৰায় 14 শতাংশ ভোটদান সম্পন্ন হয় । প্ৰচণ্ড গৰমকো আওকান কৰি ভোটদান কৰিবলৈ ৰাইজ ওলাই অহা দেখা যায় ৷

অৱশ্যে পুৱা 9 বজাৰ পৰা ভোটকেন্দ্ৰসমূহত ভোটদানৰ হাৰ সামান্য হ্ৰাস পায় । একে সময়তে, সাগৰ লোকসভা আসনত পুৱা 9 বজালৈকে প্ৰায় 15 শতাংশ ভোটদান নথিভুক্ত কৰা হৈছিল । সাগৰ লোকসভা আসনৰ বিদিশা জিলাত বহুতো গাঁও আছে । শামছাবাদৰ লগতে, চিৰঞ্জ বিধানসভা আসনৰ বহুতো গাঁও সাগৰ লোকসভা আসনত অন্তৰ্ভুক্ত হৈ আছে ৷ যদিও দুয়োটা সমষ্টিৰ গাঁওসমূহত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ আৰম্ভ হৈছিল, কিন্তু শামছাবাদ অঞ্চলৰ এখন গাঁৱত গঞাই ভোট বৰ্জন কৰা পৰিলক্ষিত হয় ৷

মাত্ৰ এটা ভোট দিয়েই বৰ্জন কৰিছিল ভোট :

শামছাবাদ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধাড়ন গাঁৱত, গাঁওবাসীয়ে ভোটদান বৰ্জন কৰে । পুৱা কেৱল এজন ব্যক্তিয়ে ভোট দিয়াৰ পিচতেই গাঁওবাসীয়ে ভোট দিবলৈ অস্বীকাৰ কৰে । ভোট বৰ্জনৰ তথ্য পোৱাৰ লগে লগে এটা দল গাঁওখনত উপস্থিত হয় আৰু গাঁওবাসীক ভোট দিবলৈ আহ্বাৱ কৰে যদিও গাঁওবাসীয়ে ভোট দিবলৈ অস্বীকাৰ কৰে ।

গাঁওখনৰ লোকসকলে অভিযোগ কৰি কয়, "গাঁওখনত ইয়াত প্ৰাথমিক সুবিধাৰ অভাৱৰ বাবে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । গাঁওখনত কোনো ৰাস্তা-ঘাট নাই, পানী নাই আৰু বিদ্যুতো নাই । গাঁওখনৰ এই সমস্যাবোৰৰ বাবে, যুৱক-যুৱতীসকলে বিয়া পাতিব নোৱাৰে । আনকি কাৰোবাৰ বিয়া হ’লেও কেইদিনমানৰ পিচত বিয়া ভাঙি যায় । গাঁওখনত পানীৰ সংকটে ভয়াবহ ৰূপ লৈছে ৷"

গাঁওখনৰ বহু সংখ্যক যুৱক অবিবাহিত

গাওঁবাসীয়ে কয়, "গাঁওখনৰ বহু সংখ্যক যুৱক অবিবাহিত । কাৰণ কোনো লোকে সম্পৰ্ক কৰিলেও গাঁওখনৰ পানীৰ সমস্যাৰ বাবে সম্পৰ্কৰ বিচ্ছেদ হয় ৷ এতিয়ালৈ কোনো দলৰ নেতাইও গাঁওখনৰ মৌলিক সমস্যাবোৰৰ প্ৰতি কোনো মনোযোগ দিয়া নাই। নেতাসকল কেৱল নিৰ্বাচনৰ সময়তহে ইয়ালৈ আহে তাৰ পিচত প্ৰতিশ্ৰুতি পাহৰি যায় ।

ইতিমধ্যে এই মৌলিক সমস্যাসমূহৰ সম্পৰ্কে জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিসকলক বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল, কিন্তু কোনেওএই কথাক গুৰুত্ব নিদিলে । গতিকে গাঁওবাসীয়ে সিদ্ধান্ত লৈছে যে, আমি ভোটদান বৰ্জন কৰিম ৷"

গাঁওবাসীয়ে লগতে কয় যে, নিৰ্বাচনৰ পূৰ্বেই আমি সতৰ্ক কৰি দিছিলো যে ভোটদান বৰ্জন কৰা হ'ব ।

বিষয়াসকলে বৰ্জনৰ জাননীত উত্তেজিত হৈছিল:

গঞাই ভোট বৰ্জনৰ তথ্য লাভ কৰাৰ লগে লগে আয়ুক্ত বুদ্ধেশ কুমাৰ বৈদ্যৰ লগতে এছ পি দীপক কুমাৰ শুক্লাই গাঁওখন পৰিদৰ্শন কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ আয়ুক্তগৰাকীয়ে নিৰ্বাচনী দায়িত্বত থকা দলটোক কয়, "গাঁওবাসীৰ ওচৰলৈ যাওক আৰু বুজাওক যে তেওঁলোকে দায়িত্বশীল নাগৰিক হিচাপে ভোট দিব লাগে । তেওঁলোকৰ সকলো সমস্যাই নিৰ্বাচনী আচৰণ বিধি উঠাই লোৱাৰ পিচত সমাধান কৰা হ'ব ৷"

লগতে পঢ়ক: সীমান্ত পথ সংস্থাৰ প্ৰতিষ্ঠা দিৱস: উত্তৰ আৰু উত্তৰ-পূব ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত ইয়াৰ ভূমিকা - BRO Raising Day 2024

Last Updated : May 7, 2024, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.