আৰক্ষীৰ সন্মুখতেই বিজেপি নেতাক গুলীয়ালে অৱসৰপ্ৰাপ্ত সেনা জোৱানে - RETIRED SOLDIER SHOT BJP LEADER
Firing on BJP leader: খোদ আৰক্ষীৰ সন্মুখতেই গুলীয়ালে বিজেপি নেতাক ৷ ঘটনাৰ অভিযুক্ত এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত ৷ এই ঘটনা ক’ত আৰু কিহৰ বাবে সংঘটিত হৈছে, জানিবলৈ চাওক এই প্ৰতিবেদন...

By ANI
Published : July 19, 2024 at 1:50 PM IST
নেশ্যনেল ডেস্ক, 19 জুলাই: ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ এগৰাকী যুৱ কৰ্মকৰ্তাক গুলীয়ালে অৱসৰপ্ৰাপ্ত সেনা জোৱানে ৷ শুকুৰবাৰে নিশা প্ৰায় এক বজাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানে বিজেপি কৰ্মীগৰাকীৰ সৈতে নগদ ধনক কেন্দ্ৰ কৰি লিপ্ত হৈছিল বাদ-বিবাদত ৷
এই বিবাদে চৰম পৰ্যায় পোৱাত বিষয়টো মীমাংসা কৰিবলৈ বিজেপি নেতাগৰাকীৰ ঘৰত উপস্থিত হয় স্থানীয় আৰক্ষী ৷ আৰক্ষীৰ সন্মুখতেই অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে বিজেপি কৰ্মীগৰাকীক নিজ পিষ্টলেৰে গুলীয়ায় ৷ এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিজেপি নেতাগৰাকী ৷
বিষয়টো সন্দৰ্ভত আৰক্ষী অধীক্ষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এছ পি ভদোৰিয়া নামৰ সেনাৰ অৱসৰপ্ৰাপ্ত জোৱানগৰাকীয়ে বিজেপি নেতাগৰাকীৰ সৈতে বাদানুবাদত লিপ্ত হোৱাৰ বিষয়ে জানিব পাৰি বিষয়টো মীমাংসা কৰাৰ উদ্দেশ্য বিজেপি নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ পিছে আৰক্ষীক দেখি জোৱানগৰাকীয়ে বিজেপি নেতা প্ৰকাশ যাদৱৰ ঘৰৰ পৰা ওলাই আহি বাহিৰতে ৰখাই থোৱা নিজৰ মটৰ চাইকেলৰ ফালে যায় ৷ পিছ মুহূৰ্ততে আকৌ নিজৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলটো উলিয়াই বিজেপি নেতাগৰাকীক উদ্দেশ্যি গুলীচালনা কৰে ৷ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনী চহৰত ৷
লগতে পঢ়ক: অশান্ত মণিপুৰ : কি কয় জিৰিবামৰ আৰক্ষী অধীক্ষকে - MANIPUR VIOLENCE
অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে অতৰ্কিতে কৰা এই আক্ৰমণৰ ফলত বুকুৰ সোঁ অংশত গুৰুতৰভাৱে আঘাত পাই বিজেপি নেতা প্ৰকাশ যাদৱে ৷ আৰক্ষীয়ে ততালিকে নেতাগৰাকীক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱায় ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা বিজেপি নেতাগৰাকীক বিপদমুক্ত ঘোষণা কৰিছে চিকিৎসকে ৷
অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ জ্যেষ্ঠ ভাতৃক এই কাৰ্যত কৰা সহায়ৰ বাবে ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ তাৰ বিপৰীতে এছ পি ভদোৰিয়া সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সমান্তৰালকৈ আৰক্ষীয়ে অভিযুক্তক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷

