ETV Bharat / bharat

পাক সেনাৰ গোলাবর্ষণত জম্মু-কাশ্মীৰত নিহত ৭, আহত ৩৮: ভাৰতীয় সেনাৰো যোগ্য প্ৰত্যুত্তৰ

মঙলবাৰে মাজনিশাৰ গুলীবৰ্ষণত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পুঞ্চ জিলা । নিহত আটাইকেইজন লোক এই জিলাখনৰে ।

Pak attack in Jammu Kashmir
জম্মুত সষ্টম নিৰাপত্তা বাহিনী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 7, 2025 at 1:14 PM IST

4 Min Read
Choose ETV Bharat

শ্ৰীনগৰ/জম্মু: ভাৰতীয় সেনাৰ সেন্দূৰ অভিযানৰ মাজতে পাকিস্তান সেনায়ো মঙলবাৰে মাজনিশা জম্মু-কাশ্মীৰত অতৰ্কিতে আক্ৰমণ চলায় । জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে পাকিস্তানৰ সামৰিক বাহিনীয়ে চলোৱা প্ৰচণ্ড গুলীবৰ্ষণত এগৰাকী মহিলা আৰু দুটি শিশুসহ ৭ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ৩৮ জন লোক আহত হয় । বুধবাৰে প্ৰতিৰক্ষা সূত্ৰই এই কথা জানিবলৈ দিয়ে ।

ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা সন্ত্ৰাসবাদী লক্ষ্যত মিছাইল আক্ৰমণ কৰাৰ পিছত পাকিস্তানী বাহিনীয়ে যুদ্ধবিৰতি চুক্তি উলংঘন কৰে । আনহাতে, এই সন্দৰ্ভত ভাৰতীয় সেনাই কয় যে তেওঁলোকেও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে ।

এই গুলীবৰ্ষণত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পুঞ্চ জিলা । নিহত আটাইকেইজন লোক এই জিলাখনৰে । ইয়াৰ উপৰি আন ২৫ জন লোক আহত হোৱা বুলি সেনা সূত্ৰত প্ৰকাশ । আনহাতে, বাৰামুলা জিলাৰ উৰি ছেক্টৰত দহজন লোক আৰু ৰাজৌৰী জিলাত আন তিনিজন লোক আহত হয় বুলি সূত্ৰত প্ৰকাশ ।

সূত্ৰটোৱে জনোৱা মতে, মঙলবাৰে মাজনিশা পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ বিপৰীতে থকা এল অ' চি আৰু আই বিৰ চকীসমূহৰ পৰা আৰ্টিলাৰী শ্বেলকে ধৰি যথেষ্ট পৰিমাণে গুলীবৰ্ষণ কৰে ।

ইফালে কৰ্তৃপক্ষই জম্মু অঞ্চলৰ পাঁচখন সীমান্ত জিলাৰ সকলো শিক্ষানুষ্ঠান বুধবাৰে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে । "বিদ্যমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জম্মু, চাম্বা, কাঠুৱা, ৰাজৌৰী আৰু পুঞ্চৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠান আজি বন্ধ থাকিব ।" বিভাগীয় আয়ুক্ত ৰমেশ কুমাৰে X-ত কয় ।

আনহাতে, মানকোটৰ উপৰি জম্মু অঞ্চলৰ ৰাজৌৰী জিলাৰ পুঞ্চ, লাম, মাঞ্জাকোট আৰু গাম্বীৰ ব্ৰহ্মা আৰু উত্তৰ কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুলা জিলাৰ কাৰ্ণা আৰু উৰি ছেক্টৰত কৃষ্ণা ঘাটি আৰু শ্বাহপুৰ ছেক্টৰত সীমান্তৰ ওপৰৰ পৰা প্ৰচণ্ড গুলীবৰ্ষণৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে, সীমান্ত পহৰাত নিয়োজিত ভাৰতীয় নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰতিশোধ লয় আৰু শেহতীয়া খবৰ পোৱাৰ সময়লৈ দুয়োপক্ষৰ মাজত সীমান্তৰ দুয়োপাৰৰ পৰা তীব্ৰ গুলীয়াগুলী চলি আছে । বিষয়াসকলে লগতে কয় যে পাকিস্তানৰ গুলীবৰ্ষণৰ বাবে জনসাধাৰণে ভূগৰ্ভস্থ বাংকাৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ।

উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত জম্মু-কাশ্মীৰৰ সীমান্তত পাক সেনাৰ অপ্ৰৰোচিত গুলীচালনাৰ এইটো একেৰাহে ত্ৰয়োদশ নিশা আছিল ।

আনহাতে, এই ভয়ংকৰ গণহত্যাৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মঙলবাৰে মাজনিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা সন্ত্ৰাসবাদী লক্ষ্যত মিছাইল আক্ৰমণ চলাইছিল । ইয়াৰ ভিতৰত আছে বাহাৱালপুৰ, যিখন ঠাই জৈশ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ এক মুখ্য ঘাটি । ভাৰতীয় সেনাই নিশা ১.৪৪ বজাত প্ৰকাশ কৰা এক বিবৃতিত কয় যে এই সামৰিক আক্ৰমণসমূহ 'অপাৰেশ্যন সিন্দুৰ'ৰ অধীনত কৰা হৈছিল ।

"পুঞ্চ-ৰাজৌৰী অঞ্চলৰ ভীম্বাৰ গালিত আৰ্টিলাৰী গুলীচালনা কৰি পাকিস্তানে পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে । ভাৰতীয় সেনাই যথোপযুক্ত সঁহাৰি দি আছে ।" ভাৰতীয় সেনাৰ অতিৰিক্ত ৰাজহুৱা তথ্য সঞ্চালকালয়ে (এ ডি জি পি আই) X-ত লিখিছে । উল্লেখ্য যে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি চুক্তি নৱীকৰণ কৰাৰ পিছত এল অ' চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি চুক্তি উলংঘন অতি বিৰল ।

কিন্তু পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰাৰ কেইঘণ্টামানৰ পিছতে ২৪ এপ্ৰিলৰ নিশাৰ পৰা পাকিস্তানী সেনাই কাশ্মীৰ উপত্যকাৰ পৰা আৰম্ভ কৰি জম্মু-কাশ্মীৰৰ এল অ' চিৰ বিভিন্ন স্থানত অপ্ৰৰোচিত গুলীবৰ্ষণ কৰি আহিছে ।

আৰম্ভণিতে উত্তৰ কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুলা জিলাৰ এল অ' চিৰ কেইবাটাও চকীত অপ্ৰৰোচিতভাৱে লঘু অস্ত্ৰ-শস্ত্ৰৰে গুলীবৰ্ষণ আৰম্ভ কৰে । তাৰ পিছত পাকিস্তানে ইয়াৰ যুদ্ধবিৰতি চুক্তি উলংঘন দ্ৰুতগতিত পুঞ্চ খণ্ডলৈ আৰু পৰৱৰ্তী সময়ত জম্মু অঞ্চলৰ আখনুৰ ছেক্টৰলৈ সম্প্ৰসাৰিত কৰে ।

ইয়াৰ পিছত ৰাজৌৰী জিলাৰ সুন্দৰবানী আৰু নৌচেৰা ছেক্টৰৰ এল অ' চিৰ কেইবাটাও চকীত লঘু অস্ত্ৰৰে গুলীবৰ্ষণ কৰে । পৰৱৰ্তী সময়ত এই গুলীবৰ্ষণ জম্মু জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাৰ্গৱাল খণ্ডলৈ বিয়পি পৰে ।

ইফালে ৰামবান জিলাৰ পান্থিয়াল মহকুমাতো এক শক্তিশালী বিস্ফোৰণৰ শব্দ শুনা যায় । কিন্তু ইয়াৰ প্ৰকৃত কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই বুলি বিষয়াসকলে কয় ।

লগতে পঢ়ক :অপাৰেশ্যন সেন্দূৰ: পহলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ভাৰতে; PoK ৰ সন্ত্ৰাসবাদী শিবিৰত এয়াৰ ষ্ট্ৰাইক - OPERATION SINDOOR
লগতে পঢ়ক :ভাৰতীয় সেনাৰ 'অপাৰেশ্যন সেন্দূৰ'ক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়া - OPERATION SINDOOR